হোলী গীতৰ বন্দনাৰে মুখৰিত সত্ৰ নগৰী বৰপেটাৰ আকাশ-বতাহ

হোলী গীতৰ বন্দনাৰে মুখৰিত সত্ৰ নগৰী বৰপেটাৰ আকাশ-বতাহ

author-image
asomiyapratidin
New Update
হোলী গীতৰ বন্দনাৰে মুখৰিত সত্ৰ নগৰী বৰপেটাৰ আকাশ-বতাহ

ডিজিটেল ডেস্কঃ হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিল সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ। শনিবাৰৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হয় শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা। পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে সত্ৰীয়া ৰীতি-নীতিৰে বৰপেটা সত্ৰত পালন কৰা হয় এই দৌল উৎসৱ।

Advertisment

উল্লেখ্য যে, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় এই দৌল উৎসৱ । শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত লোকে লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদ। সত্ৰবাসীয়ে ৰং-বিৰঙী আবিৰ সানি হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ কৃষ্ণ বন্দনাৰে মুখৰিত কৰে।

জানিব পৰা মতে, দৌল উৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে বৰপেটাৰ ৰাইজিং ক্লাবে অনুষ্ঠিত কৰে মুকলি পথত হোলী গীত প্ৰতিযোগিতা। এই হোলী গীত প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই। হোলী গীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা দলসমূহে সত্ৰৰ সন্মূখৰ পৰা বাটে বাটে হোলী গীত গাই বৰপেটা প্ৰেছ ক্লাবৰ সন্মূখত উপস্থিত হয়। হোলী গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ সৈতে সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, কন্ঠশিল্পী প্ৰিয়ংকা কলিতা আৰু অভিনেত্ৰী ময়ুৰী গৌতমেও অংশগ্ৰহণ কৰে।

কিশোৰ, চেমনীয়া ডেকা সকলে প্ৰাণঢালি হোলী গীতৰ মূৰ্ছনাত মুখৰিত হোৱা সত্ৰ নগৰীৰ এই বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটে। জানিব পৰা মতে, ২৯ মাৰ্চত ৰঙৰ উৎসৱ সুঁৱৰিৰে এই দৌল উৎসৱৰ সামৰণি পৰিব।