গালি পাৰো আহক…

গালি পাৰো আহক…

author-image
asomiyapratidin
New Update
গালি পাৰো আহক…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ব্ৰাজিলৰ এজন বিখ্যাত লেখক পাউলো কোয়েনহু। তেওঁৰ লেখা আৰু গল্পবোৰ সৰু সৰু কথাকলৈ হ'লেও বৰ চিন্তাকৰ্ষী। "লৰ্ড, আই হেভ ন' আইডিয়া হোৱেৰ আই এম গয়িং, টেন ছেকেণ্ড ৰিড্ দ্যা গিফ্ট অৱ ইনচাল্টছ, চেল্যুট ফৰ দ্যা প্ৰেজেন্ট ম'মেন্ট" আদি তেওঁৰ লিখাৰ শীৰ্ষ।

শিৰোণামেই কয় তেওঁ কি ধৰণৰ বিষয়ৰ ওপৰত লিখা-মেলা কৰে। সেইবাবে সাধাৰণ পাঠকেও এই লেখাবোৰৰ মাজত নিজেই বিচাৰি থকা কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি পায়। তেওঁৰে এখন ৰচনা হ'ল- থাৰ্টি ছেকেণ্ড ৰিডিংঃ হোৱাই ডু্ উই চাউট ইন এংগাৰ। এই ৰচনাখনত এজন শিক্ষকৰ জৰিয়তে এটা প্ৰশ্ন উত্থাপন কৰা হৈছে।

ছাত্ৰসকলক শিক্ষকজনে প্ৰশ্ন কৰিছিল- তোমালোকে মোক ক'ব পাৰিবানে -"খং যেতিয়া উঠে তেতিয়া আমি চিঞঁৰো কিয়?" বহুসময় ভাবি এজন ছাত্ৰই উত্তৰ দিছিল- "খং উঠাৰ সময়ত আমি নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ আৰু সেইয়ে আমি চিঞঁৰি দিও। খং উঠা মানুহজন ওচৰত থকাৰ পাছতো লাহে ধীৰে তেঁও কথাবোৰ ক'লেও আমি চিঞঁৰো অৰ্থাৎ গালি দিও।"

গালি পৰাতো মানুহৰ খং ক্ষোভৰ বহিঃপ্ৰকাশ। এতিয়া বাৰু আপোনাৰ গালি দিবৰ মন নাযায়নে? এই ধৰক বানপানীৰ সময়ত বহু ঠাইত মানুহে বান সাহাৰ্য পোৱা নাই, বানত ককবকাই থকা মানুহবোৰে প্ৰশাসন-চৰকাৰক গালি দিয়ে।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ সামাজিক মাধ্যমত বিভিন্ন বিষয়ৰ চৰ্চা। সাংবাদিকে নুসুধিব লগা প্ৰশ্ন হেনু সুধিলে মেধাৱী ছাত্ৰ-ছাত্ৰীক। এইবোৰ দেখি কিছু সচেতন লোকৰো খং উঠে। বিভিন্ন মাধ্যমৰ জৰিয়তে সাংবাদিকক গালি-গালাজ কৰে।

শাসনত থকা চৰকাৰক বিৰোধীয়ে গালি দিয়ে। প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে কৰা নকৰিবলগীয়া কামৰ বাবে বিৰোধীৰ খং উঠে। বজাৰত এতিয়া জুই চাই দাম। শাক-পাচলিৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। সাধাৰণ লোকৰ বাবে এইয়াও এক খঙৰ কাৰণ হৈ পৰিছে।

ভূগৰ্ভত থকা পানী ব্যৱহাৰ কৰিবৰ বাবে টেক্স দিব লাগিব। অৰ্থাৎ পানীক লৈয়ো ৰাজহ সংগ্ৰহৰ এক ব্যৱস্থা গঢ়ি তোলা হৈছে। চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী ধন ব্যয়েৰে যোগান ধৰা পানীৰ বাবদ উপভোক্তাই ধন দিবলগাটো সুকীয়া কথা।

কিন্তু প্ৰকৃতিৰ মৌলিক উপাদান পানীৰ বাবে সাধাৰণ লোকে ধন ভৰিব লগাতো আপাত দৃষ্টিত আচৰিত হ'বলগা। কালিলৈ এনে পৰিৱেশো আহিব নোকি মুক্ত বায়ু সেৱন কৰিবলৈয়ো ভৰিব লাগিব ধন? ইয়াৰ বাবে সাধাৰণ জনতাৰ নিঃসন্দেহে খং উঠিব। কিন্তু গালি দিব কাক?

