মিছা হয় : সংঘৰ এইবোৰ কথা কোনে কয়...

sankardev sangha
sankardev sangha

মৃদুল কুমাৰ সন্দিকৈ

হাইস্কুলৰ ষষ্ঠ শ্ৰেণীত পঢ়োতে এবাৰ তেওঁ বৰদোৱাত দৌলযাত্ৰা উৎসৱ চাবলৈ গৈছিল। তেওঁক হেনো কীৰ্তন ঘৰত সোমাব নিদিছিল। মনত বৰ দুখ পাইছিল তেওঁ। তেখেতৰ দেউতাক নৰোৱা সত্ৰৰ বৰ মেধি আছিল। দৌলৰ সিংহাসন কিন্তু দেউতাকেই সজাইছিল।

অস্পৃশ্যৰ দৰে ব্যৱহাৰ কৰি প্ৰসাদ দিলে। এইটো অপমান তেওঁ জীৱনত নাপাহৰিলে। দ্বিতীয় এটা অভিজ্ঞতা তেওঁৰ আছিল এনেধৰণৰ। মেলেৰীয়া জ্বৰ হৈছিল তেওঁৰ। পিতৃ-মাতৃ নথকাৰ সূত্ৰে মাউৰী ল'ৰা বুলি বিদ্যালয়ত মাচুল মাফ পাইছিল। কিন্তু ঘনাই স্কুল ক্ষতি হোৱাত বৃত্তি কাটা যাব বুলি তেওঁক জনোৱাত বেমাৰী গাৰেই স্কুললৈ গৈছিল।

এদিন স্কুলতে জ্বৰ বেছি হোৱাত মাষ্টৰে ছুটী দিলে। জ্বৰৰ গাৰে তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতে বাটত প্ৰবল জ্বৰৰ বাবে খোজ কাঢ়িব নোৱাৰা অৱস্থা হ'ল। তেওঁৰ কাষেৰে পাৰ হৈ যোৱা দুজন লোকক কাতৰভাৱে ধৰিবলৈ কোৱাৰ সত্বেও নধৰিলে। তেওঁক কোনেও নুচুলে।

তেতিয়াই তেওঁৰ মনলৈ বহু ভাৱ আহিছিল। পিছলৈ মহাপুৰুষ সকলৰ কীৰ্তন ঘোষা, দশম, নামঘোষা পঢ়ি তেওঁ বুলি পালে ধৰ্মৰ গাত দোষ নাই। মানুহেই ইয়াৰ বাবে দায়ী। ধৰ্মচাৰ্যসকলে প্ৰকৃত শিক্ষা আৰু আদৰ্শ দাঙি ধৰিব নোৱাৰাৰ বাবে এনে হৈছে বুলি বুজি পালে।

এই দুই অভিজ্ঞতা শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক পদাধিকাৰ হলধৰ ভূঞাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথমখন অধিৱেশনত পদাধিকাৰ আসনৰ পৰা তেওঁ দিয়া ভাষণটো ২৮ পৃষ্ঠাৰ আছিল।

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, দৰ্শনৰ প্ৰতি আস্থা আৰু বিশ্বাসে এই ঐতিহাসিক অনুষ্ঠানটো গঢ়ি তোলা হৈছিল। তেওঁ সেই অভিজ্ঞতাৰ সন্দৰ্ভত কৈছিল - এই নি:কিন আপোনালোকৰ চৰণ ধূলিয়েই এই সংঘৰ প্ৰতিষ্ঠাতা। সমাজৰ কু-সংস্কাৰ, বিশৃংখলতা, ধৰ্মক অধৰ্ম আৰু অধৰ্মক ধৰ্ম বুলি প্ৰচাৰ কৰা গোঁসাই, মহন্ত আৰু ভকতৰ আৰু বামুণীয়া পূজা পাতলৰ দুৰ্ঘোৰ বিৰোধী আছিলো।

পবিত্ৰ একশৰণ নাম ধৰ্মত মোৰ অটল বিশ্বাস। এই বিশ্বাস মোৰ অন্তৰত সৰুতে মোৰ বৰদেউতা স্বৰ্গীয় মদন চন্দ্ৰ ভূঞা, হাতীগড়ৰ ওজা আতৈ, বালিগাঁৱৰ বহুৱা আতৈ প্ৰভূতি ভকতসকলৰ শিক্ষাই দৃঢ় কৰি শিপাইছিল, সেয়ে ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰিলে।

শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা কৰিবলৈ কিমান কষ্ট স্বীকাৰ কৰিবলগা হৈছিল তাৰ বৰ্ণনা আছে। মহাপুৰুষৰ একান্ত অনুৰাগী দাতা কেৱশ চন্দ্ৰ বৰুৱাক মহাপুৰুষৰ নামত এটা সেৱা মিছন লাগে বুলি ধৰাত তেখেতে সকলো ৰকমৰ সহায়, প্ৰতিশ্ৰুতি দিছিল।

সেই অনুসৰি পুৰণি গুদামত তেখেতৰ নামৰ খেতিৰ মাটিৰ ধান মিছনত খাব দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মতে সমাজ সংস্কাৰ, অস্পৃশ্যতা বৰ্জন আদিৰ বিষয়ে আলোচনা কৰি এখন ধৰ্ম সভা স্থাপনৰ পোষকতা কৰিছিল হলধৰ ভূঞাই। সেই উদ্দেশ্যে বহু সত্ৰৰ বহু সত্ৰাধিকাৰৰ সৈতে ১৯২৯ চনলৈকে সাক্ষাৎ আৰু আলোচনা কৰিছিল।

সকলোৰে সন্মতি লৈ ১৯৩০ চনৰ ১ জানুৱাৰীত আউনীআটীয় সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীক নগাঁও জিলাৰ আউনীআটি সত্ৰৰ বাহৰত শ্ৰীযুত ৰমাকান্ত মুক্তিয়াৰ আতাৰ সৈতে দেখা কৰিছিলগৈ। হেমচন্দ্ৰ গোস্বামীয়ে তেখেতলোকৰ উদ্দেশ্যৰ বিষয়ে মীমাংসাত উপস্থিত হʼবলৈ এমাহৰ সময় লৈছিল।

আৰু এমাহৰ মূৰত তেখেতৰ মজুমদাৰজনক উত্তৰ গুৱাহাটীৰ পৰা পঠিয়াই খবৰ দিছিল যে সেই কাম তেওঁৰ দ্বাৰা নহ'ব। তেতিয়া হলধৰ ভূঞাই তেওঁক জনালে যে "তেন্তে আমি নিজেই তেনে ধৰ্ম সঙ্ঘ পাতি সেই কাম সাধন কৰিম; তেতিয়া আমাৰ গাত দোষ দিব নোৱাৰিব।" তেনেকৈয়ে ১৯৩০ চনত নগাঁও পলাশনিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হৈছিল।

সেয়া এতিয়া ইতিহাস। সমাজ সংস্কাৰৰ বাবে এই খোজ অতি গুৰুত্বপূৰ্ণ আছিল। তেনে এক মহৎ বাটেৰে আগবঢ়া এই অনুষ্ঠানক ধৰি ৰাখিবলৈ আৰু মানুহৰ মাজত গ্ৰহণযোগ্য কৰি তুলিবলৈ পৰিস্থিতি সাপেক্ষে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাতো প্ৰয়োজন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ কিছু নেতৃত্বই সেই ইতিহাসক আৰু ঐতিহ্যক বুজি পোৱা উচিত।

তেনে বোধগম্যতাই অনুষ্ঠানটোক আৰু মহান কৰিব। শংকৰদেৱ সংঘক লৈ বিতৰ্কৰ পোষকতা কোনেও নকৰে। কিন্তু ইতালি সিতালি মৰাত সিদ্ধহস্ত লোকসকলৰ আচৰণ অত্যন্ত দুৰ্ভাগ্যজনক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অগণন ভকত বৈষ্ণৱ আইয়ে যি বিশ্বাস আৰু আস্থাৰে এই অনুষ্ঠানটোক শিৰত তুলি থৈছে বা লৈছে সেয়া আন অনুষ্ঠানৰ ক্ষেত্ৰত দেখিবলৈ কেতিয়াও পোৱা নাযায়।

যদি নেগুৰ পেলাই দিব লগা হয়েই তেনেহ'লে বিতৰ্ক সৃষ্টি হ'ব পৰা কথাবোৰ, কামবোৰ নকৰিলেই ভাল আছিল। কোনো জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ বাবে সংঘৰ মজিয়াত যি পৰিস্থিতি সৃষ্টি কৰা হ'ল সেই পৰিৱেশে পৰস্পৰৰ মাজত এক ভুল বুজাবুজি সৃষ্টি কৰিলে।

জৰুৰীভাৱে যুটীয়া বৈঠক সংঘৰ ৰূপনগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হোৱা নাছিল নে ? সেই বৈঠকত পদাধিকাৰ কমলাকান্ত গগৈকে ধৰি আন দুজন সংঘৰ বিষয়ববীয়াক এনে কৰাৰ বাবে ভৎসনা কৰা নহৈছিলনে। কি দুটা প্ৰস্তাৱ এই সভাত লোৱা হৈছিল। কাৰ্যবিবৰণী বহীত কি লিখা আছে।

পাভলুটি মাৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত তেনে কোনো সিদ্ধান্ত লোৱা নাছিল বুলি প্ৰধান সম্পাদকজনে কোৱা বিপৰীতে পদাধিকাৰ কমলাকান্ত গগৈয়ে নিজ মুখে তেনে এক সিদ্ধান্ত হৈছে বুলি জনোৱা কথাতো অবিশ্বসযোগ্য নেকি।

১৯ নৱেম্বৰ ২০২২ত অনুষ্ঠিত হ'ব লগা কাৰ্যনিৰ্বাহকত সেই সিদ্ধান্ত কাৰ্যকৰী কৰা বা ছীল মোহৰ মৰা কথা আছিল। খোদ কমলাকান্ত গগৈয়ে জনাইছিল যদি তেনে সিদ্ধান্ত লয় তেতিয়াহ'লে সংঘৰ ভিতৰতে ক্ষোভৰ জুই জ্বলিব।

পদাধিকাৰৰ সেই বক্তব্য তাৎপৰ্যপূৰ্ণ নহয়নে। মানুহে কেনেকৈ ইমান মিছা মাতিব পাৰে। নৈতিকতাক বিসৰ্জন দি সেই সকল বিষয়ববীয়াৰ এনে স্থিতিয়ে সংঘৰ আন জিলাৰ বিষয়ববীয়া সকলক চিন্তিত আৰু উদাসীন কৰি নুতুলিব নে।

জোনাই অধিৱেশনৰ লাইখুটা কোনে স্থাপন কৰিব। যিখন পত্ৰ ছপা হ'ল তাত অৱশ্যে কাৰো নাম নাই। সদায় এইধৰণে লাইখুটা স্থাপনৰ কাৰ্যসূচী ছপা হয়নে। আন অধিৱেশনবোৰৰ লাইখুটা স্থাপনৰ বাবে আমন্ত্ৰণ জনোৱা পত্ৰত পদাধিকাৰৰ নাম লাইখুটা স্থাপন কৰিব বুলি নাথাকে নেকি।

কোনে সৰু সৰুকৈ ধৰিব নোৱাৰাকৈ বেলেগৰ কান্ধত বন্দুক থৈ এই কাৰবাৰবোৰ কৰি আছে। কাৰ বিৰুদ্ধে ইমান অভিযোগ উত্থাপন হৈছে। দাম্ভিকতাৰে আমি গাহৰি, ব্ৰইলাৰ পুহিব নিদিও বুলি কোৱা সকলে এতিয়া সুৰ সলাই সংবিধানত তেনে কোনো নিয়ম উল্লেখ নাই বুলি ক'ব লগা হৈছে।

৬০০ বছৰ ৰাজত্ব কৰা আৰু অসমীয়া জাতি গঠনৰ প্ৰথমটো গোজ মৰা আহোম জনগোষ্ঠীৰ এক পৰম্পৰাক প্ৰকাৰে প্ৰকাৰন্তে লঘু কৰা হোৱা নাই নে। চকলং বিবাহত অংশ লোৱা পৰিয়ালকেইটাক পুনৰ সংঘলৈ আদৰি অনা গৈছেনে।

এইবোৰ কথা কিয় তেওঁলোকে স্পষ্টকৈ ক'ব নোৱাৰে। ব্ৰইলাৰ, গাহৰি পুহা সকলৰ বিৰুদ্ধে লোৱা ব্যৱস্থা উঠাই লোৱা হ'বনে নহয়। এটা অনুষ্ঠানত নিজস্ব নীতি-নিয়ম থাকিব। কিন্তু কাৰোবাৰ অনুভূতিত আঘাত হানিলে সেই ভাঙুনমুখি প্ৰৱণতাই এখন সমাজ ধ্বংস নকৰিব নে।

