সামাজিক দুৰত্বঃ ঘৰে ঘৰে মানসিক বিকাৰ, সমাধানৰ উপায় কি…

সামাজিক দুৰত্বঃ ঘৰে ঘৰে মানসিক বিকাৰ, সমাধানৰ উপায় কি…

author-image
asomiyapratidin
New Update
সামাজিক দুৰত্বঃ ঘৰে ঘৰে মানসিক বিকাৰ, সমাধানৰ উপায় কি…

পলাশ জ্যোতি গগৈ

Advertisment

কিছুদিন আগলৈকে মহানগৰীৰ ৰাজপথত লানি নিছিগা গাড়ী, বাইকৰ শাৰীৰ মাজেৰে খোজকাঢ়ি ইপাৰ-সিপাৰ হোৱাটো প্ৰায় অসম্ভৱ আছিল। পথৰ দুয়ো কাষৰ দোকানবোৰৰ কথাটো বাদেই, পদপথবোৰো ভৰি আছিল শাক-পাচলি, তামোল-পান, সৰু-সৰু ফাষ্টফুডৰ দোকানবোৰেৰে। এনেবোৰ দোকানতে থুপ খাই আড্ডা মাৰিছিল চফল ডেকা, লচকচি গাভৰু হতে। তেওঁলোকৰ হাঁহিৰ খলকনি আৰু সন্ধিয়া পথৰ কাষৰ গছত আশ্ৰয় লোৱা বনৰীয়া পক্ষীৰ কিচমিচ কলৰৱে দিনৰ দৰেই সজীৱ আৰু সৰৱ কৰি ৰাখিছিল মহানগৰীখন।

ৰাধা গোবিন্দ বৰুৱা পথৰ দাতিঁৰে যোৱা ৰে'লপথেৰে ৫-৬ মিনিটৰ মূৰে মূৰে পাৰ হৈ যোৱা দীঘল-দীঘল ৰে'লবোৰৰ হৰ্ণৰ কৰ্কষ চিঞৰত সকলোৱেই বিৰক্তি অনুভৱ কৰিছিল। কিন্তু হঠাতে যে কি হৈ গ'ল, একেখন মহানগৰী এতিয়া মাজনিশাৰ গাঁৱৰ নিজান হাবিতলীয়া পথতকৈও নিস্তব্ধ আৰু জয়াল। নিশা ১০ বজাতে বাটৰ কুকুৰবোৰো নোহোৱা হৈ যায়। পাৰ হৈ যাবলৈকে ভয় লগা এক পৰিৱেশ। যেন পথৰ দুকাষৰ সেই দোকানবোৰৰ সন্মুখৰ মানুহৰ কলৰৱৰ ঠাইত এতিয়া নিস্তব্ধ মৃতদেহৰ শাৰীহে পৰি আছে। তেনে হোৱা নাই নে কোৰোনাৰ পিছৰ লকডাউনৰ এই পৰিৱেশ।

চীনৰ ৱুহান প্ৰদেশত প্ৰথম পোহৰলৈ আহিছিল কোৰোনা ভাইৰাছৰ অৱস্থিতিৰ কথা। পিছে সমগ্ৰ বিশ্বত এই ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ অতিমাৰীয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিবলৈ ডেৰ মাহৰ অধিক সময়ো নালাগিল। প্ৰথমে এই ভাইৰাছক চিনাক্ত কৰাৰ পিছৰ পৰা কালি, শুকুৰবাৰে ১০০ দিন সম্পূৰ্ণ হোৱালৈকে এক লাখ লোকে আধুনিক বিশ্বৰ দপদপাই থকা দেশসমূহতে প্ৰাণ দিব লগা হ'ল। ১৭ লক্ষাধিক লোক বিশ্বত কোৰোনাত আক্ৰান্ত হ'ল। যিখন ইটালী বিশ্বৰ ভিতৰতে চিকিৎসা বিজ্ঞানত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ দেশৰূপে পৰিগণিত, সেইখন দেশতে সৰ্বাধিক ১৮,৮৪৯ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হ'ল।

বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বুলি দাবী কৰা আমেৰিকা, জাপান, ফ্ৰান্স, চীন, ইংলেণ্ড, ইৰাণ আদিতেই মৃত্যু আৰু আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। ভাৰতবৰ্ষও কোৰোনাৰ আতংকত ত্ৰস্তমান। যাৰবাবেই প্ৰথমে এদিনীয়া জনতাৰ সান্ধ্য আইন আৰু ইয়াৰ পিছত ২১ দিনীয়া লকডাউনে অসমকো শ্মশানৰ নিস্তব্ধতাই আৱৰি ৰাখিছে। সংখ্যাৰ ফালৰ পৰা ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা মাত্ৰ ২৯। মৃত্যু হৈছে এজনৰ। কিন্তু দুৰ্ভিষপীড়িত চোমালিয়াৰ মৃত্যু বিভীষিকাতকৈও যেন ভয়াৱহ অসমৰো পৰিৱেশ। দিনৰ ভাগত অত্যাৱশ্যকীয় সেৱাৰ দুই-এখন যানবাহন, আৰক্ষীৰ তালাচী আৰু কোৰোনাৰ চিকিৎসা বা প্ৰতিৰোধমূলক কৰ্মসূচীত জড়িত ব্যক্তিৰ পাতলীয়া আহজাহ থাকিলেও সন্ধিয়া হ'লেই সমগ্ৰ ৰাজ্য ডুব যায় আন্ধাৰ আৰু নিশব্দতাত। ভয় লগা এই পৰিৱেশত উল্লেখ কৰা দৃশ্যবোৰৰ আঁৰত থাকি যোৱা কাহিনীবোৰ পিছে তাতোকৈ ভয়লগা।

বিদ্যালয়, মহাবিদ্যালয় বন্ধ ৰখাৰ লগতে চাকৰিলৈও এতিয়া পূৰ্বৰ দৰেই কোনো লোক ওলাই যাব নালাগে। তাৰ মাজতে অৱশ্যে আৰক্ষী, চিকিৎসাকৰ্মীৰ লগতে অত্যাৱশ্যকীয় সেৱাৰে জড়িত লোকসকলে আগৰ দৰেই এতিয়াও চুলিৰ আগত জীয় লৈ কাম কৰি গৈছে। কাৰোৰে হাতত নাই আহৰি। ঘৰতে আবদ্ধ কোটি-কোটি মানুহ। কিন্তু পৰিয়ালৰ লোকসকলক লগ পালেও ঘৰত নাই হঁহাৰ কোনো পৰিৱেশ। পিতৃ মাতৃয়ে ২-৩ টা সন্তানৰ সৈতে একেলগে ঘৰতে আবদ্ধ যদিও কথা পাতিবলৈও সময় নাই। পাতিবই বা কি!সময় পাৰ কৰিবলৈও এতিয়া পৰিয়ালৰ লোকসকলৰ মাজত কথাৰ অভাৱ হৈছে। তাৰ মাজতে জীৱন যুঁজ চলি গৈছে।

সৰু ঘৰত কামৰ অভাৱ। নিজৰ ঘৰতে আবদ্ধ হৈ থকাৰ সময়ত ঘৰৰ মুখীয়ালে পূৰণ কৰিব পৰা নাই পৰিয়ালৰ লোকৰ আবদাৰ। সকলোফালে কেৱল অভাৱ। কেতিয়াবা যদি কথা, হাঁহি, ধেমালিৰ অভাৱ, আন কেতিয়াবা আকৌ টকা-পইচাৰ অভাৱ। সৰু লৰা-ছোৱালীৰ চকলেটৰ কথা বাদেই সিহঁতৰ বাবে গাখীৰ গিচাল আগবঢ়াবলৈও সামৰ্থ নাই পিতৃ-মাতৃৰ। সংকটত পৰিছে অধিকাংশ তেনে পৰিয়াল যাৰ মাকে আনৰ ঘৰত বনকৰি পৰিয়াল চলাইছিল। কাৰোবাৰ দেউতাকে ৰিক্সা চলাই দুবেলা-দুসাঁজ যোগাৰ কৰিছিল। এতিয়া নাই পুৱাই ৰিক্সাখন লৈ যোৱাৰ ব্যস্ততা।

