/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/surjya-club.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : বিশিষ্ট চলচিত্ৰ পৰিচালক কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈলৈ শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা'২০২১ শনিবাৰে প্ৰদান কৰে সূৰ্য ক্লাৱে। অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে প্ৰদান কৰা এই সন্মানজনক বঁটা আগবঢ়ায় অইল ইণ্ডিয়া লিমিটেড পাইপলাইনৰ মুখ্য মহা প্ৰবন্ধক সন্দ্বীপ গোস্বামী আৰু প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামীয়ে।
মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানটোত অভিনেতা, আবৃত্তিকাৰ তপন দাসে অংশ গ্ৰহণ কৰে আৰু দুয়োগৰাকী প্ৰয়াত শিল্পীৰ সানিধ্য স্মৰণ কৰে।বঁটা গ্ৰহণ কৰি চলচিত্ৰ পৰিচালক কৃপাল কলিতাই এই সন্মানে তেওঁক অধিক উৎসাহ যোগাই যাব বুলি উল্লেখ কৰে। সাংস্কৃতিক কৰ্মী নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামী।
অভিনেত্ৰী গৰাকীয়ে কয়- ' বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী দুয়োজনেই অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ ভোটাতৰা আছিল। আমাৰে দুৰ্ভাগ্য যে দুয়োজনে আমাক অকালতে এৰি গল। ৰবিজিতা গগৈ আৰু কৃপাললৈ অনেক অভিনন্দন যাছিলোঁ। দুয়োজন নিজৰ নিজৰ প্ৰতিভাৰে আৰু উজলি উঠক । কৃপাল আৰু ৰবিজিতা নতুন প্রজন্মৰ আদৰ্শ আৰু উৎসাহ হওক।'
অভিনেত্ৰী মলয়া গোস্বামীৰ পৰা বঁটা গ্ৰহণ কৰি নাট পৰিচালক ৰবিজিতা গগৈয়ে কয়- ' এই সন্মান পোৱাৰ পিছত অনুভৱ কৰিছো দায়িত্ব আৰু বাঢ়িল। নিষ্ঠাৰে আৰু ভাল কাম কৰিব লাগিব।' এই বঁটা দুটাত আছে মানপাত্ৰ, একোটি স্মাৰক আৰু নগদ ৫০ হাজাৰকৈ টকা। উল্লেখযোগ্য যে সূৰ্য ক্লাৱে প্ৰদান কৰা এই সন্মান পূৰ্বতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুচেইন, কথাছবি পৰিচালক ৰীমা দাস, প্ৰয়াত নাট্য কৰ্মী শুক্ৰাচাৰ্য ৰাভা, সপুনজ্যোতি ঠাকুৰ, সাংবাদিক উৎপল বৰপূজাৰী, অনুৰাগ শইকীয়া আদিয়ে।