চৰকাৰী সাহায্যৰ বিহুত ডিঙিৰ বিহুৱান পেটত বান্ধি নাচিব অসমীয়াই…

চৰকাৰী সাহায্যৰ বিহুত ডিঙিৰ বিহুৱান পেটত বান্ধি নাচিব অসমীয়াই…

author-image
asomiyapratidin
New Update
চৰকাৰী সাহায্যৰ বিহুত ডিঙিৰ বিহুৱান পেটত বান্ধি নাচিব অসমীয়াই…

তুষাৰ প্ৰতিম

Advertisment

অসমীয়া জাতিৰ প্ৰাণ ব'হাগ। বিহু থাকে মানে থাকিব অসমীয়া জাতি। অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট বহনকাৰী বিহু দুৱাৰ দলিত। আজি উৰুকা। ইতিমধ্যে গাঁৱে-ভূঁঞে, চহৰে-নগৰে হেঁপাহৰ ৰঙালী বিহুকলৈ সকলোৱে চলাইছে ব্যাপক প্ৰস্তুতি। চ'তৰ প্ৰথমটো দিনৰ পৰাই ক'ৰবাত যদি মাহ দিন ধৰি, আন ক'ৰবাত আকৌ সপ্তাহ দিন ধৰি চলিল বিহুৰ আখৰা।

যোৱা ২ টা বছৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে অসমীয়াই ৰঙালী বিহু উদযাপন কৰাৰ পৰা বঞ্চিত হৈছিল। একেবাৰে অনুষ্টুপীয়কৈ অসমীয়াই নিজৰ ঘৰৰ চৌহদৰ ভিতৰতে থাকি যিয়ে, যেনেকৈ পাৰে ৰঙালীক আদৰিবলৈ চেষ্টা কৰিলে। সমজুৱাভাৱে বিহু উদযাপনৰ পৰা বঞ্চিত হ'ল সকলো। শুনিবলৈ পোৱা নগ'ল ঢোলৰ গুমগুমনি।

কোৰোনাৰ সন্ত্ৰাসৰ পৰা অসম, অসমীয়া উদ্ধাৰ হৈছে। কোৰোনাই সৃষ্টি কৰা পৰিৱেশে জুৰুলা কৰিলে অসমীয়া জাতিক। কেৱল অসমীয়া বুলিয়েই নহয়, এই সময়ত পুঁজিপতিক বাদ দি সকলোৰে অৱস্থা একেই। কোৰোনা সৃষ্ট পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ, আৰ্থিক ভাৱে স্বচ্ছল হ'বলৈ চেষ্টা কৰিছে যদিও চৰকাৰ পৃষ্ঠপোষকতাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে টেটু চেঁপা দিছে সাধাৰণ জনতাক।

প্ৰতিবিধ সামগ্ৰীৰে আকশলঙঘী মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এনে অৱস্থাত সাধাৰণ জনতাই নতুন বছৰত ন বস্ত্ৰ দেহত ল'বলৈও দহবাৰ চিন্তা কৰিবলগীয়া হৈছে। অতিথি পৰায়ণ গুণেৰে অহংকাৰী অসমীয়াই এতিয়া আলহী-অতিথিক আপ্যায়ন কৰিবলৈও কষ্ট অনুভৱ কৰিবলৈ ধৰিছে। এই কথা মুকলিকৈ ন'কলেও প্ৰতিঘৰ মানুহৰে একেই অৱস্থা।

কৃষিজীৱি চহা ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত বিহু। বিহু আৰু কৃষি দুয়োটাৰে সম্পৰ্ক এটাই আনটোক এৰিব নোৱাৰা ধৰণৰ। কৃষি অবিহনে বিহু নহয়। তিনিটা বিহুৰ প্ৰতিটোৰে মাটি আৰু মানুহৰ লগত আছে সম্পৰ্ক। এই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু আজিৰ দিনত যিমান উলহ-মালহেৰে কৃত্ৰিমতাৰে বিহু উদযাপন কৰে ঠিক সেইদৰে কৃষি কৰ্মত অসমীয়া নিয়োজিত হয় নে?