পূৰ্বৰ বনৰ পক্ষীৰ বাবে যমদূত ৰূপে ধৰা দিয়া মানুহ আজি নিজেই আবদ্ধ। সজাত আবদ্ধ হৈ দিন নিয়াইছে সকলোৱে। মধ্যবিত্ত শ্ৰেণীটো, যাৰ হয়তো নিজা ঘৰ আৰু গাড়ীও আছে। গৃহস্থৰ ভাল ব্যৱসায় বা চাকৰি আছিল, গৃহিনীও শিক্ষয়িত্ৰী বা আন বৃত্তিত জড়িত তেওঁলোকৰো এতিয়া কাৰ্যালয় বা স্কুল বন্ধ। দুখন গাড়ী থাকিলেও আগে যোৱাৰ দৰে সন্ধিয়া বজাৰলৈ অথবা বন্ধৰ দিনত এসাঁজ খোৱাৰ বাবে ধাবালৈ যোৱা প্ৰস্তাৱ এতিয়া সপোন মাত্ৰ।

তেওঁলোকৰ ঘৰত কম্পিউটাৰ, ইন্টাৰনেটো আছে। কিন্তু এনেদৰে ২৪ ঘন্টাই ব্যস্ত হৈ থকাৰ বাবে কম্পিউটাৰত কৰিবলৈ কোনো এজেণ্ডা নাই। পঢ়ি থকা গাভৰু ছোৱালীজনীৰ মূৰত প্ৰচণ্ড ধুমুহা। আগে দিনৰ ভাগত লুকাই চুৰি কৰি কলেজৰ কাষত অথবা নদীৰ পাৰত বা পাৰ্কত লগ পাইছিল ভালপোৱা বন্ধু বা বান্ধৱীক। এতিয়া ঘৰৰ ভিতৰত থাকি ফোনত কথা পতাৰো উপায় নাই। বহু পিতৃৰ মূৰতো প্ৰচণ্ড ধুমুহা। কিয়নো বহু চেষ্টাৰ মূৰত ছোৱালীৰ বাবে দৰাটো থিক হৈছিলগৈ। বিয়াৰ তাৰিখতে পিছে থাকিল লকডাউন। এতিয়া যেন বিয়াখনে কিবা আপদীয়া যেন লাগে। ছোৱালীৰ ভৱিষ্যত কি হ'বগৈ। মাংগলিক অনুষ্ঠান এটা এনেদৰে এবাৰ বন্ধ হৈ যোৱাৰ পিছত কেতিয়াকৈ বা নতুন দিন এটা ঠিক কৰাৰ সময় আহে তাৰ নিশ্চয়তা নাই।

লকডাউনৰ সময়ত নিসংগতাবোধ কৰিছে নেকি…

যিসকল লোকে ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, ইটালী বা দেশৰে বিভিন্ন প্ৰান্তত উচ্চস্তৰীয় শিক্ষানুষ্ঠানত পঢ়ি আছিল সেইসকল লোকো আজি চিন্তিত। মৃত্যুৰ কিৰিলি আৰম্ভ হোৱাৰ লগে লগে মাক-দেউতাকে ঘৰলৈ লৈ অনাৰ পিছত এতিয়া ভৱিষ্যত কি হ'ব তেওঁলোকৰ সেয়াও অনিশ্চিত। কিয়নো সেইবোৰ বিখ্যাত শিক্ষানুষ্ঠান চৌপাশ এতিয়া বাস্তৱতে মৰিশালীত পৰিণত হৈছে।

