জিলমিল ডান্স এণ্ড এক্টিং ফ্ল’ৰৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

জিলমিল ডান্স এণ্ড এক্টিং ফ্ল’ৰৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

author-image
asomiyapratidin
New Update
জিলমিল ডান্স এণ্ড এক্টিং ফ্ল’ৰৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান…

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰ নামৰ বেচৰকাৰী সংস্থা এটাই যোৱা ১৩ জুলাইৰ পৰা ৭ দিনীয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন নৃত্য আৰু অভিনয় কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে । ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত জাৰাপাৰাস্থিত বকো কলেজ অফ এড্যুকেশ্যনত যোৱা ৭ দিনে ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰায় ৭০গৰাকী বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থীক নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ।

Advertisment

নৃত্য আৰু অভিনয়ৰ কৰ্মশালাত ডান্স ইণ্ডিয়া ডান্সৰ চিজন-৪ ৰ শীৰ্ষ স্থানত থকা নৃত্য শিল্পী তুলসী ৰাভা , দিল্লী বিগ ডান্স চেণ্টাৰ প্ৰশিক্ষক সঞ্জীৱ মল্লিক, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অন্যতম শাখা চিকিম পৰা ডিগ্ৰীধাৰী নাট্যকৰ্মী স্বপন দাসে প্ৰশিক্ষণ প্ৰদান কৰে । কৰ্মশালাৰ আজি সামৰণি উপলক্ষে যোৱা ৭ দিনে প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে গীত- নৃত্য পৰিবেশন কৰাৰ লগতে অভিনয় প্ৰদৰ্শন কৰি এক সুন্দৰ অনুষ্ঠান ৰাইজক উপহাৰ দিয়ে ।

আজিৰ সামৰণি অনুষ্ঠান পৰিচালনা কৰে জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰৰ অধ্যক্ষ মনোজ দাসে । সহযোগ আগবঢ়াই সংস্থাটোৰ সহকাৰী সম্পাদক লতিফ আলীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, বকো কলেজ অৱ এড্যুকেশ্যনৰ প্ৰধান সচিব ড৹ গণেশ্বৰ চহৰীয়া , অনাতাঁৰ শিল্পী প্ৰবীন কুমাৰ ৰাভা, ডাক বিভাগৰ কৰ্মচাৰী হৰমোহন ৰাভা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ দক্ষিণ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ নাথে ।

আজিৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাত নৃত্য আৰু গীত পৰিবেশন কৰাৰ লগতে ' একতাৰ জয় ' শীৰ্ষক এখন নাটক মঞ্চস্থ কৰে । অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।