জুবিন - এক আৱেগ...

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটী মহানগৰীৰে মাজমজিয়াত থকা এটা পুৰণি ক্লাৱ। অনুষ্টুপীয়াকৈ অতি কম বাজেটত বিহুৰ বতৰত এক অনুষ্ঠান অনুষ্ঠিত কৰে ক্লাৱটোৰ সদস্যসকলে। সেই ক্লাৱৰ প্ৰতিষ্ঠাৰ সৈতে অসমৰ সাংস্কৃতিক, সাহিত্য আৰু বৌদ্ধিক জগতৰ বহু মহীৰূহ জড়িত আছিল।

বিহু সন্মিলন বুলি নাপাতিলেও ব'হাগৰ বতৰত বিহু সন্মিলন সদৃশ এই অনুষ্ঠানটিত ৰাজ্যৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি আহিছে। কম বাজেটেৰে বাহ্যিকতা প্ৰদৰ্শনৰ বিপৰীতে ৰুচিপূৰ্ণ অনুষ্ঠান পৰিৱেশনৰ ওপৰত গুৰুত্ব দিয়া ক্লাৱটোৰ প্ৰতিজন সদস্যই নিজৰ মাজৰ বৰঙণিৰে এই অনুষ্ঠান পাতে।

আজিৰ পৰা সম্ভৱ ৬-৭ বছৰ আগৰ কথা। ৰূপালী জয়ন্তী বৰ্ষৰ বিহু বতৰৰ অনুষ্ঠান বুলি সেইবাৰ কিছু নতুন চিন্তা কৰা হৈছিল। সেই ক্লাৱঘৰৰ সমীপতে থকা আন এজন প্ৰতিষ্ঠিত শিল্পীক সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশনৰ বাবে ক্লাৱৰ বিষয়ববীয়া সকলে অনুৰোধ জনালে।

ল'ৰালি কালত একেলগে সেই ক্লাৱৰ সদস্যসকলৰ সৈতে খেলা-ধূলা কৰা শিল্পীজনক তেওঁৰ নিৰ্ধাৰিত মাননীতকৈ কিছু কম টকা লৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ জনোৱা অনুৰোধ তেওঁ নুই নকৰিলে যদিও তেওঁৰ মেনেজাৰৰ সৈতে কথা পাতিবলৈ ক'লে।

মেনেজাৰৰ সৈতে ক্লাৱৰ বিষয়ববীয়াই যোগাযোগ কৰিলে। তেওঁ জনালে নিৰ্ধাৰিত টকাতকৈ এটকাও কমত সেই অনুষ্ঠান কৰিব নোৱাৰে। ক্ষুণ্ণ হ'ল ক্লাৱৰ বিষয়ববীয়াসকল। মুখ খুলি একো নক'লেও ভিতৰি গুজৰি গুমৰি উঠিল। নিজৰ ক্লাৱটোত অনুষ্ঠান পৰিৱেশ কৰোতেওঁ অলপ এৰা ধৰা কিয় কৰিব নোৱাৰে।

এজন ৰাজ্যৰ প্ৰতিষ্ঠিত অভিনেতাৰ জৰিয়তে জুবিন গাৰ্গৰ সৈতে যোগাযোগ চলিল। কোৱা হ'ল বাজেট যথেষ্ট কম। সেই অভিনেতাজন ক্লাৱটোৰ সদস্য হোৱাৰ উপৰিও জুবিন গাৰ্গৰো ঘনিষ্ঠ।

সেইদিনা বেলতলাত জুবিন গাৰ্গৰ বিহু অনুষ্ঠান আছিল। তাৰ পাছতো কথা দিলে তেওঁ আহিব। বেলতলালৈ যোৱাৰ পথত সোমাই ক্লাৱটোৰ অনুষ্ঠানটোত ৫-৬টা গান গাই যাব। যিগৰাকী জনপ্ৰিয় শিল্পীয়ে নিৰ্ধাৰিত মাননী নাপালে মেনেজাৰৰ জৰিয়তে সংগীতানুষ্ঠান পৰিৱেশন কৰিব নোৱাৰো বুলি কৈছিল তেওঁক সম্বৰ্ধনা জনাবলৈ সন্ধিয়া মতা হ'ল।

সম্বৰ্ধনা ল'বলৈ তেওঁ আহিল। সেই সময়ত অনুষ্ঠানটোৰ পৰিচালনা কৰি থকা ক্লাৱৰ এজন সদস্যই সম্বৰ্ধনা জনাই ৰাজহুৱাকৈয়ে তেওঁৰ প্ৰশংসা কৰিলে। ক'লে - আমাৰ মাজৰ পৰাই গৈ আজি তেওঁ দেশজুৰি প্ৰতিষ্ঠিত। আমি গৌৰৱ কৰো।

