বড়ো সকলৰ জাতীয় জীৱনৰ আপোচবিহীন সংগ্ৰামী ব্যক্তিত্ব সুভাষ বসুমতাৰীৰ দেহাৱসান

বড়ো সকলৰ জাতীয় জীৱনৰ আপোচবিহীন সংগ্ৰামী ব্যক্তিত্ব সুভাষ বসুমতাৰীৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
 বড়ো সকলৰ জাতীয় জীৱনৰ আপোচবিহীন সংগ্ৰামী ব্যক্তিত্ব সুভাষ বসুমতাৰীৰ দেহাৱসান

ডিজিটেল সংবাদ, চিৰাংঃ আজি নৱবৰ্ষৰ প্ৰথমটো দিন, আৰু দিনটোতেই আছিল তেখেতৰ ৮০ সংখ্যক জন্মদিন । কিন্তু দুৰ্ভাগ্যজনক ভাবে আজি ৮০ সংখ্যক ওপজা দিনৰ দিনটোতেই পৃথিবীৰ পৰা চিৰ বিদায় মাগিলে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিষ্ঠাপক উপ সভাপতি, বিএচিৰ কাৰ্য্যবাহী সদস্য, বাসুগাঁও নগৰ সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক তথা বড়ো জাতীয় জীৱনৰ এগৰাকী আপোচবিহীন সংগ্ৰামী নেতা সুভাষ বসুমতাৰী ।

Advertisment

আজি পুৱতি নিশা ৩:২৫ মিনিটত পশ্চিমবংগৰ কোচবিহাৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেখেত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে প্ৰয়াত সুভাষ বসুমতাৰী বাৰ্দ্ধক্যজনিত কাৰণ তথা শ্বাহ প্ৰশ্বাসৰ সমস্যাৰ বাবে যোৱা এমাহ ধৰি পশ্চিমবংগৰ কোচবিহাৰৰ শীলা নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল ।

আজি পুৱাৰ ভাগত তেখেতৰ নশ্বৰদেহ কোচবিহাৰৰ পৰা বাসুগাঁও চহৰৰ সমীপৰ কামাৰডাঙ্গাৰ পৈতৃক গৃহত অনাৰ পিছত এবছু, বড়ো সাহিত্য সভা, ইউপিপিএল, বিপিএফ আদি কৰি বিভিন্ন দল সংগঠনৰ উপৰি অসহস্ৰ গুণমুগ্ধ সকলে উপস্থিত হৈ তেখেতৰ নশ্বৰদেহত অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । অসমৰ হস্ততাঁত আৰু বস্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম প্ৰয়াত সুভাষ বসুমতাৰীৰ বাসগৃহত উপস্থিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সুভাষ বসুমতাৰীৰ মৃত্যুক বড়ো জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি আখ্যা দিয়ে । বিটিচিৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা ভাতৃ দেৰহাছাত বসুমতাৰীয়েও মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ অন্তত প্ৰয়াত সুভাষ বসুমতাৰীৰ নশ্বৰদেহত সহধৰ্মিণী, একমাত্ৰ পুত্ৰ, তিনি কন্যা, নাতি নাতিনী সকলে বড়ো সকলৰ পৰম্পৰাগত ৰীতি নিয়ম অনুসৰি শেষ বিদায় জনায় ।

তাৰ পিছত প্ৰয়াত সুভাষ বসুমতাৰীৰ নশ্বৰদেহ পুষ্পসজ্জিত বাহনত তুলি বাসুগাঁও পৌৰসভা কাৰ্যালয়, বাসুগাঁও মহাবিদ্যালয়, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাসুগাঁও ছিনিয়ৰ চিটিজেন ছচাইটিৰ কাৰ্যালয়ত লৈ যোৱা হয় । তাতে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য তথা বৰ্তমান কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে শেষ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ।

প্ৰয়াত সুভাষ বসুমতাৰী নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিষ্ঠাপক উপ সভাপতি হোৱাৰ উপৰি ১৯৯১ চনত প্ৰেমসিং নেতৃত্বাধীন বড়োলেণ্ড শায়ত্ব শাসিত পৰিষদ বিএচি) ৰ কাৰ্য্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, পৰবৰ্তী সময়ত বাসুগাঁও নগৰ সমিতিৰ দুটা কাৰ্য্যকাল সভাপতিৰ পদ অলংকৃত কৰাৰ উপৰি মৃত্যুৰ আগ পৰ্যন্ত বাসুগাঁও চিনিয়ৰ চিটিজেন ছচাইটিৰ সভাপতি পদত অধিষ্ঠিত আছিল ।

ইয়াৰ উপৰি বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বাসুগাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম সদস্য পদৰ উপৰি বড়ো সাহিত্য সভাৰ সৈতে ওতঃপ্ৰোত ভাবে জৰিত আছিল । চিৰাং জিলাৰ বাঙ্গালডোবা বডোছা হাইস্কুলৰ প্ৰধানশিক্ষক থকা অৱস্থাতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত সুভাষ বসুমতাৰীয়ে পত্নী, তিনি কন্যা, একমাত্ৰ পুত্ৰ, বোৱাৰী, নাতি নাতিনী, আত্মীয় স্বজন আৰু অসহস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

Also Read: ২৪ কেৰেট সোনৰ দৰেই মোডীৰ গেৰান্টীঃ কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত? জানক...