/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/AP-bikhekh-lekha-1-4.jpg)
তুষাৰ প্ৰতিম
কথা আছিল জাতি, মাটি, ভেটি ৰক্ষাৰ। কিন্তু শাসনলৈ অহাৰ পিছতে জাতি, মাটি, ভেটি ৰক্ষাৰ পৰিৱৰ্তে যেন এফালৰ পৰা সকলো ধ্বংসৰ কামহে আৰম্ভ কৰিছে। বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা এফালৰ পৰা ধাৰাবাহিকভাৱে জাতি বিদ্বেষী সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰই হওক বা ৰাজ্যই হওক দুয়োখন চৰকাৰে গ্ৰহণ কৰা অসমীয়া জাতি, ভাষা, সংস্কৃতি বিদ্বেষী এনে সিদ্ধান্তই ৰাজ্যজুৰি সময়ে সময়ে সৃ্ষ্টি কৰি আহিছে প্ৰতিক্ৰিয়াৰ।
শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যত হিন্দী ভাষাৰ অধ্যয়ন দশম শ্ৰেণীলৈ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে এই কথা নিজেই প্ৰকাশ কৰিছে। অ-হিন্দী ভাষী ৰাজ্যসমূহৰ নাগৰিকক হিন্দী ভাষাৰ মাধ্যমেৰে নিজৰ মনৰ ভাৱ আদান-প্ৰদানৰ বাবে তেওঁ আহ্বান জনাইছে।
আৰ এছ এছ তথা, ভাৰতীয় জনতা পাৰ্টীয়ে এক দেশ, এক জাতি আৰু এক ভাষা নীতি দেশত প্ৰযোজ্য কৰিবলৈ পূৰ্বৰে পৰা চেষ্টা চলাই আহিছে। পূৰ্বেও অমিত শ্বাহে হিন্দীৰ সপক্ষে উকালতি কৰিছিল। ২০১৯ চনৰ ছেপ্তেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় হিন্দী দিৱসত মন্তব্য কৰিছিল যে, হিন্দীক ভাৰতৰ উমৈহতীয়া ভাষা কৰিব লাগে। হিন্দী দেশখনক ঐক্যবদ্ধ কৰাৰ ভাষা হ'ব পাৰে। তেওঁ লগতে উত্তৰ-পূব বাসীক হিন্দী শিকোৱা হ'ব বুলি তেতিয়াই মন্তব্য কৰিছিল।
অমিত শ্বাহৰে মন্তব্যই সেই সময়টো দক্ষিণ ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বিতৰ্কৰ সূচনা কৰিছিল। পুনৰ অমিত শ্বাহে পূৰ্বে কৰা সেই মন্তব্যক চেৰাই এইবাৰ উত্তৰ পূৰ্বাঞ্চলত হিন্দী ভাষা বাধ্যতামূলক কৰা হ'ব বুলি কোৱাৰ লগতে ইয়াৰ বাবে ২২ হাজাৰ হিন্দী শিক্ষক নিযুক্তি দিয়াৰো কথা কৈছে। অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
বহুতেই অমিত শ্বাহৰ এই ঘোষণাক অসম বিৰোধী আখ্যা দিছে। হিন্দী বাধ্যতামূলক কৰিলে অসমীয়া ভাষালৈ বিপদ কঢ়িয়াই আনিব বুলিও চৰ্চা চলিছে। আনহাতে একাংশই অমিত শ্বাহৰ এই ঘোষণাক সমৰ্থন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে।
অসমত অসমীয়া ভাষালৈ বিপদ নামি অহা কথাষাৰ এতিয়া নতুন হৈ থকা নাই। ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান আৰু ইংৰাজী মাধ্যমৰ প্ৰতি মানুহৰ বাঢ়ি অহা আকৰ্ষণৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানলৈ ইতিমধ্যে বিপদ নামি অহাৰ লগতে বহু ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বন্ধৰ দিশে গতি কৰিছে। সমান্তৰালকৈ কমি গৈছে অসমীয়া ভাষীৰ সংখ্যা।