সংস্কাৰ নিজৰ ভিতৰৰ পৰা আহিব লাগিব। সংস্কাৰ নিজৰ উপলব্ধিত থাকিব লাগিব। ভক্তি বা ভকতি ইমান পাতল নে, কাৰোবাৰ ঘৰত বিয়া খাব গ'লে সেয়া উৰি যাব। শংকৰদেৱ সংঘই এখন মুকলি আৰু ভেদাভেদহীন সমাজ গঢ়িছে।

সেই সমাজত পাৰস্পৰিক সন্মান আৰু অধিকাৰ আছে। ইয়াত কাৰো চৰিত্ৰহনন নহয়। সেই প্ৰমূল্যবোধ সংঘৰ মজিয়াত কিছু দিনৰ পৰা ৰক্ষা হৈছেনে। ২০১৮ চনৰ দেৰগাঁও অধিৱেশনত এখন গ্ৰন্থ উন্মোচন কৰা হৈছিল। সংঘৰ হৈ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজীক গৱেষণালব্ধৰে অধ্যয়ণ কৰা হেমচন্দ্ৰ শইকীয়াৰ শ্ৰাদ্ধ পতা হৈছিল এই গ্ৰন্থখনত।

মহাবিতৰ্কৰ বিভাতত কি লিখা আছে। কাৰ আশীৰ্বাদত এই গ্ৰন্থ সাহিত্য শাখাৰ মঞ্চত উন্মোচন হ'ল, সংঘৰে গ্ৰন্থৰ বিপনীত পিছলৈ বিক্ৰীৰো ব্যৱস্থা কৰিলে। যোৰহাট জিলাৰ সংঘৰ নামঘৰৰ লগতে থকা গ্ৰন্থৰ বিপনীত এই গ্ৰন্থ উপলব্ধ হোৱা নাছিল নে।

শ্ৰীমন্ত শংকৰদেৱ সংঘক সমালোচনা কৰাৰ বাবেই গ্ৰন্থ নিষিদ্ধ কৰা হৈছিল। পথভ্ৰষ্ট নেকি সংঘ, সেই প্ৰশ্ন ময়ূৰ বৰাই তুলিছিল। আৰু সংঘৰ মজিয়াত এই সকলে চৰিত্ৰহননৰ গ্ৰন্থ উন্মোচনৰ সুযোগ সুবিধা দিলে।

মানুহৰ ব্যক্তিত্ব কামে কাজে প্ৰকাশ পায়। কিছু কথা মানুহে প্ৰয়োজনত ক'ব লগা হয়। কিছু সিদ্ধান্ত ল'ব লাগে। ইয়াৰ বাবে এক কুটিলতাবিহীন মনৰ প্ৰয়োজন। যিসকলে মুহূৰ্তৰ ভিতৰতে আসৈ মাতিব পাৰে, চল চাই কঠিয়া পাৰিব পাৰে, তেনে লোকৰ হাতত কোনোবা অনুষ্ঠানৰ ভবিষ্যৎ কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব সেই উত্তৰ সময়েহে দিব পাৰিব।

মাছ বুলি নাখাই, জীজী বুলি খোৱাৰ প্ৰৱণতাৰে সাপো মৰক, লাঠিও নাভাগক ধৃষ্ঠতাৰে অপসাৰণৰ নাটকখন, নিষ্ক্ৰিয়কৰণৰ সিদ্ধান্তবোৰ অন্য কৌশলেৰে এইসকলে যে নকৰিব সেই নিশ্চয়তা কিন্তু কোনেও দিব নোৱাৰে। সেয়ে জিলাই জিলাই ভাগে ভাগে বহিছে বৈঠক। ভাগ লোৱা কথা তেনে বৈঠকত খোদ পদাধিকাৰেও। চৰাইদেউলৈ শিশু আই মাতৃ সামৰোহত অংশ ল'ব নোৱাৰা পদাধিকাৰো এতিয়া যথেষ্ঠ সক্ৰিয়। এইবাৰ খোজ ভালদৰে নিদিলে বিপদ সেই ক্ষমতাবান সকলৰো।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in