এই প্ৰশ্নৰ উত্তৰ একেবাৰে সহজ। কৰ্ম বিমুখিতাৰে গৰ্বিত হৈছে অসম আৰু অসমীয়া। কৃষিকৰ্মক বাদ দিছে অসমৰ সাধাৰণ লোকে। গাওঁ এৰি চহৰমুখী হৈছে। ইফালে চৰকাৰে বিনামূলীয়াকৈ চৰকাৰী চাউল যোগান ধৰি অসমীয়া খেতিয়কক শেষ কৰাৰ পৰিকল্পনা সুন্দৰভাৱে কাৰ্যকৰী কৰিছে।

কৃষিৰ লগত প্ৰত্যক্ষ সংযোগ থকা বিহু কৃষিকাৰ্য এৰা অসমীয়াই কিদৰে উদযাপিত কৰিব সেয়াও এক ডাঙৰ প্ৰশ্ন। গৰু নাথাকিলে কিদৰে পাতিব গৰু বিহু? চহৰৰৰ ফ্লেটত বাস কৰা একাংশ অসমীয়াই গৰু বিহুত পোহনীয়া কুকুৰকে ধুৱাই নিয়ম পালন কৰা কাৰ্যকে অনুসৰন কৰিব নেকি সকলোৱে? এইয়াও কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন।

কৃষি ভিত্তিক বিহুৰ বাণিজ্যকৰণ কৰা হৈছে। বিহু এতিয়া চহা খেতিয়কৰ হৈ থকা নাই। বিহু এতিয়া বহুজাতিক কোম্পানীৰ এখন বজাৰ। বিহুত স্পনছৰ হয়। স্পনছৰৰ ধনেৰে বিহুৰ মেলা হয়। সেই মেলাত প্ৰকৃত বিহুৰ স্থান নাথাকে। বিহুৰ নামত মেলি দিয়া হয় কেৱল অপসংস্কৃতিৰ পোহাৰ।

এইবাৰ চৰাকাৰে বিহু পাতিবলৈ নিৰ্বাচিত বিহু কমিটীক ধনৰ যোগান ধৰিছে। ডেৰলাখকৈ টকা আগবঢ়োৱা হৈছে বিহু কমিটীসূহক। এই ক্ষেত্ৰত চৰকাৰে কিছুমান চৰ্ত দাঙি ধৰিছে। ১০ বছৰ পূৰণি আৰু ৭ বিহুৰ ভিতৰত বিহু উদযাপন কৰা কমিটীসমূহলৈ আগবঢ়োৱা হৈছে এই সাহায্য। ইয়াৰ উপৰিও চৰকাৰে বিহুৰ প্ৰথম ৭ টা দিনতেই বিহু শেষ কৰিবলৈও কৈছে।

চৰকাৰী সাহায্যলৈ অসমীয়াই কোনো কালেই বিহু পতা নাছিল। বিহু আছিল ৰাজনীতিৰ উৰ্ধত। বিহু কমিটী কেতিয়াও হিতাধিকাৰী নাছিল। এইবাৰ চৰকাৰৰ সহযোগত বিহু কমিটীকো হিতাধিকাৰী সজোৱা হ'ল।কিন্তু একে সময়তে চৰকাৰৰ পৃষ্ঠপোষকতাতে বিহুৰ বৈশিষ্ট নোহোৱা কৰাৰ এক পৰিকল্পনাও প্ৰস্তুত কৰি তোলা হৈছে।

চৰকাৰে বিহু উদযাপন কৰিবলৈ যিদৰে ধনৰ যোগান ধৰিলে সেই ধনৰে এখন বিহু কমিটীয়ে যে সুন্দৰকৈ বিহু উদযাপন কৰিব পাৰিব সেয়াও সম্ভৱ নহয়। সেই ধনৰ যদি সদ ব্যৱহাৰ কৰি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ঢোল, নাগাৰাকে ধৰি লোক শিল্পৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে হয়, শিক্ষাৰ্থীক লোক শিল্পৰ বিষয়ে জ্ঞান আহৰণৰ ব্যৱস্থা কৰিলে হয় তেনে নিশ্চিত ভাৱে এইয়া হ'ল হয় অসম চৰকাৰৰ এক দূৰদৰ্শী সিদ্ধান্ত।