আনহে নালাগে অসমীয়া ভাষা, সাহিত্য চৰ্চাৰে সামাজিক স্বীকৃতি লাভ কৰা বহু অসমীয়া স্বনামধন্য ব্যক্তিয়ে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ নকৰাই ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত পঢ়োৱাই আহিছে। ইয়াৰ উপৰিও চৰকাৰৰ পৃষ্ঠপোষকতাতে চলি আছে অসমীয়া ভাষাৰ বিৰুদ্ধে অভিযান।
সৌ সিদানখন অসমৰ শিক্ষানুষ্ঠানত বহিঃৰাজ্যৰ শিক্ষক নিযুক্তি দিয়াৰ খবৰ প্ৰকাশ পাইছে। অসমীয়া নজনা বহিঃৰাজ্যৰ শিক্ষকে অসমৰ শিক্ষাৰ্থীক পঢ়োৱাইছে অ,আ-ক, খ। ৰাজ্যিক কেবিনেট বৈঠকৰ জৰিয়তে অসম লোক সেৱা আয়োগৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা হৈছে। যাৰ ফলত বহিঃৰাজ্যৰ শিক্ষাৰ্থীৰ অসমীয়া ভাষা জ্ঞান অবিহনে অসমত চাকৰি কৰাৰ বাট মুকলি হৈছে।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অমিত শ্বাহৰ ঘোষণাক আদৰণি জনাইছে। তেওঁৰ মতে অসমৰ শিক্ষাৰ্থীয়ে হিন্দী নজনাৰ বাবে ৰাজ্যৰ বাহিৰত সংস্থাপন লাভ কৰিব নোৱাৰে। হিন্দী ভাষা বাধ্যতামূলক কৰিলে অসমৰ শিক্ষাৰ্থীয়ে ৰাজ্যৰ বাহিৰতো চাকৰি কৰিব পাৰিব। তেওঁৰ মতে চাকৰিৰ বজাৰখনৰ বাবেই হিন্দী বাধ্যতামূলক কৰা হৈছে। তেওঁৰ মতে দেশজুৰি সংস্থাপনৰ বাট মুকলি হ'ব অসমীয়াৰ।
শিক্ষামন্ত্ৰীৰ এই যুক্তি কিমান যুক্তিসংগত সেই কথা ৰাইজেই বিবেচনা কৰিব। অসমীয়া যুৱক-যুৱতীয়ে যদি বহিঃৰাজ্যত চাকৰি কৰা নাই বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ভাবিছে তেন্তে বহিঃৰাজ্যলৈ গমন কৰা অসমৰ লাখ লাখ যুৱক-যুৱতী ক'লৈ কি কৰিবলৈ গৈছে? শিক্ষামন্ত্ৰী পেগুৱে বুজাব বিচাৰিছে নেকি অসমীয়াই হিন্দী নাজানে?
মন কৰিবলগীয়া যে, এইগৰাকী শিক্ষামন্ত্ৰীয়েই কৈছে ভাষা এটা স্কিল। ইয়াক আয়ত্ব কৰিব পাৰিলে ভাল। এই কথাত কাৰো দ্বিমত নাই। যিমানেই ভাষা ক'ব আৰু বুজিব পাৰি সিমানেই ভাল। কিন্তু সেই বুলি জোৰ কৰি এটা ভাষা জাপি দিয়াটো কেতিয়াও যুক্তিসংগত নহয়। যিয়ে ইচ্ছা কৰে তেওঁ হিন্দীয়েই হওক বা আন ভাষাই হওক শিকিব পাৰে।
শিক্ষামন্ত্ৰী পেগুৰ কথাক মানি ল'লে সৌ সিদিনাখন এ আই ইউ ডি এফৰ নেতা ছিৰাজুদ্দিন আজমলে অসমীয়াক ভাষাক চৰম অপমান কৰা কথা কেইটাকো মানি ল'ব লাগিব। ইংৰাজী এটা আন্তঃৰাষ্ট্ৰীয় ভাষা। যদি চাকৰিৰ বজাৰখনেই মূল কথা হয় তেন্তে হিন্দী কিয়? আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ ডাঙৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজীকে বাধ্যতামূলক কৰিব পাৰিলে হয়!
আচলতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কোৱাৰ দৰে এইয়া কোনো চাকৰিৰ বজাৰৰ প্ৰতি লক্ষ্যৰাখি লোৱা সিদ্ধান্ত নহয়। এই সিদ্ধান্ত বিজেপি তথা আৰ এছ এছে দীৰ্ঘদিন ধৰি এক দেশ, এক জাতি আৰু এক ভাষা নীতি প্ৰযোজ্য কৰাৰ কৌশলহে। এই কথা অমিত শ্বাহৰ মুখেৰেই স্পষ্ট হৈছে।
অসমীয়া ভাষা কোৱা মানুহৰ বর্তমান পৰিসংখ্যাই সচেতন অসমীয়াক শংকিত কৰি তুলিছে৷ অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ প্রশ্ন উত্থাপিত হৈছে। অসমীয়া ভাষাৰ চৰ্চাৰ ক্ষেত্ৰত অসমীয়া মধ্যবিত্তৰ উদাসীনতাৰ লগতে চৰকাৰ-প্রশাসনৰ অৱহেলাকেই জগৰীয়া কৰা হৈছে।
অভিযোগ অনুসৰি অসমীয়া মধ্যবিত্তৰ গৰিষ্ঠ সংখ্যকেই নিজা ভাষাটোৰ প্রতি সচেতন নহয়৷ একেদৰে চৰকাৰেও অসমীয়া ভাষাৰ প্ৰতি সচেতন হোৱাৰ পৰিৱৰ্তে সময়ে সময়ে ভাষাটোৰ ক্ষতি হ'ব পৰাকৈ বহু সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া অভিভাৱকে ইংৰাজীৰ প্ৰতি দেখুৱা আনুগত্য আৰু চৰকাৰেও ইংৰাজী তথা হিন্দীৰ প্ৰতি দেখুওৱা এই কথা বতৰাই কিন্তু পূৰ্বৰ বহু কেইখন আয়োগৰ প্ৰতিবেদনক নস্যাত কৰিছে।
১৯৫২ চনত গঠন কৰা মুডালিয়াৰ আয়োগ আৰু ১৯৪৮ চনৰ ৰাধাকৃষ্ণন আয়োগে শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা বা আঞ্চলিত ভাষা হোৱাৰ সপক্ষে যুক্তি দিছিল। কিন্তু আজিৰ অসমীয়াই কেৱল ইংৰাজী মাধ্যমৰ জৰিয়তে ইংৰাজী শিক্ষা দিয়াৰ বাবেহে আহোপুৰুষাৰ্থ কৰে।
আনহাতে চৰকাৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাৰ কিদৰে দুৰ্দশা চলিছে সেই বিষয়ে ইতিমধ্যে বহু কেইটা উদাহৰণ দিয়া হৈছে। সংবিধানৰ ৩৪৫ অনুচেছদৰ মতে ৰাজ্যসমূহে আইন প্রণয়ন কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ৰাজ্যসমূহত প্রচলিত ভাষা প্রয়োগ কৰিব পাৰে৷ অসমত ১৯৬০ চনৰ অসমৰ ভাষা আইনৰ ভিত্তিত ভাৰতীয় সংবিধানৰ ২১৩ অনুচেছদ মতে চৰকাৰৰ সমস্ত কার্যসূচীত ৰাজ্যিক ভাষা অসমীয়া প্রয়োগ হ'ব লাগে৷
এই আইন অনুসৰি ৰাজহুৱা আৱেদন-নিৱেদন বোৰো অসমীয়া হোৱা বাধ্যতামূলক৷ কিন্তু আজি পর্যন্ত সেইয়া হৈ উঠা নাই। সেই আইন উলংঘা চৰকাৰ তথা প্ৰশাসনেই কৰি আহিছে। অসমীয়া ভাষাৰ প্ৰতি নামি অহা এই সংকট আজিৰ নহয়। বহু পূৰ্বৰে পৰা অসমীয়া ভাষা সংকটৰ গৰাহলৈ গৈছে।
সেয়ে হয়তো জ্ঞান নাথ বৰাই অসম সাহিত্য সভাৰ ১৯৬৮ চনৰ তেজপুৰৰ অধিৱেশনত দুখ প্ৰকাশ কৰি কৈছিল, 'আজি যি ফালেই চোৱা যায় সেই ফালেই অসমীয়া নাই৷ অসমীয়াত মাত-কথা ক্রমে শুনিবলৈ নোপোৱা হৈছে৷ ইয়াতেই আমাৰ দুদর্শাৰ অন্ত পৰা নাই৷ চিৰকাল অসমীয়া ভাষা কোৱা কিছুমান মানুহেও আমাৰ প্রাচীন দেশখন খণ্ড-বিখণ্ড কৰিবলৈ আন্দোলন কৰিব লাগিছে৷ কোনে অসমীয়া ভাষাক ৰক্ষা কৰিব? কোনে অসম দেশখনক ৰক্ষা কৰিব?'
সৌ সিদিনা অসম চৰকাৰে প্ৰতিটো সমষ্টিটে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানত বহিঃৰাজ্যৰ শিক্ষক নিযুক্তি দিছে। এনে পৰিস্থিতিত নতুনকৈ হিন্দীক বাধ্যতামূলক কৰি অসমীয়াক এলাগী কৰাৰ এই ষড়যন্ত্ৰক ৰাজ্যবাসীয়ে কিদৰে গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।
অসমীয়াই অমিত শ্বাহৰ দৰে ৰাজনৈতিক নেতাৰ পৰামৰ্শ মতে হিন্দীক প্ৰাধান্য দিব নে মাতৃ ভাষা অসমীয়াক শক্তিশালী কৰাৰ সপক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব সেইয়া শীঘ্ৰেই স্পষ্ট হ'ব। এই কথাও উল্লেখ কৰিব লাগিব, আজি যিসকলে হিন্দী, ইংৰাজীৰ হৈ উকালতি কৰিব, অসমীয়াৰ বিৰুদ্ধে ৰচনা হোৱা ষড়যন্ত্ৰত চামিল হ'ব তেওঁলোকক কিন্তু সময়ে কেতিয়াও ক্ষমা নকৰিব।