সত্ৰৰ পাছত এইবাৰ বিদ্যালয়ঃ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ ভূমিত কবৰস্থান, মাদ্ৰাছা…

সত্ৰৰ পাছত এইবাৰ বিদ্যালয়ঃ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ ভূমিত কবৰস্থান, মাদ্ৰাছা…

author-image
asomiyapratidin
New Update
সত্ৰৰ পাছত এইবাৰ বিদ্যালয়ঃ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ ভূমিত কবৰস্থান, মাদ্ৰাছা…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বেদখল যেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ জনজীৱনৰ বাবে মহাব্যাধি পৰিনত হৈছে। বটদ্ৰৱাৰ শলগুৰি, নৰোৱা, বালিসত্ৰ, ৰামপুৰ সত্ৰ, কোবাইকটা সত্ৰ আদি বিভিন্ন সত্ৰ, গ্ৰেজিং ৰিজাৰ্ভ আদিত ৯শ বিঘাৰো অধিক ভূমিত অৱাধ বেদখলৰ পাছত এইবাৰ বেদখল চলিছে জগত গুৰুজনাৰ নামত ১৯৫০ চনতে প্ৰতিষ্ঠা লাভ কৰা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি খণ্ডৰ ওপৰত।

Advertisment

৪০ৰ দশকৰ বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ ভূমি শ্ৰম অৰ্থৰ ধানেৰে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানটিৰ বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে সমাজত প্ৰতিষ্ঠিত হৈ বিদ্যালয়ৰ ইতিহাস উজ্বলাই ৰাখিছে। এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ নামত ১৯৬০ চনত বটদ্ৰৱা মৌজাৰ ধুপগুৰি কিচামতত ৩৩৯ দাগ নম্বৰৰ চাৰি বিঘা চাৰি কথা দহ লোছা, ৩৪০ দাগ নম্বৰ ষোল্ল বিঘা চাৰি কথা দহ লোছা সৰ্বমুঠ একৈশ বিঘা চাৰি কথা ভূমি আবন্টন দিছিল অসম চৰকাৰৰ ৰাজহ বিভাগে। ধিং-বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথৰ কাষত অৱস্থিত এই ভূমিত বিগত বিশ বছৰৰ পৰা চলি আহিছে অবৈধ বেদখল।

একাংশ দুস্কৃতিকাৰীয়ে বিদ্যালয়ৰ ভূমি বেদখল কৰি মীন পালনৰ পুখুৰী খন্দাৰ লগতে ঘৰ দুৱাৰ সাজি গঢ়ি তুলিছে বস্তি। কেৱল সেয়ে নহয় ধৰ্মীয় গোড়ামীৰ অত্যধিক আবেগ সৃষ্ট পৰিৱেশ ৰচনাৰ হেতু এই সকল সমাজ দ্ৰোহী লোকে জ্ঞানৰ জেউতি বিলোৱা বিদ্যা মন্দিৰৰ ভূমিত সাজিছে কবৰস্থান আৰু ধৰ্মীয় মাদ্ৰাছা। এনেদৰে দুস্কৃতিকাৰীৰ অবৈধ দখলৰ পৰা সাৰি যোৱা নাই বিদ্যালয়ৰ ভূমিখণ্ড।

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ অনিল শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে বটদ্ৰৱা শঙ্কৰদেৱ উচ্চতৰ বিদ্যালয়ৰ নামত থকা ভূমিৰ সকলোবোৰ বেদখল উচ্চেদ কৰি বিদ্যালয়খনক চমজাই দিবলৈ অনুৰোধ জনাইছে। বিষয়টোৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপো কামনা কৰিছে কৰ্তৃপক্ষই।