ডিজিটেল সংবাদ,নাৰায়ণপুৰ : সুদীৰ্ঘ ৬ মাহৰ পিছত বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে শিক্ষাগ্ৰহণ কৰিব নোৱাৰিলে নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৷ দীৰ্ঘদিন বিৰতিৰ পিছত পাঠদান কৰিবলৈ অহা শিক্ষক-শিক্ষয়িত্ৰীসকলো বিদ্যালয় খনৰ গেটৰ পৰাই উভতিব লগা হ'ল ৷ বিদ্যালয় খনত চেনিটাইজ নকৰাৰ ফলতে গেটৰ সন্মুখৰ পৰাই উভতিব লগা হ'ল ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক সকল ৷
উল্লেখ্য যে বিদ্যালয়খনৰ একেটা চৌহদতে থকা লখিমপুৰ পলিটেকনিকত কলেজ খন কভিড-১৯ চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিভাগে ৷ যাৰ বাবে বিদ্যালয় খনৰ অধিকাংশ কোঠালিয়েই ব্যৱহাৰ কৰা হৈছিল ৷ সেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাত কিছুদিন পূৰ্বে উক্ত ক'ভিড-19 চিকিৎসালয় খন উঠাই দিছিল স্বাস্থ্য বিভাগে । কিন্তু দুৰ্ভাগ্যজনক কথা যে সোমবাৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ কথা শিক্ষা বিভাগে কেবাদিনো পূৰ্বে ঘোষণা কৰাৰ পিছতো আজিকোপতি চেনিটাইজ কৰা নহ'ল বিদ্যালয় খনৰ চৌহদ । পৰিনতিত বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে পাঠদান কৰিব পৰা নহ'ল বিদ্যালয় খনত ।
জানিব পৰা মতে বিদ্যালয় খনৰ অধ্যক্ষ বিপুল দাসে প্ৰশাসনৰ লগত যোগাযোগ কৰাত চেনিটাইজ কৰিবলৈ কেমিকেল কিনি দিয়াৰ কথা কৈছিল বিদ্যালয় কতৃপক্ষক ৷ কিন্তু প্ৰশাসনে চেনিটাইজৰ কোনো সামগ্ৰী কিনি নিদিলে বুলি অভিযোগ উত্থাপন কৰিছে বিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে । আনহাতে অধ্যক্ষ গৰাকীয়েও দায়িত্ব নোলোৱাৰ পৰিনতিত চেনিটাইজ কৰিব পৰা নহ'ল বিদ্যালয় খনত । যাৰবাবে আজিৰ দিনটোত বন্ধ হৈ থাকিল বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ ৷
এয়া অধ্যক্ষ গৰাকীৰ গাফিলতি নে প্ৰশাসনৰ গাফিলতি সেয়া সময়তহে জানিব পৰা যাব যদিও বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল গেটৰ পৰাই উভতিব লগা হোৱাত ক্ষুন্ন হৈ পৰিছে ছাত্ৰ-ছাত্ৰী,শিক্ষক সকলৰ লগতে অভিভাৱক সকল ৷