গুজৰাট, হায়দৰাবাদ, বাংগালুৰু, দিল্লী আদিত যিসকল লোকে কোম্পানীত চাকৰি কৰি আছিল এফালৰ পৰা এই কোম্পানীবোৰ বন্ধ হৈ গৈছে। অসমৰ পৰা গৈ এনেদৰে কাম কৰা আৰু উচ্চ শিক্ষানুষ্ঠানত পঢ়ি থকা প্ৰায় ১০ লাখ লৰা-ছোৱালীৰে সৰহ সংখ্যকে অন্ধকাৰ ভৱিষ্যতৰ আশংকা মূৰত লৈ ঘূৰি আহিছে। সংস্থাপন হেৰুওৱা এনে বহুতৰ ঘৰত আছে ৰোগ্ন পিতৃ-মাতৃ আৰু কণমানি সন্তানৰ সৈতে থকা নৱ বিবাহিতা পত্নী। তেওঁলোকৰ বহুতেই নাজানে সন্তান বা স্বামীৰ চাকৰিটো যে ভৱিষ্যতে নাথাকিব।

তেওঁলোকেও প্ৰকাশ কৰিব নোৱাৰে পিতৃ-মাতৃৰ আগত ভৱিষ্যতৰ এই নিষ্ঠুৰ কথাবোৰ। যি কথা শুনিলে হয়তো ৰোগশয্যাত থকা পিতৃৰ মৃত্যুৱে ঘটিব। এনে এজন লৰাৰ মূৰত কেনে ধুমুহা চলি থাকিব পাৰে সেয়া খাই বৈ থকা সকলে অনুভৱ কৰাটো সম্ভৱ নহয়। অসমতে দৈনিক এতিয়া হাজাৰ হাজাৰ লোকে এসাঁজ ভাতৰ অভাৱত ভুগিছে।

কোৰোনাৰ বাবে কেৱল যে, দুখীয়া লোকসকলে অসুবিধাত পৰিছে তেনে নহয়। একাংশ ধনী লোকো আতৰি থাকিবলগীয়া হৈছে পৰিয়ালৰ পৰা। সেইসকল লোক আন কোনো নহয়, চিকিৎসক, আৰক্ষী, স্বাস্থ্য সেৱাৰে জড়িত লোকসকল। তেওঁলোকে দিন ৰাটি একাকাৰ কৰি কাম কৰিছে। মন কৰিলেও আহিব নোৱাৰে ঘৰলৈ। ৰোগীৰ কাষৰ পৰা এবাৰলৈ যদি ঘৰলৈ আহিছে তেতিয়া তেওঁলোক আতঁৰি থাকিবলগীয়া হয় পৰিয়ালৰ লোকৰ পৰা। কিযানিবা কোৰোনা ভাইৰাছে তেওঁৰ ঘৰখন থানবান কৰি যায়।

কিছুদিন পূৰ্বে আমাৰ দৃষ্টিত পৰা কিছু ছবিয়ে আজিও চকুপানীয়ে মুখ মণ্ডল উপচাই পেলায়। ৭ দিন কাম কৰাৰ অন্তত দেশৰ তথা বিশ্বৰ আন প্ৰান্তৰ দৰেই অসমৰো চিকিৎসকসকলক আইছ'লেশ্যনৰ বাবে প্ৰেৰণ কৰা হৈছে। তেওঁলোক ১৪ দিন পৃথককৈ থাকিব। দেখিবলৈ নাপায় পৰিয়ালৰ লোকক। সেইয়া কেৱল আপোনাৰ মোৰ দৰে লোকসকলৰ জীৱন ৰক্ষাৰ বাবেই তেওঁলোকে কৰিবলগীয়া হৈছে। সংবাদমাধ্যমৰ লোকসকলো ব্যতিক্ৰম নহয়। বিগত কেইদিনত আন লোকসকলৰ সমান্তৰালকৈ সংবাদমাধ্যমৰ লোকসকলেও কষ্ট কৰিবলগীয়া হৈছে।