ৰাজস্থানৰ উদয়পুৰত ক'ৰ ঘটনা গৈ কি পালগৈ? নেতাৰ মুখৰ এষাৰ কথাই দেশ জ্বলাই দিব পাৰে। উচ্চতম ন্যায়ালয়ৰো নেতাৰ এনেবোৰ আচৰণত খং উঠে। নুপুৰ শৰ্মাক ন্যায়ালয়ে গালি পাৰিয়েই দিলে। এনে কাৰ্যৰ বাবে নুপুৰ শৰ্মাই দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। উদয়পুৰৰ ঘটনাৰ বাবে দায়ী নুপুৰ শৰ্মা।

এতিয়া সকলোৰে খং উঠে, গালি পাৰে। কিছুমান গালি লিখিত ৰূপত, কিছুমান গালি প্ৰতিবাদৰ ৰূপত। আন কিছুমান গালি মানুহে বুকুত মনে মনে লৈ ফুৰে। সেই ক্ষোভৰ অগ্নিয়ে নিজকে দহে। সাংবাদিকক লৈ মানুহৰ ক্ষোভ, মানুহৰ খং। কিছু সাংবাদিকৰ আচৰণে মানুহক ক্ষোভিত কৰে।

সামাজিক মাধ্যমতো একেই অৱস্থা। কিছুমান কাৰু-কাৰ্যই সাধাৰণ লোকৰ মনত ক্ষোভ, খঙৰো সৃষ্টি কৰে। তাতেই ক্ষোভ উজাৰে, প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো খং উঠে। সংবাদ মাধ্যমক সুযোগ পালেই তেওঁ সেই খং উজাৰে।

আমোলা -বিষয়াৰ ওপৰতো খং উঠে মুখ্যমন্ত্ৰীৰ। মুকলিকৈ মুখ্যমন্ত্ৰীয়ে খং, ক্ষোভ উজাৰে। কঠোৰ হোৱাৰ ইংগিত প্ৰদানেৰে যিমানখিনি লৈকে পাৰে সিমানলৈকে গালি পাৰে। কোনোবা সম্প্ৰদায়ৰ মাছ বেপাৰীৰ টুপী খুলি দলিয়াই দিয়াক লৈ, ৰাজস্থানৰ উদয়পুৰৰ ঘটনাক লৈ সাংবাদিকে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে খং কৰে।

ধুতী খোলা, টুপী খোলা এইবোৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰীক সুধিব নালাগে এই কথা সোঁৱৰাই দিয়ে। টি আৰ পি সাংবাদিকক নিদিও বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বতেও কৈ থৈছে। কিন্তু সেই তৰল পৰিৱেশ ক'ৰবাত মুখ্যমন্ত্ৰীয়ে নিজেই সৃষ্টি কৰিছিল নেকি সেয়াও আন এক বিচাৰ্য বিষয়।

নেতা, মন্ত্ৰীয়ে প্ৰায় মিছা কথা ক'বলগীয়া হয়। ৰাইজে সকলো দেখি থকাৰ পিছতো মহাৰাষ্ট্ৰৰ বিসম্বাদৰ নাটকতে এনে মিছা বচন অসমৰ কিমান জন মন্ত্ৰী, বিধায়কে মাতিলে! সেইবাৰো দেখিলেও মানুহৰ খং উঠে। উদং ৰাজভড়াল। তাৰ পাছতো কত যে আঁচনি ঘোষণা কৰে চৰকাৰে?

সকলোবোৰ দেখি, শুনি আপোনাৰ, মোৰ খং কৰিব বা গালি পাৰিবলৈ নিশ্চয় মন যায়। সেই ব্ৰাজিলৰ বিখ্যাত লেখক জনে ব্যাখ্যা কৰাৰ দৰেই চিঞঁৰি চিঞঁৰি কথাবোৰ ক'ব ইচ্ছা হয়। কিন্তু খং কৰিব কাক? শুনিবই বা কোনে আপোনাৰ- মোৰ কথা? কিন্তু খং উঠে সচাকৈয়ে।