/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-bikhekh-lekha-barkhashree.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কবিতা লিখাৰ বাবে কাৰাগাৰত ভৰাই থোৱা নাই। আলফাত যোগদান কৰাৰ কথা বাৰে বাৰে কোৱাৰ বাবাহে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। ছাত্ৰীগৰাকীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ প্ৰসংগত সৰ্বত্ৰে উঠা দাবীৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া।
আলফালৈ যাম বুলি কোৱা আৰু বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি ঘোষণা কৰা বৰ্ষাশ্ৰীয়ে বাৰু ভুল কৰিছে। সামাজিক মাধ্যমত দুই এটা পংক্তিৰে তেনে ইংগিত প্ৰদান কৰা বৰ্ষাশ্ৰীক ২ মাহ ধৰি কাৰাগাৰত বন্দী কৰি এই সংগ্ৰামী সত্তাক যদি বাধা দিব পৰা হয় তেনেহ'লে সেয়াই কৰা হওক।
এয়া ৰাজপথৰ আন্দোলন নহয়। কোনোৱেই তেনে পথ বাচি লোৱাৰ আগতে মুকলিকৈ সামাজিক মাধ্যমত এই কথা লিখি নিজৰ বিপদ নচপায়। কাউঞ্চিলিঙৰ নামত বৰ্ষাশ্ৰীয়ে আৰক্ষীয়ে এই কথা সুধিছিলনে কিয় বৰ্ষাশ্ৰীৰ মনলৈ এনে ভাৱ আহিছিল? কিহৰ বাবে বৰ্ষাশ্ৰীয়ে এই বিপ্লৱৰ কবিতাবোৰ লিখিছিল?
কবিতাত লিখা কথাবোৰ বৰ্ষাশ্ৰীয়ে সঁচাকৈয়ে কৰিব বিচাৰিছিল নে? আৰক্ষীৰ ওচৰত যদি তেনে তথ্য আছে তেনেহ'লে প্ৰথমেই যিখন এজাহাৰ বৰ্ষাশ্ৰীৰ বিৰুদ্ধে উৰিয়ামঘাট থানাত দাখিল কৰা হৈছিল, সেই এজাহাৰত এইবোৰ কথা নাছিল কিয়?
ৰাজ্যৰ দুজন উচ্চপদস্ত আৰক্ষী বিষয়াই বৰ্ষাশ্ৰীৰ সন্দৰ্ভত দিয়া মন্তব্যত আছে বিৰাট প্ৰাৰ্থক্য। বিদ্ৰোহ বা বিপ্লৱৰ কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক কাৰাগাৰত ভৰাই থোৱাৰ পিছত এতিয়া সৰ্বত্ৰে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া দেখি নতুন নতুন অভিযোগ বৰ্ষাশ্ৰীৰ ওপৰত জাপি দিয়াৰ চেষ্টা চলিছে নেকি?
বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি লিখা পংক্তিতকৈ সমাজক ক্ষতি কৰিব পৰা বহু কথা মন্তব্য বিখ্যাত, আভিজাত লোকে দি থৈছে। সেই সকলৰ ৰাজনৈতিক, সামাজিক দায়বদ্ধতা আন মানুহতকৈ বেছি। তেনে শ্ৰেণীত নেতা, মন্ত্ৰীও আছে। সেই সকলৰ অপৰাধ কিয় অপৰাধ হিচাপে বিৱেচনা কৰা নহয়?
মন্ত্ৰীয়ে যেতিয়া নিষিদ্ধ ঘোষিত সংগঠনৰ হুংকাৰত হাতযোৰ কৰি ক্ষমা বিচাৰে তেনে সেই মন্ত্ৰীসভাক নেতৃত্ব দিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নে নাই ? সেই প্ৰশ্নৰ উত্তৰ মানুহে যেতিয়া বিচাৰে, তেতিয়া তেওঁলোক মৌন হৈ ৰয়।
কা আন্দোলনৰ সময়ত জনপ্ৰিয় গায়কে কোৱা কথাবোৰে ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি বৰ্ষাশ্ৰীৰ দৃষ্টিকোণেৰে ভাবুকি আনিছিল। সেই ভাবুকি কিয় অবজ্ঞা কৰা হ'ল? তেওঁলোকক কিয় কাৰাগাৰত ভৰাবলৈ সাহস নকৰিলে? কেৱল বৰ্ষাশ্ৰীক কিয় টাৰ্গেট কৰি লোৱা হ'ল ?
