ৰাজ্যিক নিৰ্বাচন আয়োগৰ নতুন সিদ্ধান্ত

ৰাজ্যিক নিৰ্বাচন আয়োগৰ নতুন সিদ্ধান্ত

author-image
asomiyapratidin
New Update
ৰাজ্যিক নিৰ্বাচন আয়োগৰ নতুন সিদ্ধান্ত

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ১৩ নৱেম্বৰ মঙলবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হোৱাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া বন্ধ থাকিব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিপূৰ্বে সিদ্ধান্ত লৈছিল যদিও শেহতীয়া এক নিৰ্দেশযোগে আয়োগে এই সিদ্ধান্তৰ সালসলনি ঘটাইছে।

Advertisment

সেই অনুসৰি কাইলৈৰ বন্ধৰ দিনটো এন আই এক্টৰ অধীনত নোহোৱা হেতুকে এই দিনটোত মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকিব। এন আই এক্টৰ অধীনত ঘোষিত বন্ধসমূহক বাদ দি আন সকলো দিনতে এই প্ৰক্ৰিয়া চলি থাকিব বুলি একেটা নিৰ্দেশতে আয়োগে ষ্পষ্ট কৰি দিছে।