কলিয়াবৰত সদৌ অসম ৰেচম শ্ৰমিক সংঘৰ ৰাজ্যিক অধিৱেশন…

কলিয়াবৰত সদৌ অসম ৰেচম শ্ৰমিক সংঘৰ ৰাজ্যিক অধিৱেশন…

author-image
asomiyapratidin
New Update
কলিয়াবৰত সদৌ অসম ৰেচম শ্ৰমিক সংঘৰ ৰাজ্যিক অধিৱেশন…

ডিজিটেল সংবাদ, কলিয়াবৰ : 'এশিঙিয়া গঁড়ৰ দৰেই ৰেচম শিল্পক সুৰক্ষা দিয়ক চৰকাৰে৷ অসম ৰেছমৰ দেশ৷ বিশ্বৰ কোনো ঠাইতে এনেদৰে একেলগে একেখন ঠাইতে এৰি, মুগা, পাটকে ধৰি আটাইকেইবিধে ৰেচমৰ উৎপাদন নহয় ৷ অসমেই এনে এখন ৰাজ্য য'ত এই আটাইবোৰ প্ৰজাতি একেলগেই উৎপাদন হয় ৷ সেই দিশৰ পৰা আমি সৌভাগ্যৱান৷ কিন্তু এই ৰেচম উদ্যোগ আজি ধ্বংসৰ গৰাহত৷ অসম চাহৰ বাবে নহৈ আচলতে ৰেচম শিল্পৰ বাবেহে বিশ্বৰ দৰবাৰত চিনাকি হোৱা উচিত৷ সুৰক্ষাৰ পৰিৱৰ্তে ই আজি মৃতপ্ৰায়৷

Advertisment

সময় থাকোতেই এশিঙিয়া গঁড়ৰ সুৰক্ষাৰ দৰেই এই এৰি, মুগাৰ বৈজ্ঞানিক সুৰক্ষা প্ৰদান কৰি ৰেচমৰ ক্ষেত্ৰত পূৰ্বৰ গৰিমা ঘূৰাই আনক চৰকাৰে ৷ দেওবাৰে কলিয়াবৰত অনুষ্ঠিত সদৌ অসম ৰিচম শ্ৰমিক সংঘৰ পঞ্চদশ দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশনত উপস্থিত হৈ বিশিষ্ট অতিথিৰ ভাষণ প্ৰসংগত এই বক্তব্য প্ৰদান কৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই ৷কলিয়াবৰৰ নলতলি মুগা খাদ্য গছ ৰোপন কেন্দ্ৰ চৌহদত আয়োজিত দুদিনীয়া অধিৱেশনখনিৰ শেষৰ দিনটোত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ অধিৱেশনখনিৰ আজিৰ মুকলি সভাখনিত সভাপতিত্ব ৰৰে ৰাজ্যিক সভাপতি যতীন্দ্ৰনাথ বৰাই৷

মুকলি সভাখনিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথ প্ৰকৃতি কৰ্মী ভুপেন শৰ্মা উপস্থিত থাকি আজিৰ দিনত এই শিল্পৰ সংকত আৰু সংশয়ৰ ওপৰত আলোকপাত কৰে ৷ নগাঁও জিলাৰ সহকাৰী ৰেচম সঞ্চালক ভুনাথ কোমাৰ ৰাভা, শিক্ষাবিদ প্ৰবীন ৰাজখোৱা, কলিয়াবৰৰ ৰেচম অধীক্ষক লীনা বৰুৱা, ৰিচম সম্প্ৰসাৰণ বিষয়া অজিক কুমাৰ শৰ্মা, সুনীল দেউৰী, ৰেচম পৰিদৰ্শক কৃষ্ণ শইকীয়াই অংশগ্ৰহণ কৰি মুকলি সভাখনিত ৰেচম শিল্পৰ উপযোগিতা আৰু বৰ্তমান ইয়াৰ সংশয়ৰ ওপৰত আলোকপাত কৰে ৷

দুদিনীয়াকৈ আয়োজিত অধিৱেশনখনিৰ কালি পতাকা উত্তোলন, প্ৰতিনিধি পঞ্জীয়ন, ৰাজ্যিক সমিতিৰ সভা, প্ৰতিনিধি সভাকে ধৰি বহুকেইটা কাৰ্যসূচী সম্পন্ন হয়৷ আজি পুৱাৰ প্ৰতিনিধি সভাৰ পাছতে এক বজাৰ পৰা আৰম্ভ হয় মুকলি সভাখনি৷ মুকলি সভাখনিতে নিয়মীয়া শ্ৰমিক কৰ্মচাৰীৰ নিয়োগ, ৰাজ্যৰ সকলো ৰেচম পামৰ চৌদহৰ সুৰক্ষিত বেৰ নিৰ্মাণৰ লগতে ইয়াৰ ভুমিৰ সুৰক্ষা প্ৰদান, কৰ্মচাৰীৰ স্থায়ী ৰিটেনশ্বন, আৰ্থিক সকাহ, ৰাজ্যৰ প্ৰতিখন পামত নৈশ চকিদাৰৰ ব্যৱস্থা,চাকৰী নিয়মীয়াকৰণকে ধৰি এক ছয়দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰলৈ প্ৰেৰণৰো প্ৰস্তাৱ গ্ৰহণ কৰে সদৌ অসম ৰেচম শ্ৰমিক সংঘই৷ ইয়াৰ লগতে এই ৰেচম উদ্যোগক জীয়াই ৰাখিবলৈ প্ৰতিগৰাকী শ্ৰমিক কৰ্মচাৰী বদ্ধপৰিকৰ বুলি অধিৱেশনস্থলীতে প্ৰকাশ কৰে সকলোৱে৷