বৰ্ষাশ্ৰীয়ে কবিতাৰ মাধ্যমেৰে কিছু কথা কৈছিল। হ'ব পাৰে সেই কথাবোৰত বিপ্লৱ বা বিদ্ৰোহৰ গোন্ধ আছিল। কিন্তু বৰ্ষাশ্ৰী আলফালৈ যোৱা নাছিল। সংবাদ মাধ্যমৰ জৰিয়তে উচ্চপদস্ত আৰক্ষী বিষয়াই চোৰাংচোৱা কৰিবলৈ আলফা স্বাধীনলৈ অসমীয়া যুৱকক প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এইবোৰ বিষয় কিয় তদন্ত নহ'ল? ৰাষ্ট্ৰদ্ৰোহৰ কবিতা লিখি, ৰাষ্ট্ৰযন্ত্ৰৰ ৰোষত পৰা বৰ্ষাশ্ৰীয়ে পৰীক্ষা দিবৰ বাবে জামিন বিচাৰিছিল। আৰক্ষী সঞ্চালক প্ৰধানে ক'লে- কাৰাগাৰতে থাক আইজনী। অৱশ্যে ন্যায়ালয়ে বৰ্ষাশ্ৰীৰ আৱেদনৰ ভিত্তিত গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতে পৰীক্ষা দিব পৰা ব্যৱস্থা কৰি দিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/f404ad03-9389-42a4-ac2f-2511ccd538eb.jpg)
মুখ্যমন্ত্ৰীয়ে কৈছে বৰ্ষাশ্ৰী বিষয়টোত এচামে ৰহণ সানিছে। কি ৰহণ সানিছে, কেনেকৈ ৰহণ সানিব পাৰিছে? সেই সুযোগ আৰক্ষীয়ে, চৰকাৰে দিছে। এজাহাৰত ফেচবুকত কিবা লিখাৰ বাবে গ্ৰেপ্তাৰ কৰাৰ কথা কোৱা হৈছে। মুখ্যমন্ত্ৰীৰ মতে এনে নকৰো বুলি ক'লে, মানসিকতা সলনি কৰিলে, বৰ্ষাশ্ৰীৰ দায়িত্ব পিতৃ-মাতৃয়ে ল'লে উলাব কাৰাগাৰৰ পৰা।
বৰ্ষাশ্ৰীৰ ভুল, শুদ্ধ সেয়া আদালতত প্ৰমাণ হ'ব। ২ মাহ কাৰাগাৰত থাকি বৰ্ষাশ্ৰীয়ে ইতিমধ্যে বহু কষ্ট স্বীকাৰ কৰিছে। এতিয়া জানো কাৰোবাৰ মৰম, অনুগ্ৰহৰ প্ৰয়োজন আছে? যদি ভুল কৰিছে বৰ্ষাশ্ৰীৰ শাস্তি হওক। অন্যাথা আইনী যুঁজেৰে বৰ্ষাশ্ৰী মুকলি আকাশৰ তললৈ আহক।
বৰ্ষাশ্ৰীকলৈ যিসকল ইমান উদিগ্ন, যিসকলে বৰ্ষাশ্ৰীক ভয়ংকৰ সন্ত্ৰাসবাদী ৰূপত দেখিছে, তেওঁলোকে ইতিমধ্যে বৰ্ষাশ্ৰী সন্দৰ্ভত তেনে এক ভাৱমূৰ্তি বিয়পাই দিছে। তাৰ মাজতে ভাল খবৰ বৰ্ষাশ্ৰীক কাৰাগাৰৰ পৰাই পৰীক্ষা দিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে।
বৰ্ষাশ্ৰী ৰাষ্ট্ৰদ্ৰোহ কৰিবলৈ যোৱা নাছিল। বৰ্ষাশ্ৰীয়ে প্ৰয়োজনত বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰাৰ কথাহে কৈছিল। প্ৰয়োজন হ'লে এই আইনী যুঁজ দিঘলীয়া হওক। কাৰাগাৰতেই থাকি বৰ্ষাশ্ৰীয়ে এই যুঁজ জিকি উভতি আহক। আকৌ হাতত কলম তুলি লৈ কবিতা লিখক। অৱশ্যে বিপ্লৱৰ কবিতা লিখিবনে নিলিখে সেই সিদ্ধান্ত বৰ্ষাশ্ৰীয়ে লওক।
কাৰোবাৰ মতে বৰ্ষাশ্ৰী মানৱ বোমা হ'ব পাৰে ভৱিষ্যতে। বৰ্ষাশ্ৰীৰ পৰা সৃষ্টি হ'ব পৰা ভাবুকিক লৈ সচেতনতাৰ বাবে ভৰাই থোৱা হৈছে জে'লত। নিষিদ্ধ পথেৰে গ'লে মৃত্যু হোৱা আন ৪২ জনৰ দৰে বৰ্ষাশ্ৰীৰ কি দশা হ'ব তাক লৈ চিন্তিত।
যদি বৰ্ষাশ্ৰীক লৈ ইমানেই ভাবুকি, তেনে থাকক তাই কাৰাগাৰতে। যি দিনা কাৰাগাৰৰ পৰা আইনী যুঁজেৰে নিৰ্দোষী হৈ ওলাই আহিব সেই দিনা বৰ্ষাশ্ৰীয়ে কাৰোবাৰ অনুগ্ৰহ বা কৃপা নোহোৱাকৈয়ে প্ৰমাণ কৰিব পাৰিব- ভাবুকি নহয়, সম্ভাৱনা হে তাই। অন্তত অসমীয়া কাব্য জগতৰ বাবে বৰ্ষাশ্ৰী এক সম্ভাৱনাৰ প্ৰতীক হৈ উজলি উঠক।