ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মশালাৰ আয়োজন

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মশালাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মশালাৰ আয়োজন

ডিজিটেল সংবাদ,জামুগুৰিহাট: ৰাজ্যৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানসমূহত এতিয়া চলিছে গৰম বন্ধ । শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে জুলাই মাহৰ ১১ তাৰিখ পৰ্যন্ত বিদ্যালয়সমূহ খোলা ৰাখি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ অৰ্থে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে।

Advertisment

ইয়াৰেই অংশ হিচাপে নদুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত যোৱা ১ জুলাইৰ পৰাই অনুষ্ঠিত হৈছে জোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত , কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তিৰ লগতে নাটকৰ ১০ দিনীয়া কৰ্মশালা । বিদ্যালয়ৰ প্ৰধান শিক্ষক মিন্টু কটকীৰ তত্বাৱধানত আয়োজন হোৱা অনুষ্ঠানত সমগ্ৰ কাৰ্য সুচীৰ আত ধৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক নাৰায়ণ শৰ্মাই ।

লগতে অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক উদগণি যোগাই বিদ্যালয়ৰ শিক্ষক শ্যাম নাং সিং দৈমাৰী,দয়াল কুৰ্মী আৰু চন্দ্ৰ আমগাইয়ে । ছাত্ৰ-ছাত্ৰীয়েই প্ৰতিটো প্ৰতিযোগিতাত শিক্ষক শিক্ষয়িত্ৰীক সহযোগ আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

Also Read: মূলসুঁতিলৈ উভতিল : মুখ্যমন্ত্ৰীৰ হাতত ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ

workshop