বিহু উদযাপন কৰিবলৈ চৰকাৰে যিসময়ত ডেৰ লাখটকীয়া চেক বিতৰণ কৰিছে সেই সময়তে চৰকাৰী কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে। ৰাজ্যৰ হেজাৰ, হেজাৰ চৰকাৰী কৰ্মচাৰীয়ে আজিও লাভ কৰা নাই কেইবামাহৰ দৰমহা। যাৰ বাবে তেওঁলোকে বিহুৰ উৰুকাৰ দিনটোত অব্যাহত ৰাখিছে প্ৰতিবাদ।

বি টি এ ডিৰ ১০ হাজাৰ শিক্ষক, ৰাজ্যৰ কম্পিউটাৰ শিক্ষকসকলে লাভ কৰা নাই দৰমহা। যোৱা ১০ মাহে দৰমহা লাভ কৰা নাই আৰ্টফেডৰ কৰ্মচাৰীয়ে। ৮ মাহে দৰমহা পোৱা নাই বেচা-কিনা নিগমৰ কৰ্মচাৰীৰ। একেই অৱস্থা মীন নিগমৰ কৰ্মচাৰীৰো। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়েও লাভ কৰা নাই দৰমহা। কাগজ কলৰ কৰ্মচাৰীৰ কথা নকলোৱেই যেনিবা। তেওঁলোকৰ যোৱা ৬৩ টা মাহে কি দুৰৱস্থাৰ সৃষ্টি হৈছে সেই কথা সৰ্বজন বিদিত।

আৰ্টফেডৰ ১৭০ জন কৰ্মচাৰী ১০ মাহ ধৰি লাভ কৰা নাই দৰমহা। বেচা-কিনা নিগমৰ ৪০ জন স্থায়ী কৰ্মচাৰীয়ে , মীন নিগমৰ ২৫০ কৰ্মাচাৰীয়ে ৫ মাহে লাভ কৰা নাই দৰমহা। নগাঁও আৰু কাছাৰ কাগজ কলৰ ১২,০০ কৰ্মচাৰীয়ে পোৱা নাই প্ৰাপ্যৰ ধন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী মহানগৰৰ অস্থায়ী কৰ্মচাৰীসকলে ২০১৪ চনৰ পৰাই লাভ কৰা নাই পাৰিশ্ৰমিক। আনহাতে চৰকাৰী অবহেলাৰ বাবেই হাজাৰ হাজাৰ শিক্ষকো বঞ্চিত হৈ ৰ'ল প্ৰাপ্য দৰমহা লাভৰ পৰা।

এনে এক পৰিস্থিতিত চৰকাৰে বিহু কমিটীসমূহক ডেৰ লাখকৈ টকা বিহু উদযাপনৰ বাবে আগবঢ়াইছে। ক'ৰবাত আকৌ চৰকাৰী পৃষ্ঠপোষকতাত আয়োজন কৰিছে সাংস্কৃতিক অনুষ্ঠান। এনে পৰিস্থিতিত দৰিদ্ৰ জনসাধাৰণৰ কথা বাদেই দিলো, চৰকাৰী স্থায়ী-অস্থায়ী কৰ্মচাৰীয়েও এতিয়া ডিঙিত লোৱা বিহুৱানখনকে পেটত বান্ধি চৰকাৰী সাহায্যৰে অনুষ্ঠিত বিহু চাবলৈ যাব।

চৰকাৰী ভুল নীতিৰ বিৰুদ্ধে মুখ খুলি মাত মাতিবলৈও পাহৰি যোৱা অসমীয়াই ৰঙালীত সৃষ্টি হোৱা কঙালী সদৃশ পৰিৱেশত, মূল্যবৃদ্ধি আৰু উপাৰ্জনহীনতাৰ মাজেৰে হিতাধিকাৰীৰ বিহুতলিতে হয়তো এবাৰ আওৰাব- অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো।