/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/AP-FOR-WEB-NEW-bikhekh-lekha-xomoi.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সময়ে কথা কয়। সময়ে বিচাৰ কৰে। সময় সকলো। সময় ধৰি ৰাখিব কোনেও নোৱাৰে। কিন্তু সকলোৰে বাবে সময় আহে। সময়ে সকলো সলনি কৰে। ক'ৰ পৰা আমি আজি ক'ত আছো সেয়া পৰিৱৰ্তিত সময়ৰ সিদ্ধান্ত। এই কেইদিন আন খবৰবোৰৰ লগতে কিছুমান খবৰ আহিছে যিবোৰৰ বাবে দায়ী সময়।
মানুহে মানুহক কেনেদৰে ঠগিব পাৰি তাৰেই যেন প্ৰতিযোগিতাত নামিছে। বেংকত থকা ধনো সময়ে সুৰক্ষিত কৰি ৰখা নাই। এনে প্ৰযুক্তি আৰু ব্যৱস্থাৰ পয়োভৰ ঘটিছে যে সহজ ভাৱেই কাৰোবাৰ বেংকৰ একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই ধন উলিয়াই লৈ যায়।
সুৰক্ষিত বুলি ভৱা ব্যৱস্থাবোৰ যেন এতিয়া অসুৰক্ষিত। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰিচয় দি, চিকিৎসকক প্ৰৱঞ্চনা কৰি, সেনা বাহিনীৰ লোকৰ পৰিচয়ৰে যোৱা কেইটামান দিনত এনে প্ৰৱঞ্চনাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। আমি কেৱল প্ৰত্যক্ষদৰ্শী হৈ সাৱধান হৈ থকাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে।
সময় ভাল, সময় বেয়া। কাৰোবাৰ বাবে যদি ভাল সময় চলিছে আন কাৰোবাৰ বাবে বেয়া সময় একেখিনিয়েই। সেই আপেক্ষিক তুলনাই ভাল-বেয়াৰ পাৰ্থক্য নিৰ্ণয় কৰে। ভাল সময়ৰ প্ৰতীক্ষাত আমি সকলোৱেই থাকো। আগতে মানুহৰ হাতত সময়ৰ অভাৱ নাছিল। অথচ মানুহে আজিৰ দৰে স্বাৱলম্বী, ইমান তথ্য প্ৰযুক্তিৰে সমৃদ্ধ জীৱন এটাৰো গৰাকী নাছিল।
এতিয়া সকলো সহজ হৈ পৰিছে। কল্পনা কৰকচোন আজিৰ পৰা ৫০ বছৰ আগৰ পৃথিৱীখনৰ কথা। কিমান সলনি হ'ল চকুৰ সন্মুখতে বহুবোৰ কথা। যাতায়ত, যোগাযোগ, তথ্য, প্ৰযুক্তি, জীৱন ধাৰণ আদি সকলোতে ক্ষীপ্ৰ পৰিৱৰ্তন হৈছে। আগৰ দৰে সময়ৰ যিকোনো কামত প্ৰয়োজন কমি আহিছে।
এটা বুটাম টিপি সকলোখিনি কৰিব পৰাকৈ আজিৰ পৃথিৱী সক্ষম। তাৰ পাছতো আমাৰ সকলোৰে জানো সময়ৰ অভাৱ নহয়! তেনেহ'লে সেই সময়বোৰ ক'ত হেৰাইছে? সময়ৰ হিচাপ একেই আছে। ২৪ ঘণ্টাই এটা দিন হৈছে। কোনোবা স্থানলৈ যাবলৈ আগতে যদি ৪ ঘণ্টা সময় লাগিছিল, এতিয়া ৪০ মিনিটতেই যাব পাৰি।
ধাৰণাগত ভাৱে মানুহৰ সময় বহু ৰাহি হ'ব লাগিছিল। কিন্তু সেই ধৰণে সময় ৰাহি নোহোৱাৰ কাৰণ কি? ৰাহি হ'বলগীয়া সময়বোৰ ক'ৰবাত আমি হেৰুৱাই আছো নেকি? এটা দিনৰ মূল্যায়ণ হওক, আমি এতিয়া কি কাম কৰোঁ? আৰু ৫০ বছৰ উৰ্ধৰ কোনো এজন লোকৰ সেই পুৰণি সময়ৰ লগত ইয়াক তুলনা কৰিলে সেই পাৰ্থক্যক অনুধাৱন কৰিব পৰাকৈ কিবা উত্তৰ পোৱা যাবনে?
ছেকেণ্ড, মিনিট হিচাপত আমি দিনটোত বহু সময় অপব্যয় কৰিব লৈছো। মানুহ এক প্ৰকাৰৰ নিচাগ্ৰস্ত হৈ পৰিছে কিছু বিষয়ক লৈ। ইমান দ্ৰুতগতিত আমি দৌৰিছো যে নিজক ফাঁকি দিও ধৰা নপৰাকৈ আছো। মানুহৰ চৰিত্ৰ সলনি হৈছে। নৈতিকতা মূল্যবোধ এইবোৰ যেন অৰ্থহীন হৈ পৰিছে।
সময় যাৰ মুলোক তাৰ। ব্যস্ত বুলি ভৱা মানুহবোৰেই এতিয়া ভীষণ এলেহুৱা। ব্যস্ত হৈ থাকোতেই মানুহৰ ইমান সময়ৰ অভাৱ হোৱা নাছিল। কাণে কাণ মাৰি সকলো মিলি গৈছিল। সময়ে আমাক এনে এক দিশেৰে ধাৱমান কৰিছে যে সঁচা, মিছা এইবোৰৰ বিচাৰ মুহূৰ্তৰ ভিতৰতে সলনি হ'ব পাৰে।
এতিয়া সকলো সম্ভৱ। খালী মনুহে ধৰি ৰাখিব পৰা নাই সময়। সেই হিচাপ হয়তো আধুনিক বিজ্ঞানে সলনি কৰাৰ দিনো আহিব। কৃত্ৰিম সূৰ্য বা কৃত্ৰিম দিন-ৰাতিৰে এটা দিনৰ দৈৰ্ঘ্যৰ তাৰতম্য ঘটাব। যি ইচ্ছা তাকেই কৰাৰ প্ৰৱণতাৰ ফল আজি মানুহে ভোগিছে।
ৰাজনীতিৰ ক্ষেত্ৰখনতো সময়ে বহুত সলনি কৰিলে। বহু অনুসন্ধানকাৰী সংস্থা, এজেঞ্চিৰ কাম-কাজ সময়ৰ গতিত ছাবি দিয়া পুতলাৰ দৰে হৈ পৰিছে। ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে এই সংস্থাবোৰ। চকুৰ সন্মুখতে দেখি থকা ঘটনাবোৰেই ইয়াৰ প্ৰমাণ।
আচলতে কি হৈছে বা কি হ'বলৈ গৈ আছে কোনেও নাজানে। সামগ্ৰিক ভাৱে ভাল সময় নে এয়া বেয়া সময় তাকো কোনেও ন দি ক'ব নোৱাৰে। সময়ৰ প্ৰবাহিত ঢৌত নতুনত্বৰ লহৰ উঠিছে। এটা দিনতেই বহুবোৰ কথা পুৰণি হয়। পুৰণি সময়ৰ সোণালী দিনবোৰেই শ্ৰেষ্ঠ বুলি কয়।
সেয়েহে এতিয়া স্থায়িত্ব ক'তো নাই। কেৱল প্ৰদৰ্শন ধৰ্মিতা, মুহূৰ্তৰ ভিতৰতেই সময়ে আনি দিয়ে জনপ্ৰিয়তা আৰু ৰুচিহীন জীৱনৰ মাজত চকমকাই থকা জীৱনৰ মায়াই আমাক ছানি ধৰিছে। আমি বাস্তৱক এৰি ছাঁৰ পাছত দৌৰিছো।
ফল বিহীন বহু কৰ্মৰে নিজকে প্ৰবোধ দিছো। এইবোৰে জীৱনক সমৃদ্ধ কৰা বুলি ভাবিছো। ঋষি মুনিসকলে বছৰ বছৰ ধৰি কৰা তপস্যা আৰু প্ৰজ্ঞাৰ সাধনাৰে নিজক সমৃদ্ধ কৰিছিল। সময়ক নতুন গতি দিছিল। সমাজখনক আগুৱাই নিছিল।
কিন্তু এতিয়া সেইবোৰ ক'ত? সাধনাবিহীন প্ৰাপ্তিৰ পিছত আমি দৌৰিছো। শ্ৰম আৰু প্ৰজ্ঞাবিহীন সময়ক আকোৱালি লৈ হাতৰ মুঠিতেই সকলো লাভ কৰি জীৱন কৰ্ষণৰ কথা পাহৰিছো। এতিয়াতো সকলোৱেই আছে চকুৰ সন্মুখত। কিন্তু থাকিও যেন একো নাই আমাৰ সন্মুখত।