/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/tet-21.jpg)
তুষাৰ প্ৰতিম
কিছুমান সিদ্ধান্ত চমক সৃষ্টিৰ বাবেই লোৱা হয় নেকি? ক্ষন্তেকিয়া চমক সৃষ্টিৰ বাবে পাহৰি যোৱা হয় নেকি সকলো নীতি, নিয়ম? চৰকাৰ তথা চৰকাৰী বিভাগে ইচ্ছা কৰিলেই গ্ৰহণ কৰিব পাৰি নেকি যিকোনো সিদ্ধান্ত? চৰকাৰে তথা একোটা বিভাগে নিজ ইচ্ছানুসৰি গ্ৰহণ কৰা সিদ্ধান্তই পৰৱৰ্তী সময়ত সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ কথা চিন্তা কৰে নে মন্ত্ৰী আমোলা বিষয়াই?
এনে বহু প্ৰশ্নই এতিয়া সাধাৰণ লোকৰ মুখে মুখে। সৌ সিদিনাখন অসম চৰকাৰে সৰু সজাইত বৃহৎ একে মেলা পাতি কেইবাটাও বিভাগত কেইবাহাজাৰ শিক্ষিত নিৱনুৱাক নিযুক্তি প্ৰদান কৰিলে। ২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ নিযুক্তিৰ কথা কোৱা চৰকাৰে ১ লাখৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলেও যিখিনিক নিযুক্তি প্ৰদান কৰিলে তাতেই বহুতে চৰকাৰক ধন্যবাদ জনালে।
কিন্তু চৰকাৰে চমক সৃষ্টিৰে যি নিযুক্তিৰ মেলা পাতিলে সেই মেলাৰ আনন্দ, উল্লাস মাৰ নৌযাওতেই নিযুক্তি পত্ৰ লাভ কৰা কেইবাহাজাৰ প্ৰাৰ্থীৰ এতিয়া মুখৰ মাত হেৰাইছে। কেৱল সেই সকলৰে নহয়, ইতিমধ্যে চাকৰিত যোগদান কৰি বিভিন্ন স্থানত চাকৰি কৰি থকা বহুতৰে এতিয়া ভৱিষ্যতক লৈ চিন্তা হৈছে।
গ্ৰেচ মাৰ্ক। এই গ্ৰেচ মাৰ্ক সকলোৰে এটা চিনাকী শব্দ। তুলনামূলক ভাৱে দুৰ্ৱল শিক্ষাৰ্থীক গ্ৰেচ মাৰ্ক দি ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱাৰ এই পদ্ধতিৰ সৈতে সকলো পৰিচিত। স্কুলৰ পৰীক্ষাৰ লগতে মেট্ৰিক পৰীক্ষাত গ্ৰেচ মাৰ্ক পাই উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ কথা আমি সকলোৱে জানো। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাত গ্ৰেচ মাৰ্ক শুনিছিল নে?
এইখন অসমতে সংঘটিত হৈছিল এক আজৱ ঘটনা। ২০২০ চনৰ মাৰ্চ মাহত ৰাজ্যৰ শিক্ষা বিভাগে মাধ্যমিক টেট অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিছিল। এই ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্ক। চৰ্চাৰ শীৰ্ষত উপনীত হৈছিল গ্ৰেচ মাৰ্ক। প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক নিৰূপক যোগ্যতা পৰীক্ষা চমুকৈ টেটত দিছিল গ্ৰেচ মাৰ্ক।
ৰাজ্যজুৰি শিক্ষাবিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ লগতে সমালোচনা হৈছিল যদিও চৰকাৰ তথা বিভাগে নিজৰ সিদ্ধান্তত অটল আছিল। যাৰ বাবে গ্ৰেচ মাৰ্ক পাই উত্তীৰ্ণ হোৱা সকলে পৰৱৰ্তী সময়ত চাকৰিও লাভ কৰিছিল। আজিও ৰাজ্যৰ বিভিন্ন জিলাত হাজাৰৰো অধিক গ্ৰেচ মাৰ্ক প্ৰাপ্ত টেট শিক্ষকে চাকৰি কৰি আছে।
নিজ ইচ্ছানুসৰি গ্ৰেচ মাৰ্ক দি টেট পৰীক্ষাত অৱতীৰ্ণ বহুতকে উত্তীৰ্ণ কৰাই শিক্ষা বিভাগে চমক সৃষ্টি কৰিছিল যদিও আজি সেইসকল টেট উত্তীৰ্ণৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। এইসকল গ্ৰেচ মাৰ্ক প্ৰাপ্ত টেট উত্তীৰ্ণৰ বাবেই আকৌ সেই সময়ত বহু ননগ্ৰেচ মাৰ্ক প্ৰাপ্ত টেট উত্তীৰ্ণই চাকৰিৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছিল।
যোৱা ১৪ মে'ত চৰকাৰে নিযুক্তি প্ৰদান কৰা ২২২১ গৰাকী স্নাতক শিক্ষকৰ যোগদান পৰ্ব স্থগিত ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে এই গ্ৰেচ মাৰ্ক ব্যৱস্থাক অবৈধ আখ্যা দিছে। ইয়াৰ বাবে পূৰ্বে গ্ৰেচ মাৰ্ক পাইয়ো চাকৰি কৰি থকা টেট উত্তীৰ্ণ স্নাতক শিক্ষকসকল চিন্তিত হৈ পৰিছে। ইফালে যোৱা ১১ মে'ত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ স্নাতক শিক্ষকৰ মেধাৰ তালিকাত উইথহেল্ডত থকা ১,৩৮১ গৰাকী গ্ৰেচ মাৰ্ক প্ৰাপ্ত প্ৰাৰ্থীৰো নাম তালিকাৰ পৰা কৰ্তন হোৱাৰ আশংকাই দেখা দিছে।
২০২০ চনৰ মাৰ্চ মাহত মাধ্যমিক টেটৰ ফালফল ঘোষণা কৰি প্ৰথম পৰ্যায়ত মুঠ ৭,৪১৭ গৰাকী এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও পৰৱৰ্তী সময়ত টেটৰ ফলাফল পুনৰ মূল্যায়ন কৰি অতিৰিক্তভাৱে প্ৰথম পৰ্যায়ত ৪,৬১৫ গৰাকীক ৫ নম্বৰকৈ গ্ৰেচ মাৰ্ক দি উত্তীৰ্ণ কৰোৱাইছিল। আৰু পিছত ১ নম্বৰকৈ গ্ৰেচ মাৰ্ক দি ৭১০ জনক উত্তীৰ্ণ কৰোৱাইছিল।
এইদৰে গ্ৰেচ মাৰ্ক দি কেইবাহাজাৰ টেট পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ বাবেই পৰৱৰ্তী সময়ত নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত গ্ৰেচ মাৰ্ক ব্যৱস্থাক লৈ অসন্তুষ্ট একাংশ প্ৰাৰ্থীয়ে উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ হৈছিল। কাৰণ এইসকল শিক্ষাৰ্থীয়ে নিযুক্তি লাভ কৰাৰ বিপৰীতে গ্ৰেচ মাৰ্ক পাই উত্তীৰ্ণ হোৱা সকলৰ নম্বৰ বা সৰ্বমুঠ পইণ্ট অধিক হোৱাৰ বাবে তেওঁলোকে নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাইছিল।
বিপৰীতে টেট উত্তীৰ্ণ হৈও সৰ্বমুঠ নম্বৰ বা পইণ্ট কম হোৱাৰ বাবেই বহু হাজাৰ টেট উত্তীৰ্ণ নিযুক্তিৰ পৰা বঞ্চিত হৈছিল। সেই সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাক গ্ৰেচ মাৰ্ক পদ্ধতিক লৈ প্ৰশ্ন কৰা হৈছিল যদিও তেওঁ গ্ৰেচ মাৰ্ক হিচাপে লাভ কৰা ৫ নম্বৰটো গ্ৰেচ মাৰ্ক নুবুলি গিফ্ট মাৰ্ক হিচাপে গ্ৰহণ কৰিবলৈহে আহ্বান জনাইছিল।
এতিয়া সেই গিফ্ট মাৰ্ক হিচাপে প্ৰদান কৰা ৫ নম্বৰেই হাজাৰ হাজাৰ শিক্ষিতৰ জীৱন অন্ধকাৰলৈ লৈ গৈছে। এফালে একাংশই গিফ্ট মাৰ্ক লাভ কৰি টেট উত্তীৰ্ণ হ'ল যদিও উচ্চ ন্যায়ালয়ৰ এই ৰায়ে তেওঁলোকৰ চাকৰি লাভৰ আশাত চেঁচা পানী ঢালিলে আৰু যিসকলে সেই গিফ্ট মাৰ্ক লাভ কৰি চাকৰি কৰি আছে তেওঁলোকৰো এতিয়া চাকৰি অনিশ্চয়তাত। কোন সময়ত চাকৰি এৰি ঘৰলৈ উভতিবলগীয়া হয় তাৰ কোনো ঠিকনা নাই।