শেষত ঘোষক তথা ক্লাৱৰ সদস্যজনে কৈছিল - আজি আমি তেওঁক দাঙিব নোৱাৰিলো। তেওঁ বহু গধুৰ হ'ল। আহি থকা দিনবোৰত আমি তেওঁক সংগীতানুষ্ঠানৰ বাবে মাতিব পাৰিম বুলি আশা কৰিছো।

কথাকেইষাৰ তেওঁ বুজি পালে নাপালে নাজানিলো। সম্বৰ্ধনা লৈ তেওঁ গ'লগৈ। জুবিন আহিব বুলি ক্লাৱৰ ফিল্ডত মানুহে ভৰি পৰিল। নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ হ'লেও জুবিন গাৰ্গ আহিল।

কথাকেইষাৰ তেওঁ বুজি পালে নাপালে নাজানিলো। সম্বৰ্ধনা লৈ তেওঁ গ'লগৈ। জুবিন আহিব বুলি ক্লাৱৰ ফিল্ডত মানুহে ভৰি পৰিল। নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ হ'লেও জুবিন গাৰ্গ আহিল।

মানুহৰ মাজত জুবিন গাৰ্গ হেৰাই গ'ল। ইটোৰ পাছত সিটো গান গাই গ'ল তেওঁ। তাৰ মাজতে তেওঁৰ কাণত এজনে আহি কাণে কাণে কিবা এটা কৈ গ'লহি। সম্ভৱত: বেলতলা অনুষ্ঠানৰ বাবে দেৰি হোৱাৰ কথা।

জুবিনে সেইবোৰলৈ কেৰেপ নকৰি নিজৰ মতে অনুষ্ঠান সামৰিলে। ক্লাৱটোৰ প্ৰতিজন সদস্য অত্যন্ত সুখী হ'ল। মাননীৰ নামত জুবিনে মাত্ৰ ল'লে টকা ১ লাখ। তাৰ পাছত ঘৰৰ কাষৰ শিল্পীজনতকৈ ক্লাৱৰ প্ৰতিজন সদস্যই জুবিন গাৰ্গৰ ফেন হৈ পৰিল।

সেই কাৰণেই জুবিন 'জুবিন'। মেজাজী আৰু অভিমানী এজন মানুহৰ মাজত থাকি ভালপোৱা শিল্পী। এনে বহু উদাহৰণ আছে জুবিনক ভালপাব পৰা। কাৰোবাৰ বাবে তেওঁ ভগৱান। নতুন প্ৰজন্মৰ বাবে জুবিন এক আবেগ।

জুবিনে কি কয়, জুবিনে কি কৰে, জুবিনে কি পিন্ধে সেয়া নতুন প্ৰজন্মৰ বহুতে লক্ষ্য কৰে। আনকি সংগতি থাকক বা নাথাকক যিকোনো বিষয় সন্দৰ্ভত জুবিনৰ পৰা সাংবাদিকেও তেওঁৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাতো এটা নিয়মত পৰিণত হৈছে।

অসমৰ সংগীত জগতত জুবিনৰ আত্মপ্ৰকাশ আৰু তেওঁৰ সৃষ্টিৰাজি মূল্যায়ন নতুন প্ৰজন্মই অতি আগ্ৰহেৰে কৰিছে। জুবিনৰ প্ৰতিটো গীতেই ব্যতিক্ৰম আৰু সেই সৃষ্টিত আছে পৰিৱৰ্তনশীল সময়ৰ বিশ্বমুখী সংগীতৰ ধাৰা।

সেয়েহে জুবিনৰ প্ৰতি মানুহৰ ইমান আগ্ৰহ। সেয়েহে জুবিনক মানুহে ইমান ভাল পায়। সমালোচনাৰ উৰ্ধত তেওঁ নহ'লেও তেওঁৰ খেয়ালী মনটো, নিৰ্ভীকতাক মানুহে পচন্দ কৰে। ৫০ বছৰীয়া হ'ল জুবিন গাৰ্গ। এই ৫০ বছৰীয়া জীৱন যাত্ৰাত জুবিনে কেৱল সংগীতকে সমৃদ্ধ কৰা নাই, বহুতৰ জীৱনক তুলি ধৰিছে। তেওঁ এখন খোলা কিতাপ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in