সৃজনগ্ৰামত প্ৰাচীৰ পত্ৰিকা “আই পুৰীয়া” উন্মোচন

সৃজনগ্ৰামত প্ৰাচীৰ পত্ৰিকা “আই পুৰীয়া” উন্মোচন

author-image
asomiyapratidin
New Update
সৃজনগ্ৰামত প্ৰাচীৰ পত্ৰিকা “আই পুৰীয়া” উন্মোচন

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ বঙাইগাঁও জিলাৰ চক্ৰশিলা ব্ৰজমেধী মজলীয়া বিদ্যালয়ত বৃহস্পতিবাৰে প্ৰাচীৰ পত্ৰিকা "আই পুৰীয়া"ৰ উন্মোচন কৰা হয়। 'অসমীয়া প্ৰতিদিন' কাকতৰ সৃজনগ্ৰামৰ সংবাদ দাতা অশোক ৰায়ে উক্ত প্ৰাচীৰ পত্ৰিকাখনী উন্মোচন কৰে।

উন্মোচন কৰি তেওঁ বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, বিভিন্ন দিশ সামৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে প্ৰাচীৰ পত্ৰিকাখন।