কঠীয়াতলীত নিৰুদ্দেশ দুই ছাত্ৰ, সম্ভেদ পালে খবৰ দিবলৈ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ

কঠীয়াতলীস্থিত নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ দুই ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত নিৰুদ্দেশ দুই ছাত্ৰ, সম্ভেদ পালে খবৰ দিবলৈ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ

ডিজিটেল সংবাদ, কামপুৰঃ কঠীয়াতলীস্থিত নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ দুই ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ৮ৰ পৰা১৪ বছৰৰ পিতৃ-মাতৃহীনা ল'ৰাবোৰক শিক্ষিত কৰাৰ উদ্দেশ্যে চলিত বৰ্ষৰ এপ্ৰিল মাহত এই বিদ্যালয় স্থাপন হৈছিল।

Advertisment

অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত কঠীয়াতলীত বিদ্যালয়খন প্ৰতিষ্ঠা কৰি এপ্ৰিল মাহৰ পৰা প্ৰাঞ্জল শইকীয়াৰ পৰিচালনাত লিপিকা দেৱী আৰু ৰিমজিম বৰা নামৰ দুগৰাকী শিক্ষয়িত্ৰীয়ে আন্তৰিকতাৰে পাঠদান কৰি আহিছিল। ইয়াৰ মাজতে ১৯ আগষ্টৰ পৰা নগাঁও খ্ৰীষ্টানবস্তীৰ প্ৰাচুৰ্য পলিত বৰা (১৪) আৰু লুটুমাৰী গাঁৱৰ মানৱ বড়ো (১৩) নামৰ কিশোৰ দুজন নিৰুদ্দেশ হৈ আছে।

নিৰুদ্দেশৰ পাছতে এই সন্দৰ্ভত ২০ আগষ্টত কঠীয়াতলী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে বিদ্যালয় কৰ্তৃপক্ষই। বহু সন্ধান কৰাৰ পিছতো সম্ভেদ পোৱা নাই দুয়োৰে। কোনোলোকে ছাত্ৰ দুজনৰ সন্ধান পালে ৯০৮৫০১৮৯১৮ আৰু ৮৬৩৮১৬৩১৪৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বিদ্যালয় কতৃপক্ষই।

Also Read: গ্ৰেপ্তাৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প...

Assam police