প্ৰায় ৬৫ শতাংশ শিশুৱে অভিভাৱকৰ প্ৰহাৰৰ সন্মুখীন হৈছে এইকেইটা দিনত। দৈনিক সুৰা সেৱন কৰা লোকসকলে সুৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। যাৰ বাবে বৃদ্ধি পাইছে গৃহ কন্দল। শিশুসকলে পূৰ্বৰ দৰে ইজি খাদ্য পোৱা নাই। দৈনিক হাজিৰা কাম কৰা লোকসকল এইকেইদিন ঘৰতে আবদ্ধ। খাবলৈ খাদ্যৰ অভাৱ। তাৰ মাজতে চৰকাৰে খাদ্য-সামগ্ৰী বিতৰণ কৰিছে। পিছে এই অসম মুলুকত খাদ্য সামগ্ৰী অধিকাংশ ৰাজনৈতিক নেতাৰ অংহি-বংহিয়েহে লাভ কৰিছে। তাৰো প্ৰমাণ ৰাজ্যৰ সংবাদমাধ্যমত দেখিবলৈ পোৱা ছবিবোৰেই।

চৰকাৰে দিয়া ১০০০ টকাটোও যদু-মধুৰ হাতত পৰা নাই। একাংশ ধনীৰ দোলালেহে পাইছে সেই ধন। মালিকৰো উপদ্ৰৱ হৈছে ভাৰাতীয়াৰ ওপৰত। হাঁহি ফুৰ্টি নাইকীয়া হৈছে। পৰিয়ালৰ লোকক লগ পোৱাৰ হাবিয়াস নাইকীয়া হৈছে। পূৰ্বে কেবাদিনলৈ দেখিবলৈ নোপোৱা পৰিয়ালৰ সদস্যক এতিয়া সদায় কাষত পাইছে তাৰ মাজতে খাদ্যৰ বাবে হাহাকাৰ। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ লোকসকলক দিছে মনোৱল।

সামাজিক দুৰত্বৰ ব্যৱহাৰিক অৰ্থ কিছু পৰিমাণে সলনি হোৱাৰ দৰেও কাৰ্য এইখন অসমত হৈছে। জন্মগত সামাজিক পৰিৱেশটো ছ'চিয়েল ডিচটেনছে অসামাজিক তৰি তুলিছে। একাকীত্বত সকলো ভুগিছে। সেইটোৱে মনবোৰ সলনি কৰি দিছে। মনোবিজ্ঞানীৰ মতে সামাজিক দুৰত্বৰ সংজ্ঞাই ১০ শতাংশ হ'লেও মনত প্ৰভাৱ পেলাব পাৰে। আমাক ইজনক-সিজনৰ পৰা আতৰাই আনিব পাৰে। তাৰ মাজতে আকৌ এনে সমস্যা সমাধানৰ বাবে জনহিতজনসেৱাৰ্থে চিন্তা কৰা আৰক্ষীয়ে ব্যৱস্থা হাতত লৈছে।

অসমৰ আন কথা নকলেও ৰাজ্যৰ লগতে দেশৰ বাহিৰত পঢ়া-শুনা বা কাম কৰাৰ বাবে প্ৰায় ১০-১২ লাখ লোক থাকে। তাৰে একাংশ ঘৰলৈ আহিলে। আন এচাম ঘৰৰ পৰা বিচ্ছিন্ন হৈছে। নিশা তেওঁলোকে লকডাউন দিয়াৰ দিনাৰে পৰা জিৰণি চ'ৰা, ষ্টেচন আদিত থাকিব লগা হৈছে। এনে মানুহক লৈ আশংকাত আছে পৰিয়ালৰ লোক। তাৰ মাজতে আকৌ চাকৰি হেৰুৱাইও কিছুলোক ঘৰত আছেহি। তেনেলোক ঘৰতে নিসংগতাত ভুগিছে। মানসিক ভাৱে ভাগি পৰিছে। চাকৰি হেৰুৱাই নিজৰ ভৱিষ্যত অন্ধকাৰ হোৱা দেখিছে। বিভিন্ন কথা আছিল, মনত আছিল হাজাৰ প্ৰতিশ্ৰুতি। কাম কৰি ঘৰৰ সদস্যসকলক চলিবলৈ পইচা দিয়ে বহুলোকে।

