জ্যোতিৰ সৃষ্টিতো সিন্ধি...

lobhita
lobhita

মৃদুল কুমাৰ সন্দিকৈ

লভিতা নাটক কাৰ ? জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰ গৰাকীৰ। প্ৰশ্ন এতিয়া উঠিছে ৰূপকোঁৱৰে ৰচনা কৰি থৈ যোৱা এই নাটকখনক লৈ। ভ্ৰাম্যমান থিয়েটাৰত ২০২২ বৰ্ষত আবাহণ থিয়েটাৰে মঞ্চস্থ কৰিছে লভিতা নামৰ নাটকখন।

এই নাটকখনৰ দৰ্শক হৈছিলগৈ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে নাটক চাবলৈ যোৱা সেই খবৰবোৰ বৰ ইতিবাচকভাৱে প্ৰকাশ বা সম্প্ৰচাৰ হৈছিল। কিন্তু খবৰ নহ'ল জ্যোতিপ্ৰসাদৰ এই নাটকখনক বিকৃতৰূপত উপস্থাপন কৰাতো।

১৯৪৭ চনৰ কথা। জ্যোতিপ্ৰসাদৰ এইখন আছিল চতুৰ্থখন নাটক। ৪২ৰ স্বধীনতা আন্দোলন, দ্বিতীয় মহাসমৰৰ ঢৌৱে চুই গৈছিল অসমক। সেই সময়কে জ্যোতিপ্ৰসাদে নাটকৰ জৰিয়তে ধৰি ৰাখিছিল।

১৯৪৮ চনত প্ৰথম প্ৰকাশ পাইছিল নাটকখন। নাটকখনৰ চৰিত্ৰ সমূহৰ ভিতৰত লভিতা, ইলাহী, গোলাপ, মৌজাদাৰ, মৌজাদাৰিনী আৰু পত্ৰলেখা আদি উল্লেখযোগ্য। জ্যোতিপ্ৰসাদৰ মতে লভিতাৰ চৰিত্ৰৰ প্ৰথমচোৱা সমল তেওঁ লৈছিল ১৯৪১ চনৰ শেষৰফালে তেজপুৰৰ শালনীৰ এয়াৰ ফিল্ডত হোৱা এটা ঘটনাৰ পৰা।

সেই এয়াৰ ফিল্ডৰ ওচৰতে লাগি থকা এখন গাঁৱৰ মানুহক মিলিটেৰীয়ে তাৰ পৰা আঁতৰাই নিছিল। কিন্তু এঘৰ লোক নিজৰ ভেটিৰ পৰা আঁতৰি নাযাওঁ বুলি মিলিটেৰীৰ বন্দুকৰ আগত বুকু পাতি দিছিল। ৫টা অংশত বিভক্ত এই নাটকখন সেই সময়ৰ বাস্তৱৰ দলিল।

নাটকখনত কোনো নায়ক-নায়িকা নাই। নাট্যকাৰে নাটকখনৰ চৰিত্ৰসমূহ নিৰ্মাণ কৰোতে লভিতাক এক বৈপ্লৱিক সত্ত্বাৰ মাজত ধৰি ৰাখিছে। লভিতাৰ মুখত নাট্যকাৰে সংলাপ দিছিল এইদৰে - 'কি কলিকালৰ কথা কৈছা। গান্ধী মহাত্মাইনো কি বেয়া কাম কৰিছে। আমাৰ দেশক গছকি গছকি সাত সাগৰৰ পাৰৰ ইংৰাজসতে ঢাহিমোহি খালে। সোপাকে সিহঁতৰ দেশকৈ কঢ়িয়াইছে। গান্ধীয়ে তেও সিহঁতক আমাৰ দেশ এৰি দিবলেহে কৈছে।'

নাটকখনত মাটিৰ গোন্ধ আছে। মাজে মাজে গান্ধীৰ অহিংসা নীতিক কটাক্ষ কৰিছে। পোন প্ৰথমবাৰৰ বাবে এই নাটকখনৰ মঞ্চস্থ হৈছিল ১৯৪৭ চনত। তেতিয়া নাটকখন ছপা হোৱাই নাছিল। দুৰ্গা পূজাৰ সময়ত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্যমন্দিৰৰ ৰঙ্গমঞ্চত ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছে নাটকখন মঞ্চস্থ কৰিছিল।

কোনো ৰাজনৈতিক মতবাদক সমৰ্থন কৰি লভিতা লিখা হোৱা নাছিল। শ্বিলঙৰ ছপলা বুকষ্টলে প্ৰকাশ কৰা নাটকখনৰ মূল্য আছিল ২টকা। জ্যোতিপ্ৰসাদে এই নাটকৰ পাতনিত লিখি থৈ গৈছে - এইখন গতানুগতিক নাটক নহয়।

তেওঁ এইয়াও কৈ গৈছে - সচৰাচৰ নটকত যেনেকৈ আখ্যান, প্লট, চৰিত্ৰাঙ্কন থাকে, ঠিক সেইদৰে সেইবোৰ ইয়াত দিয়া হোৱা নাই। লভিতা আদৰ্শমূলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয়। এই নটকত যিবোৰ ঘটনা আৰু চৰিত্ৰ দিয়া হৈছে, সেই সকলোবোৰ ৪২ আৰু দ্বিতীয় মহাসমৰৰ সময়ত হোৱা সঁচা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত।

