বাক্সাৰ জালাহত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ক্ৰীড়া মহোৎসৱ…

বাক্সাৰ জালাহত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ক্ৰীড়া মহোৎসৱ…

author-image
asomiyapratidin
New Update
বাক্সাৰ জালাহত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ক্ৰীড়া মহোৎসৱ…

ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ জালাহৰ বি বি কিষাণ কলেজৰ সভা গৃহত নৱ প্ৰজন্মক উৎসাহ, উদ্দীপনা দিয়াৰ উদ্দেশ্য সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হৈছিল। এই ক্ৰীড়া মহোৎসৱৰ বঁটা বিতৰণী অনুষ্ঠানটি আজি অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ। অনুষ্ঠানত বিধায়ক তালুকদাৰে কয় যে-বাক্সাৰ জিলা ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট খিনি আগবাঢ়ি আছে । গতিকে সীমান্ত চেতনা মঞ্চই যি পদক্ষেপ লৈছে সেইয়া অতি প্ৰশংসনীয় পদক্ষেপ। বাক্সাৰ প্ৰতিটো সমষ্টিতে একোখনকৈ ষ্টেডিয়াম হ'ব বুলিও মন্তব্য কৰে বিধায়ক ফনীধৰ তালুকদাৰে ।