/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/babjia.jpg)
ডিজিটেল সংবাদ বেবেজীয়াঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি শনিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী ফুলগুৰিত আজি এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ৰহা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ফুলগুৰি নীলকণ্ঠ মণ্ডল সংগঠনৰ ব্যৱস্থাপনাত আজি কনকলতা নামৰ এখন বাটৰ নাট পৰিবেশন কৰা হয়।
নাটখনি পৰিচালনা কৰে দিব্যজ্যোতি মৈধীয়ে। উল্লেখ্য যে, সামগ্ৰিক ভাৱে অংগীৰা ভৰদ্বাজই গোটেই অনুষ্ঠান টো পৰিচালনা কৰা উক্ত অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজন্ত জে পাণ্ডা, অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ পনৱজ্যোতি লহকৰ, নগাঁও জিলাৰ বিজেপি সভাপতি অভিজিত নাথ, নগাঁও জিলা বিজেপিৰ উপ-সভাপতি সুবৰ্ণ সিং, ৰহা আঞ্চলিক পঞ্চায়ত সভাপতি পৱনজ্যোতি বৰকাকতি প্ৰমূখ্যে বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱা স্মাৰকত মাল্য অৰ্পণ কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰু বিজেপি ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজন্ত জে পাণ্ডাই। কনকলতা নামৰ নাট খনিত অভিনয় কৰে কংকনা দেৱী, লীলাৱতী লস্কৰ বৰুৱা,কৰুনা দাস, ঈৰ্ষা ৰাণী ডেকা, প্ৰতিভা দেৱী, মনিকা ডেকা, মণালিছা ডেকা, মনিশা বৰদলৈ আৰু কস্তুৰীকা ডেকা। ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযানৰ ৰহা উন্নয়ন খণ্ডৰ সমন্বয়ক অংগীৰা ভৰদ্বাজ ৰ ব্যৱস্থাপনাত আজি অনুষ্ঠিত হোৱা এই বাটৰ নাটখনিয়ে ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে।