/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-19-10-50.jpg)
ডিজিটেল সংবাদ,শুৱালকুছিঃ সমগ্ৰ ৰাজ্যজুৰি উদযাপন হৈছে ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰা হয়।
শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু শুৱালকুছি শিল্পী সন্মিলনৰ সহযোগত বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত দুটা শাখাত অনুষ্ঠিত হৈছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা।‘ক’ শাখাত পঞ্চম মানৰ পৰা দশম মানলৈ আৰু ‘খ’ শাখাত একাদশ মানৰ পৰা স্নাতক পৰ্যায়লৈ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত জিলাখনৰ পৰা প্ৰায় ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।