৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপনৰ সিদ্ধান্তত সন্মতি প্ৰকাশ অসম কেবিনেটৰ...

৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপনৰ সিদ্ধান্তত সন্মতি প্ৰকাশ অসম কেবিনেটৰ...

ডিজিটেল ডেস্ক : ৰাজ্যত ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপনৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে ৰাজ্য চৰকাৰে । বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে লয় এই সিদ্ধান্ত ।

উল্লেখ্য যে, বিগত কিছু মাহ ধৰি অস্বাভাৱিক ভাৱে বিদ্যুতৰ মাছুল বৃদ্ধি পোৱা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল সাধাৰণ জনতাই । তাৰ পাছতেই শাসনাধিষ্ঠ চৰকাৰে বিদ্যুতৰ মাছুল বৃদ্ধিৰ কাৰণে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড দায়ী বুলি দিয়া ঘোষণাৰ পাছতেই নতুনকৈ স্থাপিত স্মাৰ্ট মিটাৰ সন্দৰ্ভতো সন্দেহৰ আঙুলি উঠিছিল ।

আনহাতে, তেনে এক বিতৰ্কৰ পাছত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে পুনৰ ৫৮ লাখ স্মাৰ্ট মিটাৰ সংযোজনৰ সিদ্ধান্তই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ।

উল্লেখ্য যে, ইয়াৰ ওপৰিও আন বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় কেবিনেট বৈঠক খনত । অসম লোকসেৱা আয়োগৰ দ্বাৰা নিযুক্ত অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ বিষয়া সমূহৰ পদোন্নতিৰ ক্ষেত্ৰতো প্ৰচলন কৰা হ'ব নতুন নিয়মৰ ।

আনহাতে, ২৪ নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া লাচিত দিৱসৰ প্ৰস্তুতিৰ বাবেও বেটেলিয়েন সমূহৰ প্ৰশিক্ষণ সন্দৰ্ভতো লোৱা হয় বহু কেইটা সিদ্ধান্ত ।       

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in