ৰাজ্যত স্নাতক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো জৰুৰী হৈ পৰাৰ বাবে শিক্ষা বিভাগৰ আৱেদন মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ২০২১ চনত এক অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশনাত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দিয়া হৈছিল যদিও এই কথাও কোৱা হৈছিল যে, গ্ৰেচ মাৰ্ক লাভ নকৰাকৈ উত্তীৰ্ণ হোৱা সকলৰ সপক্ষে ৰায় গ'লে গ্ৰেচ মাৰ্ক পোৱা সকলে চাকৰি এৰি দিব লাগিব।
গুৱাহাটী উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগক স্নাতক শিক্ষক নিযুক্তিৰ সময়ত এই বিষয়ে নিযুক্তি প্ৰাপ্তসকলক অৱগত কৰিবলৈও নিৰ্দেশ দিছিল। কিন্তু শিক্ষাবিভাগে চমক সৃষ্টিৰে মেলা পাতি শিক্ষক নিযুক্তি দিলে যদিও উচ্চ ন্য়ায়ালয়ৰ সেই নিৰ্দেশনাক আওকান কৰিলে। যাৰ পৰিণতি ভূগিবলগীয়া হৈছে এইসকল টেট উত্তীৰ্ণ আৰু চাকৰি প্ৰাপ্তসকলে।
অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায়দান কৰি এই কথা কয় যে, টেটৰ প্ৰথম আৰু দ্বিতীয় কাকত দুয়োখন মিলাই সাধাৰণ শ্ৰেণীৰ গড়ে ৬০ শতাংশ আৰু সংৰক্ষিত শ্ৰেণীৰ গড়ে ৫৫ শতাংশ নম্বৰ লাভ কৰাসকলক টেট উত্তীৰ্ণ হিচাপে ধৰিবলৈ কোৱা হৈছে। ন্যায়ালয়ে গোটেই গ্ৰেচ মাৰ্ক ব্যৱস্থাক পুনৰ নিৰীক্ষণ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশনা দিছে। লগতে নন গ্ৰেচ মাৰ্ক প্ৰাপ্তসকলক চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে।
এতিয়া প্ৰশ্ন হৈছে, শিক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগে এইদৰে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিয় ল'ৰা ধেমালিৰ আশ্ৰয় ল'লে? টেট পৰীক্ষাত কিয় গ্ৰেচ, তেতিয়াৰ শিক্ষামন্ত্ৰীৰ ভাষাত গিফ্ট মাৰ্ক দিয়া হ'ল? ইয়াৰ পৰা কাৰ লাভ হ'ল? এইবোৰ প্ৰশ্নৰ উত্তৰ কোনোবাই দিব নে?
গ্ৰেচ মাৰ্কেই হওক বা গিফ্ট মাৰ্কেই হওক, শিক্ষা বিভাগে যি অতিৰিক্ত ৫ নম্বৰ দিলে সেই ৫ নম্বৰ কোনেও বিচৰা নাছিল। কোনেও কোৱা নাছিল আমাক উত্তীৰ্ণ কৰাই দিয়ক। নিজ ইচ্ছা মতেই বিভাগে সেই অতিৰিক্ত ৫ নম্বৰটো দিছিল। এতিয়া সেই ৫ নম্বৰেই সৃষ্টি কৰিলে জটিলতা।
গ্ৰেচ মাৰ্ক পাই উত্তীৰ্ণ হোৱা সকলে এতিয়া কি কৰিব? যদি তেওঁলোকে টেট পৰীক্ষাত অনুত্তীৰ্ণ হ'ল হয়, তেন্তে তেওঁলোকৰ হয়তো কোনো আক্ষেপ নাথাকিল হয়। দ্বিতীয়বাৰ আকৌ টেট পৰীক্ষাৰ বাবে অধিক মনোনিৱেশ কৰিলে হয়। কিন্তু ইচ্ছাকৃতভাৱে তেওঁলোকক গ্ৰেচ মাৰ্ক দি উত্তীৰ্ণ কৰোৱাৰ লগতে চাকৰি প্ৰদান কৰি এতিয়া বিপদত পেলোৱাৰ প্ৰয়োজনেই বা আছিল কি?
গ্ৰেচ মাৰ্ক লাভ কৰি চাকৰি কৰি থকাসকলে এতিয়া চাকিৰ এৰিবনে? চাকৰি এৰি তেওঁলোকে কি কৰিব? তেওঁলোকক এই অৱস্থা কৰোৱাৰ দায়িত্ব কোনে ল'ব? কোনো এতিয়া দায়িত্ব ল'ব গ্ৰেচ মাৰ্ক পাই উত্তীৰ্ণ হোৱা সেই ৪,৬১৫ গৰাকী ৰ ভৱিষ্যতৰ? এই প্ৰশ্নৰ উত্তৰ হয়তো কোনেও নিদিব। কিন্তু এই কথা নিশ্চিত যে, কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবেই ৫ নম্বৰ কৈ গিফ্ট মাৰ্ক দি এই সকলক চৰকাৰে অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে।