/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/3436c26e-bca2-4146-818b-0a71d55bb01c.jpg)
ডিজিটেল ডেস্কঃ শ্ৰী সত্য সাই সেৱা সংগঠনে (এছএছএছঅ') কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ বিগত এমাহজোৰা সময়ত দীঘলীয়া সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তত কৰ্মহাৰা, দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰীৰ সাহায্য বিতৰণ কৰি আহিছে। ৰাষ্ট্ৰীয় সংস্থাটোৰ উত্তৰ পূ্ৰ্বাঞ্চলৰ অসম, অৰুণাচল, মেঘালয় আদিৰ ৰাজ্যগোটেও অঞ্চলটোৰ বিভিন্ন স্থানত এনে দুখীয়া পৰিয়ালসমূহক খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে।
আনহাতে অসমৰ বৰাক উপত্যকাকে ধৰি বিভিন্ন জিলাৰ বৃহৎ সংখ্যক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। বুধবাৰে ধুবুৰী আৰু কাছাৰ জিলাত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ বিপৰীতে বৃহস্পতিবাৰে পলাশবাৰী সমীপৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাৰ কঠালগুৰি, উমশ্ৰু, ৰাজাপাৰা আদি ৰাভা জনৱসতি গাঁৱত ডেৰ শতাধিক শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায়।
দুৰ্যোগৰ সময়ত শ্ৰী সত্য সাই সেৱা সংগঠনৰ এনে পদক্ষেপৰ বাবে সমগ্ৰ দেশৰ লগতে অসমৰ সচেতন লোকসকলেও ইয়াৰ কৰ্মকৰ্তাসকলৰ শলাগ লৈছে। খাদ্য সামগ্ৰী বিতৰণৰ সময়ত তেওঁলোকক অসম আৰক্ষীয়েও সহায় কৰে।