/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/AP-bikhekh-lekha-1-3.jpg)
মৃদুল কুমাৰ সন্দিকৈ
১৯৯৬ চনৰ কথা। লোকসভাত এক আৱেগিক ভাষণ প্ৰদান কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। গণতন্ত্ৰক সুৰক্ষিত আৰু সুস্থ কৰি ৰখাৰ স্বাৰ্থত বিজেপিৰ এইগৰাকী নেতাই সেইদিনা পৰম প্ৰত্যয়ৰে কৈছিল কাৰোবাৰ দল ভাঙি তেওঁ চৰকাৰ ৰক্ষা কৰিব নোখোজে।
বাজপেয়ীৰ সেই ভাষণ শুনি সকলো আৱেগিক হৈ পৰিছিল। তেওঁ স্বীকাৰ কৰি লৈছিল যে যদিও তেওঁৰ দলক চৰকাৰ গঠন কৰি সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে সুযোগ দিয়া হৈছিল সেই সুযোগ তেওঁ গ্ৰহণ কৰিব নোৱাৰিলে। ১৯৯৬ চনৰ ২৭ এপ্ৰিল, ২ মে' আৰু ৭ মে'ত অনুষ্ঠিত হোৱা দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ১৬১ খন আসন দখল কৰিছিল। সৰ্বাধিক আসন দখল কৰিলেও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা নাছিল বিজেপিৰ হাতত। সেইবাৰ নিৰ্বাচনত কংগ্ৰেছে ১৪০ আৰু জনতা দলে ৪৬ খন আসন দখল কৰিছিল।
কংগ্ৰেছে এনে ৰাজনীতিৰ আশ্ৰয় লৈছিল যে বাজপেয়ী চৰকাৰক আঁতৰাই এইচ ডি দেবেগৌড়াক প্ৰধানমন্ত্ৰী পাতিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছিল। ইচ্ছা কৰা হ'লে বাজপেয়ীয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে কোনো ৰাজনৈতিক দলৰ সাংসদেৰে যোগাযোগ কৰি শাসনত তিষ্টি থাকিব পাৰিলেহেতেন।
অশুভ পৰম্পৰা গণতন্ত্ৰনত তেওঁ প্ৰৱেশ কৰিবলৈ দিয়াৰ পক্ষপাতী নাছিল। সেয়েহে চৰকাৰ ৰক্ষাৰ কোনো প্ৰচেষ্টা নকৰি হাঁহি হাঁহি সদনত ঘোষণা কৰিছিল যে এই কাম তেওঁ কৰিব নোৱাৰে। ফলত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ পৰীক্ষাত সদনত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দিম বুলি ঘোষণা কৰি তেওঁ সদন এৰিছিল।
বাজপেয়ীয়ে সেইদিনা নিজক সমালোচনা কৰিছিল। তেওঁ কৈছিল বাজপেয়ী ঠিকেই আছে পাৰ্টী ঠিক নহয়, বহুতেই কয়। সংসদৰ অনুভৱ তেওঁৰ আচৰণ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এক আদৰ্শ গঢ়ি বাজপেয়ীয়ে ক্ষমতা এৰিলেও এই ঘোষণা কৰি গৈছিল যে এদিন তেওঁ আকৌ শাসনলৈ আহিব। সেয়াই হৈছিল পৰৱৰ্তী সময়ত।
প্ৰসংগ- অসমৰ ৰাজ্যসভা নিৰ্বাচন। দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। নিৰ্বাচনৰ এই সময়চোৱাত শাসক বিৰোধীৰ মাজত তীব্ৰ নিৰ্বাচনী বাক্যবাণৰ যুঁজ কোন জিকিব এই দুখন আসনত। ৰাজ্যসভাৰ এই দুখন আসনৰ প্ৰথমখন আসনত বিনা বাধাই শাসকীয় বিজেপি আৰু মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ'ব। আনখন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ৰ পূৰ্ণ সম্ভাৱণা আছে।
অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এআইইউডিএফৰ ১৫, ৰাইজৰ দলৰ ১, চিপিআইএমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে। অৰ্থাৎ ৪৪ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাৰ সম্ভৱণা নিশ্চিত হৈ থকাৰ পাছতো এতিয়া তেনে ফলাফল হ'ব বুলি কোনেও ভৱা নাই।
