খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ছাত্ৰ নেতাৰ অকাল বিয়োগ…

খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ছাত্ৰ নেতাৰ অকাল বিয়োগ…

author-image
asomiyapratidin
New Update
খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ছাত্ৰ নেতাৰ অকাল বিয়োগ…

ডিজিটেল সংবাদ, বিশ্বনাথঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ মৃত্যু। সোমবাৰে মহানগৰীৰ জিএনআৰচি হাস্পতালত মৃত্যু হয় আছু নেতাগৰাকীৰ। উল্লেখ্য যে, যোৱা ২৩ এপ্ৰিলত তেওঁ এটা দুৰ্ঘটনাত পতিত হৈ মগজুৰ ৰক্তক্ষণ হৈছিল।

Advertisment

অসম-অৰুণাচল সীমান্তবৰ্তী পাহাৰৰ কাষৰীয়া বিশ্বনাথৰ তিনিসুঁতিৰ ফুলবাৰী, জিৎপুৰ, বালোদঙা আদি অঞ্চলত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰি উভতি অহাৰ পথত নপমুৱা-মিজিকাৰ মাজত নিজে চলাই অহা মটৰ-চাইকেল দুৰ্ঘটনাত মূৰৰ বাওঁফালে অভিজিত শইকীয়াই আঘাত পাইছিল।

লগে লগে বিশ্বনাথ চাৰিআলিৰ জেকে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মগজুৰ ৰক্তক্ষৰণ হোৱাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁক মহানগৰীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল। মৃত্যুৰ সৈতে যুঁজি সোমবাৰে বিয়লি প্ৰায় ৪.২৫ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আছুৱে।