/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/2kqisw9q/rangia 29.jpg)
ৰঙিয়াত বিদ্যালয়ত ছাত্ৰীক বস্ত্ৰ খুলিবলৈ দি বিপদত প্ৰধান শিক্ষক...
ডিজিটেল সংবাদ ৰঙিয়া: ৰঙিয়াত শ্ৰেণী কোঠাত ছাত্ৰীক বস্ত্ৰ খুলিবলৈ দি বিপদত এগৰাকী প্ৰধান শিক্ষক। ঘটনাৰ বিৱৰণ অনুসৰি কামৰূপৰ ২০৩ নং লাছি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিন্নাতুল ইছলামে এগৰাকী ছাত্ৰীক বিদ্যালয়তে পৰিধান কৰি থকা কাপোৰ জোৰ কৰি খোলাবলৈ চেষ্টা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/htylz9ht/f2975cbe-6068-4393-a463-56908aab45f7.jpg)
কিন্তু ছাত্ৰীগৰাকীয়ে প্ৰধান শিক্ষক জিল্লাতুল ইছলামৰ নিৰ্দেশ নামানি ঘৰলৈ গৈ নিজ পিতৃ-মাতৃক ঘটনা সন্দৰ্ভত অৱগত কৰে। ইয়াৰ পিছতে আজি বিদ্যালয়খনত স্থানীয় দল, সংগঠনৰ লগতে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ উপস্থিত হয়।
তেওঁলোকে বিদ্যালয়ৰ প্ৰধানশিক্ষকগৰাকীৰ এনে অপকৰ্মৰ বিৰুদ্ধে বিদ্যালয়তে প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে। সমান্তৰালকৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও হাতে হাতে বেনাৰ প্লে'কাৰ্ড লৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/foili93d/9e576076-8cfa-41f5-b059-bcb137144eac.jpg)
ঘটনাস্থলীত ৰঙিয়া আছুৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থাকি পৰৱৰ্তী সময়ত মহকুমাধিপতলৈ এক স্মৰাক পত্ৰ প্ৰদান কৰে। তেওঁলোকে অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ শাস্তিৰ দাবী কৰিছে। উল্লেখ্য যে, এইগৰাকী বিতৰ্কিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে পূৰ্বেও ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/uxr7exse/668832c9-1e90-4902-8e6f-05e0d170fd82.jpg)
Also Read: হওক দে, অন্ততঃ কিবা এটা ভাল হ'ল...