শেষত তেওঁ কৈছিল - নাটকখন মই লিখিছো বোলাতকৈ, মোৰ হতুৱাই লিখাইছে বুলিলেহে সঁচা কথা কোৱা হ'ব। তেওঁ অভয় দুৱৰা আৰু তৰুণ দুৱৰাৰ বাবে এই নাটকখন লিখাৰ কথা উল্লেখ কৰিছে পাতনিত।

নাটকখনৰ প্ৰথম অংকৰ প্ৰথম দৰ্শনৰ ঠাই লহৰজান মৌজাৰ ফলৌগুৰি গাঁৱৰ। সময় সন্ধিয়া। দূৰণিৰ পৰা এটা বনগীত ভাঁহি আহিছে - লুইতেদি যাৱ ক'ৰে নাৱৰীয়া। লভিতাৰ মুখত তাৰ পাছত আন এটা বনগীত - মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী।

জ্যোতিপ্ৰসাদৰ এই কালজয়ী নাটকখন নতুন প্ৰজন্মৰ বাবে ভ্ৰাম্যমানত মঞ্চস্থ হোৱাটো অতি ভাল কথা। কিন্তু সেই নাটকখনক বিকৃত কৰি জ্যোতিপ্ৰসাদক অপমান কৰাৰ অধিকাৰ কাৰোৰেই নাই।

এই নাটখন ভ্ৰাম্যমানত ইয়াৰ পূৰ্বেও মঞ্চস্থ হৈছিল। চিত্ৰলেখা থিয়েটাৰ, মুকুন্দ থিয়েটাৰ আদিত লভিতা মঞ্চস্থ কৰোতে জ্যোতিপ্ৰসাদৰ সৃষ্টিত কোনেও হাত দিয়া নাছিল। কিন্তু আবাহন থিয়েটাৰৰ পৃষ্ঠপোষকতাত অভিজিৎ ভট্টাচাৰ্যৰ হতুৱাই জ্যোতিপ্ৰসাদৰ এই নাটকখন ৰিমিক্স কৰা হ'ল কিয়।

ভ্ৰাম্যমানৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ পুৰণি লভিতা নাটখনৰ চৰিত্ৰ একেই ৰাখি নিজাকৈ সংলাপ লিখি সংযোজন কৰাৰ অৰ্থ কি? জ্যোতিপ্ৰসাদৰ নাটকৰ ওপৰত হাত দিব পৰাকৈ এই নাট্যগোষ্ঠী বা নাট্যকাৰজনৰ ধৃষ্টতা কেনেকৈ হ'ল।

জ্যোতিপ্ৰসাদে লভিতা নাটকত ক'ত ভাৰত মাতা কী জয় শ্লোগান চৰিত্ৰৰ জৰিয়তে দিছিল। তাত বন্দে মাতৰম, জয় হিন্দ হে আছিল। অভিজিৎ ভট্টাচাৰ্যই যি ইচ্ছা তাকেই কৰিছে লভিতাত। মূল নাটকত ৰোমান্টিকতাৰ স্থানেই নাছিল।

লভিতাক ভ্ৰাম্যমানৰ জৰিয়তে বিকৃত ৰূপত ব্যৱসায়িক স্বাৰ্থত বিক্ৰী কৰা হ'ল। জ্যোতিপ্ৰসাদ আগৰৱালাও বাচি নগ'ল। আজি লভিতা, কাইলৈ আন আমাৰ অসমীয়া সাহিত্যৰ অমৰ সৃষ্টিৰাজিক বিকৃত কৰি গৈ থাকিবলৈ দিম নে?

মুঠৰ ওপৰত এক অক্ষমণীয় ভুল কৰিছে নাট্যগোষ্ঠীটোৱে। ইয়াৰ নিশ্চয় উত্তৰ দিব লাগিব। লভিতাৰ নাটকত অভিজিৎ ভট্টাচাৰ্যই দৰ্শকক টানিবলৈ জ্যোতিপ্ৰসাদৰ মহান সৃষ্টিক ভৰিৰে মোহাৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

কি ক'ব এতিয়া প্ৰস্তুতি পৰাশৰে। গীতা, বাইবেল, মহাভাৰত, বৰগীত আদিও যাৰ যেনেকৈ ইচ্ছা তেনেকৈ লিখিবলৈ চেষ্টা কৰিব নেকি। সচেতন ব্যক্তি, দায়িত্বশীল সংগঠনৰ এতিয়া দায়িত্ব কি হ'ব। অসম নাট্য সন্মিলন, ৰাজ্যৰ সাংস্কৃতিক বিভাগ আদিৰো দায়িত্ব নাই নে? নে আমি এনেকৈয়ে আমাৰ ঐতিহ্য, সাহিত্যক বিকৃত কৰাৰ ঠিকা সেইসকলক দি থৈছো নেকি।

বৰ কৌশলেৰে নাট্যকাৰে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ এনে নামৰ অমৰ সৃষ্টিৰ আলমত এই নাটক ৰচনা কৰা বুলি প্ৰচাৰ চলালে। কিন্তু মূল নাটকৰ জ্যোতিপ্ৰসাদৰ সংলাপ, পটভূমি এনেকৈও কোনোবাই আলম লৈ বুলিয়েই ব্যৱহাৰ কৰিব পাৰে নে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in