যিটো দলৰ প্ৰধানমন্ত্ৰীয়ে এজন সাংসদৰ সমৰ্থন নিবিচাৰি প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি সততাৰ নিদৰ্শন দাঙি ধৰিছিল সেই দলটোৰেই এগৰাকী মুখ্যমন্ত্ৰীয়ে যিকোনো প্ৰকাৰে দুয়োখন আসনতে তেওঁলোকৰ মিত্ৰজোটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে।আনকি বিৰোধীয়ে অভিযোগ কৰিছে যে হৰ্চ ট্ৰেডিঙেৰে তেওঁলোকৰ বিধায়কৰ ঘৰলৈ গৈ ৰাজনৈতিক প্ৰলোভন আৰু ভিত্তি প্ৰদৰ্শনেৰে এই নিৰ্বাচনক তেওঁলোকে গণতন্ত্ৰক পৰাজয় কৰিবলৈ উঠি পৰি লাগিছে।
যুক্তি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভা নিৰ্বাচনত তেওঁ গ্ৰহণ কৰা ভূমিকাক আৰু বিৰোধী সমালোচনাক প্ৰত্যুত্তৰ দিলেও এই কথা সকলোৱে জানে যে এনেধৰণৰ অশুভ পৰম্পৰা তেওঁলকোৰ পৃষ্ঠপোষকতাতেই এদিন কংগ্ৰেছে আৰম্ভ কৰিছিল।
২০১০ চনৰ সেই দিনটোৰ কথা কোনে পাহৰিব পাৰে। তেতিয়াৰ বিজেপিৰ বিধায়ক ৰুমী নাথ, কাৰ্তিক সিন্থা, অভিজিত হাজৰিকাকে ধৰি শম্ভু সিং মাল্লা আৰু এজনক হোটেলৰ পৰা এখন গাড়ীত বিধানসভালৈ লৈ অনা হৈছিল। সেই সময়ৰ কংগ্ৰেছৰ শক্তিশালী দুই মন্ত্ৰী ৰকিবুল হুচেইন আৰু হিমন্ত বিশ্ব শৰ্মাই দিনৰ পোহৰতেই গণতন্ত্ৰত চুৰি মাৰি বীৰৰ দৰে আচৰণ কৰিছিল।
তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই জয়ৰ সোৱাদ লৈছিল। কেৱল সেইবাৰেই নহয়, ২০১২ চনতো ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে আছিল গণতন্ত্ৰক আঘাত সনা আন এটি দিন। সেইবাৰো সন্দেহৰ আঙুলি উঠিছিল হাজৰিকা, ফুকন হঁতৰ ফালে। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেনে অপসংস্কৃতিৰ পৰা নিজক আঁতৰাই ৰাখি বিৰোধীয়ে পাব লগা আসনখন লাভ কৰিবলৈ এনে অসুস্থ প্ৰতিযোগীতাত নমা নাছিল।
বিৰোধীক নিশেষ কৰি একনায়ত্ববাদ চলাব বিচৰা সকল কেতিয়াও গণতন্ত্ৰৰ বিশ্বাসী হ'ব নোৱাৰে। ঠিক এই কামেই যেন এতিয়া ৰাজ্যৰ ৰাজনীতিত হৈ আছে প্ৰতিদিনে। ৰাজ্যসভা নিৰ্বাচন এক উপলক্ষ্য মাঁথো। ৰাজ্যসভা নিৰ্বাচনত কোন জিকে সেয়া ডাঙৰ কথা নহয়। কিন্তু দল আৰু সততাক ফাঁকি দি এনেদৰে টনা-আজোৰাৰ এই খেল খনে মানুহৰ মাজতেই গণতন্ত্ৰৰ প্ৰতি এক অনাস্থা ভাৱৰ সৃষ্টি কৰিছে।
আজি কংগ্ৰেছে বিজেপিক হাঁহিলেও এদিন বিজেপিও এনেদৰে কংগ্ৰেছৰ ওচৰত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত অসহায় হৈ পৰিছিল। এতিয়া বালিলৈ যি পাত, সুগ্ৰীবলৈ সেই পাত বুলি শান্তনা লভাৰ বাদে বাকী উপাই নাই। ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । বিৰোধী শিবিৰত অৱস্থান লৈ থকা মুখাধাৰী কোনো জনপ্ৰতিনিধিয়ে শাসকীয় মিত্ৰ দলৰ প্ৰাৰ্থীক এটা ভোট দিলেও নিৰ্বাচনৰ এই ফলাফল সলনি হৈ যাব।
এদিন মানুহে চৰ্চা কৰিব। তাৰপাছত আকৌ আগৰ ৰাজ্যসভা নিৰ্বাচনবোৰৰ দৰে সেইবোৰ কথা পাহৰি পেলাব। পুনৰ ৰাজ্যসভা নিৰ্বাচন আহিলে কথাবোৰ পুনৰ চৰ্চালৈ আহিব। এনেকৈয়ে এতিয়া গণতন্ত্ৰ চলি থাকিব। এতিয়া বাজপেয়ীও নাই, নাই সেই নীতি প্ৰমূল্যবোধৰ কথা ক'বলৈ ৰাজনীতিৰ সেই সুস্থ পৰিৱেশ। মন গ'লেই নেতা বিধায়কে কাপোৰৰ দৰে ৰাজনৈতিক ঠিকনা সলায়। সাধাৰণ মানুহবোৰে সেয়ে এতিয়া ভাৱিবলৈ ধৰিছে- কোন জিকে ,কোন হাৰে ,আমাৰ কি আহে যায়…