কথা শুনা এটা বনৰীয়া হাতী...

author-image
Asomiya Pratidin
New Update
কথা শুনা এটা বনৰীয়া হাতী...

special writing

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজ্যত হাতী-মানুহৰ সংঘাত এক সাধাৰণ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত ঘৰ-দুৱাৰ নষ্ট, জীৱন হানি এইবোৰ নতুন কাহিনী নহয়। বিভিন্ন কাৰণত বনৰীয়া হাতী জনবসতি স্থানলৈ ওলাই আহে। খাদ্য, বাসস্থানৰ অভাৱ, অহা-যোৱা কৰা পথৰ অবৈধ নিৰ্মাণ আদি হাতী-মানুহৰ মৌলিক কাৰণবোৰ আমি নিজেই সৃষ্টি কৰি লোৱা।

সন্মুখত এটা বনৰীয়া হাতী যদি আহি উপস্থিত হয়, তেনেহ'লে আমাৰ অৱস্থা কেনে হ'ব পাৰে। যদি ২০ মিনিট সময় এটা বনৰীয়া হাতীয়ে গুৰু-গম্ভীৰ খোজেৰে বিপৰীত দিশৰ পৰা খেদি আহে তেনেহ'লে সেই পথেৰে যোৱা যান-বাহনৰ যাত্ৰীসকলৰ মাজত শংকাই বিৰাজ কৰাটোৱেই স্বাভাবিক।

তেনে এটা অভিজ্ঞতাৰ সন্মুখীন হৈ সেই সময়ৰ দৃশ্য বন্দী কৰিলে বিশিষ্ট ব্যৱসায়ী তথা প্ৰতিষ্ঠিত ঠিকাদাৰ উদয় আদিত্য গোস্বামীয়ে। সামাজিক মাধ্যমত যোৱা ২৬ ছেপ্টেম্বৰ ২০২২ৰ এই অভিজ্ঞতাৰ সন্দৰ্ভত এটা চুটি ভিডিঅ' তেখেতে আপলোড কৰিছে।

তেওঁ লিখিছিল - ২০ মিনিট সময় পিছুৱাই আহিলো। হাতীটোৱে আমাৰ ফালে আগুৱাই আহি থাকিল। অৱশেষত গাড়ীৰ পৰা নামি আগবাঢ়ি গৈ ক'লো - যা বাবা, নিজৰ বাটেৰে যাগৈ। আৰু তাৰ পাছত....

সেই ভিডিঅ'টো আৰু ক'ত তেওঁ পৰিস্থিতৰ সন্মুখীন হৈছিল সেই অভিজ্ঞতাৰ কথা তেওঁ নিজেই ক'লে এইদৰে - আমি নাহৰকটীয়া জয়পুৰ ৰেইন ফৰেষ্টৰ সমীপৱৰ্তী এটা বাটেৰে গৈ আছিলো। অৰুণাচললৈ গৈ থকাৰ সময়ত হঠাৎ হাতীটো পথলৈ ওলাই আহে।

আমাক ২০ মিনিটমান সময় হাতীটোৱে পথৰেৰে আগবাঢ়ি আহি এক প্ৰকাৰৰ খেদিলে। আমাৰ গাড়ীবোৰ পিছুৱাই গৈ আছো। মোৰ বাহনখনৰ সন্মুখত এখন ট্ৰাক। অলপ পাহাৰীয়া পথ, কেকুৰিও আছিল। ওখ এই পথটোত ট্ৰাকখন বেক কৰি উঠাবলৈ অসুবিধা হয়। মই গাড়ীৰ চালকক গাড়ীখন ঘূৰাই ল'বলৈ কৈ গাড়ীৰ পৰা নামি মই ট্ৰাকখনৰ ফালে আগবাঢ়ি গৈ হাতীটোৰ ভিডিঅ' কৰিব ধৰিলো।

তেতিয়াই মোৰ মনত কথা এটা খেলালে। হাতীটোক মই ঘূৰি যাব নকওঁ কিয়। এহাতেৰে মোবাইলটোৰে ৰেকৰ্ডিং কৰি মই হাতীটোক উদ্দেশ্যি ক'লো - 'যা বাবা গণেশ বাবা যা। যা, যাব দে ৰাস্তাত। আহিছ কিয়। তই যা তোৰ ৰাস্তাত। যা বাবা যা।' হাতীটোক উদ্দেশ্যি তেওঁ এনেদৰে কোৱাৰ পাছত হাতীটোৱে আচৰিত ধৰণে পথ এৰি অৰণ্যৰ মাজলৈ সোমাই গ'ল।

সেই সমগ্ৰ দৃশ্য উদয় আদিত্য গোস্বামীৰ কেমেৰাত বন্দী হৈ ৰ'ল। মৰমেৰে হাতীটোক গণেশ বাবা সম্বোধনেৰে কোৱা কথা যেন আখৰে আখৰে হাতীটোৱে শুনিলে আৰু মানিলে। হাবিলৈ সোমাই যোৱাৰ পূৰ্বে হাতীটোৱে এবাৰ পিছ হুহকি আহিছিল। কিন্তু একান্ত বাধ্য ছাত্ৰৰ দৰে হাতীটো পিছ মুহূৰ্ততে অৰণ্যত মিলি গৈছিল।

সেই দৃশ্যও তেওঁ কেমেৰাত বন্দী কৰি ৰাখিলে। বনৰীয়া হাতী নহয় যেন সেইটো ঘৰচীয়া হাতীহে আছিল। তাৰ মাউতেহে যেন তাক নিৰ্দেশ দিছিল। হাতীটোৰ সৈতে হোৱা এই অভিজ্ঞতাই তেওঁক অভিভূত কৰি ৰাখিছে।

জীৱ-জন্তুৰো পৃথিৱীত অধিকাৰ আছে। জীৱ-জন্তুৱেও মৰম ভালপোৱা বুজি পায়। সাহসেৰে তেওঁ হাতীটোৰ কাষলৈ গৈ কোৱা কথাখিনি আৰু এই কেমেৰাত বন্দী হোৱা দৃশ্যখিনিয়ে বহু কথা কয়।

জীৱ-জন্তু মানুহৰ শত্ৰু নহয়। মানুহ হে জীৱ-জন্তুৰ শত্ৰু হয়। পৃথিৱীত জীৱ-জন্তুৰ অধিকাৰবোৰ আমি এফালৰ পৰা কাঢ়ি লৈছো। তাৰ পৰিণতিতেই বনাঞ্চল এৰি জনাঞ্চললৈ জীৱ-জন্তু ওলাই আহে।

প্ৰকৃতিৰ সৈতে আত্মীয়তা মানুহতকৈ জীৱ-জন্তুৰ বেছি। মানুহে প্ৰকৃতি ধ্বংস কৰে। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলায়। উদয় আদিত্য গোস্বামীৰ এই ভিডিঅ' সঁচাই এক ইতিবাচক আৰু অৰ্থবহ বাৰ্তা বহন কৰিব পৰা বিৰল ভিডিঅ'।

মানুহতকৈ এতিয়া জীৱ-জন্তুহে শ্ৰেষ্ঠ। বিনা কাৰণত জীৱ-জন্তুৱে কাৰোৱেই অনিষ্ট নকৰে। মৰমৰ মূল্য মানুহতকৈ জীৱ-জন্তুৱে দিব জানে। আচৰিত হৈ পৰিছে উদয় আদিত্য গোস্বামীও। এতিয়াহে তেওঁ অনুভৱ কৰিছে তেওঁ হাতীটোক বাট এৰি দিবলৈ কওঁতে অৰণ্যৰ মাজলৈ সোমাই গৈছিল।

প্ৰকৃতিৰ বুকুত এনে আকস্মিক আৰু বিৰল বহু ঘটনা ঘটে, বহু অভিজ্ঞতাৰ সন্মুখীন হয় ভাগ্যবানজন। সঁচা অন্তৰেৰে, সঁচা উপলব্ধৰে সকলোৰে হৃদয় জয় কৰিব পাৰি। তাৰ ব্যতিক্ৰম নহয় জীৱ-জন্তু। আকস্মিকভাৱে তেওঁ সংগ্ৰহ কৰা এই ভিডিঅ'য়ে সেই কথাই কয়, কৈ যাব সদায়।

assam jaypur rain forest elephant