এই বহাগতে হাজাৰজনে বিয়া কৰোৱাৰ বাবে মনস্থ কৰিছিল। এতিয়া জীৱনে আছে অনিশ্চয়তাত। বিয়া পিছৰে কথা। ছোৱালীৰ লগতে ঘৰৰ মুখীয়ালো অনিশ্চিত ভৱিষ্যতত ভুগিছে। দৈনিক কাম কৰা মানুহ এতিয়া ঘৰতে আবদ্ধ হৈ পৰাৰ বাবে মানসিকভাৱে অশান্তিত ভুগিছে। ঘৰত কেৱল সমস্যাক লৈ হৈছে আলোচনা। সমস্যাৰ সৃষ্টি হ'ব সমাধান নাই। দুখীয়াবোৰ নিস্কৰ্মা হৈ থাকি ধ্বংস হৈ পৰিব। তাৰ মাজতে সৃষ্টিশীল মনৰ একাংশই নতুনকৈ জীৱনটো চাবলৈ শিকিছে।

এজন ছাত্ৰই লকডাউনৰ সময়ত কাগজেৰে বনোৱা এখন বাইক…

এনে মানসিক অৱসাদ দূৰ কৰিবলৈ একাংশ ক্লিনিকেল মনোবিজ্ঞানীয়ে অৱশ্যে ব্যৱস্থা গ্ৰহণ নকৰা নহয়। আপোনাৰ দুখ-যাতনা উপশমৰ বাবে সাজু একাংশ ক্লিনিকেল মনোবিজ্ঞানী আৰু মোনোৰোগ চিকিৎসক। তেওঁলোক পূৰ্বৰে পৰা বিভিন্ন ৰোগীৰ সৈতে ব্যস্ত থাকিবলগীয়া হয়। তাৰ মাজতে এতিয়া ব্যস্ততা দুগুণ বাঢ়িছে। প্ৰতিটো মুহুৰ্ততে এইসকল ক্লিনিকেল মনোবিজ্ঞানী আৰু মনোৰোগ চিকিৎসকে আপোনাক মানসিকভাৱে সৱল কৰিবলৈ চেষ্টা কৰি আছে। কাৰণ এটাই- তেওঁলোকে কয় "ভাগি নপৰিব, আপুনি ভাগি পৰিলে আপোনাৰ পৰিয়ালৰ লোকসকলক মানসিক শক্তি কোনে দিব"। আপোনাৰ ক্ৰোধ, ভীতি, একাকীত্ব, সংশয় দূৰ কৰাৰ বাবে আপুনি ফোন কৰিব পাৰে। ফোনতে তেওঁলোকে সমাধান দিব। নিৰ্দিষ্ট সময় আছে এইসকল বিশেষজ্ঞক ফোন কৰাৰ বাবে। তালিকাখনত চাওঁক তেওঁলোকৰ ফোন নম্বৰসমূহ।

এই তালিকাতে পাব আপোনাৰ মনোৱল বৃদ্ধি কৰাৰ ঔষধ…

প্ৰতিগৰাকী বিশেষজ্ঞই কেইঘন্টামানৰ বাবে সেৱা আগবঢ়াই দৈনিক। এতিয়া তেওঁলোক ৬গৰাকীয়ে সেৱা আগবঢ়াই আছে। ৭ তাৰিখৰ পৰা দৈনিক ৫-৬ টা ফোন এগৰাকী বিশেষজ্ঞই লাভ কৰিছে। কোনো লোক মানসিকভাৱে ভাগি পৰা, কোনোৱে আকৌ আৰ্থিক অনাটনত পৰিছে। আন কোনো আকৌ অসমৰ বাহিৰত আবদ্ধ হৈ আছে, তেওঁলোকক সহায় লাগে। এনে কিছু মানুহো তেওঁলোকে পাইছে যিসকলে বিগত কেইটা দিনত নিজৰ ঔষধসমূহো ক্ৰয় কৰিব পৰা নাই। ফোন লাভ কৰাৰ লগে লগেই এই সকল বিশেষজ্ঞই প্ৰতিটো সমস্যাৰে সমাধান দিছে। কেতিয়াবা তেওঁলোকৰ জিলা প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ কৰাই দিছে। মনত মনোৰঞ্জন দিবলৈও কেতিয়াবা চেষ্টা কৰিছে। আন কেতিয়াবা কোভিড-১৯ৰ প্ৰসংগতো কোনো লোকে প্ৰশ্ন কৰে। সেই সমাধানো তেওঁলোকে দিছে। পৰামৰ্শ দিয়ে ১০৪ বা ১০৮ত ফোন কৰিবলৈ।

