পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যিক কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি…

পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যিক কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি…

author-image
asomiyapratidin
New Update
পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যিক কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি…

ডিজিটেল সংবাদ,ধুবুৰী : সদৌ অসম চৰকাৰী এন, পি, এছ, কৰ্মচাৰী সন্থাই ৰাজ্যত পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ বাবে চৰকাৰৰ ওচৰত দাবী কৰি আহিছে। যোৱা ৩১-০১-২০২১ তাৰিখৰ সন্থাৰ আহ্বানত গুৱাহাটীত অনুষ্ঠিত গণ অভিৱৰ্তনে এন,পি,এছ, ব্যৱস্থাই অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব বুলি মত পোষণ কৰি অসম চৰকাৰৰ যোগাত্মক সহাৰিৰ বাবে আহ্বান জনাইছিল । গণ অভিৱৰ্তনৰ সিদ্ধান্ত সমূহ ০৪-০২-২০২১ তাৰিখে চৰকাৰক লিখিতভাবে জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে সন্থাই এক আলোচনাৰ অনুৰোধ জনোৱাৰ পিছতো আজিকোপতি চৰকাৰে সদিচ্ছা দেখুওৱা নাই, যাৰ বাবে সমস্যাটিৰ প্ৰতি চৰকাৰৰ নেতিবাচক মনোভাব স্পষ্ট হৈ পৰিছে।

Advertisment

আনহাতে অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেট(লেখানুদান ২০২১-২২)তো এই বিষয়টি উল্লেখ নকৰি অসমৰ কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা অৱসৰী জীৱনৰ প্ৰতি শংকাক চৰকাৰে ভেঙুচালি কৰিছে। সেয়েহে ৰাষ্ট্ৰীয় পেঞ্চন ব্যবস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যবস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন, পি, এচ, কৰ্মচাৰী সংস্থাৰ আহ্বানমৰ্মে সমগ্র অসমৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন বিভাগৰ শিক্ষক-কৰ্মচাৰীসকলেও আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।

সন্থাৰ ধুবুৰী জিলা সমিতিৰ উপদেষ্টা তথা হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবিউল ইছলাম ছেলিমে এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰে যে, যি ক্ষেত্ৰত অসমৰ লাখ লাখ কৰ্মচাৰীয়ে চৰকাৰৰ প্ৰতি আশাৰে বাট চাই আছিল, তেনেক্ষেত্ৰত চৰকাৰে কৰা এনে উদাসীন ব্যৱহাৰৰ প্ৰতি সদৌ অসম চৰকাৰী এন, পি, এছ, কৰ্মচাৰী সন্থাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি অতি সোনকালে কৰ্মচাৰী সকলৰ বাবে পুৰণি পেঞ্চন ব্যবস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ।

তদুপৰি অসমৰ মাননীয় বিত্তমন্ত্ৰী মহোদয়ে ঘোষণা কৰা কাৰ্যকালৰ কোনো বাধ্যবাধকতা নথকাকৈ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে পাবলগীয়া নিম্নতম ১০ লাখ টকাৰ অৱসৰকালীন আনুতোষিকৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী নিৰ্দেশ আজিলৈ প্ৰকাশ নকৰাত ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত সোনকালে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ছেলিমে।

ইতিমধ্যে অসমৰ প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থা/সংঘ যেনে- সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, অসম কলেজ শিক্ষক সংস্থা, অসম বিধানসভা সচিবালয় সেৱা সন্থা, সদৌ অসম আমোলা সন্থা, সদৌ অসম বধিৰ কৰ্মচাৰী সন্থা, সদৌ অসম কলেজ কৰ্মচাৰী সন্থা, সদৌ অসম গ্ৰেজুৱেট শিক্ষক সন্থা আদিয়ে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আৰম্ভ কৰা পুৰণি পেঞ্চন ব্যৱস্থা প্ৰতিষ্ঠাৰ সংগ্ৰামত সমৰ্থন দিছে। আজিৰ কৰ্মবিৰতিৰ কাৰ্যসূচী সফল কৰাৰ বাবে সকলো কৰ্মচাৰীলৈ তেখেতে ধন্যবাদ জ্ঞাপন কৰে।