বেছি জ্বলালে বেছি বিল উঠিবইঃ কোকৰাঝাৰত শক্তি মন্ত্ৰী বিমল বৰা

বেছি জ্বলালে বেছি বিল উঠিবইঃ কোকৰাঝাৰত শক্তি মন্ত্ৰী বিমল বৰা

author-image
asomiyapratidin
New Update
বেছি জ্বলালে বেছি বিল উঠিবইঃ কোকৰাঝাৰত শক্তি মন্ত্ৰী বিমল বৰা

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত বিদ্যুতে লুকাভাকু খেলি থকাৰ সময়তে সোমবাৰে শক্তিমন্ত্ৰী বিমল বৰাই কোকৰাঝাৰ পৰিভ্ৰমন কৰে । অৱশ্যে শক্তিমন্ত্ৰী বিমল বৰাই কোকৰাঝাৰ ভ্ৰমণকালিন সময়চোৱাত বিদ্যুত বিতৰণ যথাযত আছিল । দেওবাৰে নিশাই কোকৰাঝাৰত উপস্থিত হোৱা মন্ত্ৰী বিমল বৰাই বিটিচিৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োক লগত লৈ সোমবাৰে ৰাতিপুৱাৰে পৰা ধীৰবিল, দীপলাই বিল আৰু চক্ৰশীলা অভয়াৰণ্য পৰিভ্ৰমন কৰে।

Advertisment

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা থকা পৰ্যটনস্থলীসমূহ পৰিভ্ৰমন কৰি মন্ত্ৰী বৰাই পৰ্যটনস্থলীসমূহ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।ইপিনে কোকৰাঝাৰৰ বডোফা নগৰত ৩৩/১১কেভি ২ × ১০ এম ভি এ উপ বিদ্যুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰী বিমল বৰাই অঞ্চলটোৰ এটা দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ব বুলি মন্তব্য কৰে। গুণগত সেৱা প্ৰদানত চাব-ষ্টেচনটোৱে সহায় কৰিব বুলি মন্তব্য কৰি অদ্যপি বিদ্যুত সংযোগ লাভ নকৰা ২৩ হাজাৰ পৰিয়ালক অচিৰেই বিদ্যুত সংযোগ দিয়া হ'ব বুলি দাবী কৰিছে বিমল বৰাই।

আনহাতে সাংবাদিক অত্যাধিক বিল অহা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত মন্ত্ৰীয়ে বেছি জ্বলালে বেছি বিল আহিবই বুলি মন্তব্য কৰে । এগৰাকী বিধায়কে তেওঁৰ ঘৰত গোটেই দিনটোত তিনিঘণ্টাহে কাৰেণ্ট থাকে বুলি অভিযোগ দিয়াৰ পিছত তন্ন তন্ন কৈ পৰীক্ষা কৰাত সেয়া এনেই কৈছিল বুলি প্ৰমাণ পোৱা গৈছে বুলি মন্তব্য কৰি বিমল বৰাই মেৰামতিৰ নামত কেতিয়াবা এঘণ্টা-ডেৰঘণ্টা কাৰেণ্ট নাথাকিব পাৰে বুলি উল্লেখ কৰে। তেওঁ কয়, ২৪ ঘণ্টাৰ ভিতৰত মাথো তিনিঘণ্টা কাৰণ্টে থাকে ধৰণৰ কথাবোৰ এনেই কয়।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি হোৱা বিদ্যুত উপ কেন্দ্ৰই কোকৰাঝাৰৰ বিদ্যুত সমস্যা দূৰ কৰিব বুলি দাবী কৰিছে । বিটিচি সচিবালয়, কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকে ধৰি অঞ্চলটোৰ বিদ্যুত সমস্যা দূৰ হোৱাৰ লগতে অতিশীঘ্ৰেই গোঁসাইগাঁওৰ বিদ্যুত সমস্যাও দূৰ কৰা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। ইপিনে মন্ত্ৰী বিমল বৰাই বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত প্ৰমোদ বড়োৰ উপস্থিতিত বিভাগীয় পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে ।