কাৰ্বি আংলঙত উদ্ধাৰ চুৰি বাহনঃ দুজন চোৰক গ্ৰেপ্তাৰ

৩০ অক্টোবৰৰ নিশা প্ৰায় ১.৪০ বজাত চোৰে ঘৰৰ পৰা বাহনখনচুৰি কৰি লৈ যায়। ঘটনাক লৈ গাড়ীৰ মালিক ৰফিকুল খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
শিক্ষক দিৱসত নগাঁৱত ৰাজ্যৰ তিনিগৰাকী বৰেণ্য শিক্ষাবিদক প্ৰদান কৰা হ'ব 'ৰামানুজন শিক্ষক বঁটা'

ডিজিটেৱ সংবাদ,হাটশিঙিমাৰীঃ   হাটশিঙিমাৰীৰ ভীমাপাৰাৰ ৰফিকুল ইছলাম নামৰ এজন লোকৰ এ এছ ৩৪ চি ০৪৫৩ নম্বৰৰ চুৰি হোৱা বলেৰঅ' পিক আপ বাহনখন আৰক্ষীয়ে কাৰ্বি আংলঙত উদ্ধাৰ কৰে।

৩০ অক্টোবৰৰ নিশা প্ৰায় ১.৪০ বজাত চোৰে ঘৰৰ পৰা বাহনখনচুৰি কৰি লৈ যায়। ঘটনাক লৈ গাড়ীৰ মালিক ৰফিকুল খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।

ইফালে যোৱা ৪ নৱেম্বৰ সন্ধিয়া কাৰ্বি আলংগত আৰক্ষীয়ে নাকা চেকিংৰ জৰিয়তে গাড়ীখন উদ্ধাৰ কৰি দুই চোৰৰ আটক কৰে। ইতিমধ্যে কাৰ্বি আলং আৰক্ষীয়ে গাড়ী সহ দুই চোৰক খাৰুৱাবান্ধা আৰক্ষীক চমজাই দিয়ে।

খাৰুৱাবান্ধা আৰক্ষী আজি চোৰ দুটাক গ্ৰেপ্তাৰ কৰি আদালতত প্ৰেৰণ কৰে। ঘটনাৰ লগত জড়িত আৰু কেবাগৰাকী চোৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

ধৃত চোৰ দুটাক মানকাচৰ থানা এলেকাৰ মানুল্লাপাৰা গাঁৱৰ ফয়জাল হকৰ পুত্ৰ দিলৱাৰ আলী (১৮) আৰু সুখচৰ থানা এলেকাৰ নিলোখিয়া গাঁৱৰ প্ৰয়াত মুক্তাৰ হুছেইনৰ পুত্ৰ খৰশ্বেদ আলম (২২) বুলি চিনাক্ত কৰা হৈছে।

কাৰ্বি আংলং