এতিয়ালৈকে প্ৰতিগৰাকী বিশেষজ্ঞই ক'মকৈ হ'লেও ২৭-৩০ টা ফোন লাভ কৰিছে। এইয়া সংকটৰ সময়। এই সময়ত সকলোৱে ইজনে সিজনৰ হাত ধৰি আগুৱাব লাগিব। এইসকল বিশেষজ্ঞ তাৰেই উদাহৰণ। তেওঁলোকক জিএমচিএইচ আৰু অসম আৰক্ষীয়ে সহায় কৰিছে। তাৰ মাজতে এনে কিছু ফোনো পাইছে যেতিয়া কোনোবাই চিঞৰি চিঞৰি কৈছে, "আপুনি কোৱাৰ দৰে মই কাম কৰি এতিয়া সুস্থ হৈছো।"

এইকেইদিন ঘৰতে আবদ্ধ সকলো লোক। মনত যিকোনো চিন্তা আহিব পাৰে। সাহসেৰে নিজে নিজৰ কাম কৰিব লাগিব। ক্লিনিকেল মনোবিজ্ঞানী চন্দামিতা চৌধুৰীয়ে যুৱ প্ৰজন্মৰ বাবে কিছু পৰামৰ্শ দি কয়, "ঘৰত থকা লৰা-ছোৱালীসকল সন্মুখীন হোৱা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পৰিস্থিতিসমূহৰ সৈতে মুখামুখী হ'বলৈ কয়। তেওঁ কয় যদিহে কোনো লোকে মনতে ভয়-শংকা অনুভৱ কৰিছে তেতিয়া তেওঁলোকে নিজে কি কৰিব পাৰে সেয়া চিন্তা কৰিব লাগিব। প্ৰথম তেওঁ অভিভাৱকৰ সৈতে সমস্যাৰ সন্দৰ্ভত কথা পাতিব পাৰে। অভিভাৱকসকলেও এইক্ষেত্ৰত কথা পাতি নিজ লৰা-ছোৱালীৰ সৈতে সমস্যা সম্পৰ্কে সুধিব পাৰে।" চন্দামিতা চৌধুৰীৰ কিছু পৰামৰ্শ এনেধৰণৰ-

এনে সময়ত সৃষ্টিশীল কাম কৰিবলৈও তেওঁ কয়। বহুদিন ধৰি কৰিম বুলি পেলাই থোৱা কাম কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। নতুন ভাষা, খেল, চিত্ৰ অংকণ, চিনেমা চোৱা ইত্যাদি কামো কৰিব পাৰে বুলি তেওঁ কয়। লগতে ক্লিনিকেল মনোবিজ্ঞানীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰাৰ কথা কয়। উদাহৰণস্বৰূপে তেওঁ আমি সূৰ্যক পোহৰ বাবে ধন্যবাদ জনোৱা, এনে এটা জীৱন উপহাৰ দিয়াৰ বাবে পিতৃ-মাতৃক কৃতজ্ঞতা প্ৰকাশ কৰাৰ কথাও কয়। ছ'চিয়েল মিডিয়াৰ যুগত চিঠি পত্ৰ লিখাৰ কথাও তেওঁ কয়। লগতে ফেক খবৰৰ পৰা আতৰি থাকিবলৈও তেওঁ কয়।

কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে হোৱা লকডাউনৰ সময়ত গ্ৰাৰ্হস্থ্য হিংসা বাঢ়িছে। বৃদ্ধি পাইছে শিশুৰ যৌন নিৰ্যাতনৰ সংখ্যা। ভাৰতত চাইল্ড হেল্পলাইন নম্বৰলৈ ১১ দিনত ৩ লক্ষাধিক লোকে ফোন কৰিছে। ২৫ মাৰ্চৰ পৰা চাইল্ড হেল্পলাইনলৈ অহা ফোনৰ সংখ্যা ৫০ শতাংশ বাঢ়িছে। সকলোৱে কেৱল শিশুসকলক নিৰ্যাতন আৰু উৎপীড়নৰ পৰা সুৰক্ষা দিবলৈ অনুৰোধ জনাইছে। ১০৯৮ নম্বৰলৈ ২০ৰ পৰা ৩১ মাৰ্চলৈ অহা ৩ লক্ষাধিক ফোনৰ ৩০ শতাংশ অৰ্থাৎ ৯২ হেজাই উৎপীড়ন আৰু হিংসাৰ। মহিলাৰ বিৰুদ্ধে হোৱা উৎপীড়নৰ সংখ্যাও পূৰ্বৰ তুলনাত ৫০ শতাংশ বাঢ়িছে। লকডাউনৰ সময়ত হোৱা গ্ৰাৰ্হস্থ্য হিংসাক লৈ চিন্তিত ৰাষ্ট্ৰসংঘও।

কোৰোনা ভাইৰাছত এতিয়া দৈনিক যিমান লোকৰ মৃত্যু হৈছে লকডাউন দিয়া বা কোৰোনা ভাইৰাছৰ কথা পোহৰলৈ অহাৰ পূৰ্বে তাতকৈ বহু বেছি লোক দুৰ্ঘটনাৰ ফলত মৃত্যুৰ মুখত পৰিছিল। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি প্ৰতিবছৰে বিশ্বত দুৰ্ঘটনাৰ ফলত ১.৩৫ মিলিয়ন লোকৰ মৃত্যু হয়। পথ দুৰ্ঘটনাত প্ৰতিদিনে বিশ্বত ৩,৭০০ লোকৰ মৃত্যু হয়। ইয়াৰে অধিকাংশ খোজকাঢ়ি যোৱা, মটৰ চাইকেলত যোৱা আৰু চাইকেলত যোৱা লোক। এইচ আই ভি বা আন ৰোগৰ তুলনাত এইখন বিশ্বত এতিয়া দুৰ্ঘটনাৰ ফলতে অধিক লোকৰ মৃত্যু হয়।

যিখন বিশ্বত দুৰ্ঘটনাতে ইমান লোকৰ মৃত্যু হয়, তাত কোৰোনাক লৈ এতিয়া সকলোৰে চিন্তা। কাৰণ কোৰোনা ভাইৰাছক লৈ সকলো লোকৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে। সজাগতাৰ সলনি সকলো লোকৰে মনত ভৰাই দিয়া হৈছে আতংখ। লকডাউনৰ সময়ত দুৰ্ঘটনা, চোৰ, ডকাইটৰ সংখ্যা হ্ৰাস পাইছে। কুলি, কেতেকি গছৰ দালত পৰিব পাৰিছে। পূৰ্বে এখিলাও পাত নোলোৱা জি এছ ৰোডৰ গছ পুলিবোৰ এতিয়া সেউজীয়া হৈছে। তাৰ মাজতে জীৱন ৰক্ষাৰ যুদ্ধ, কোৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ যুদ্ধ চলিছে। দৰিদ্ৰতা আছেই। কিন্তু কথাতে কোৱা হয় প্ৰতিটো নিশাৰ পিছতে পুনৰ পোহৰ হয়। ভাল দিন আহিব। কোৰোনা আতৰিব। আপুনি এসাঁজ মাছ-মাংসৰে খাবলৈ মন কৰি লকডাউন অৱমাননা নকৰিব। কোৰোনাক প্ৰতিহত কৰক। মিছা কথা কৈ আৰক্ষীৰ পৰা হাৰিব পাৰিব কোৰোনা ভাইৰাছৰ পৰা নহয়। আকৌ এবাৰ মন কৰকচোন আমাৰ চৌপাশে দিনে নিশাই আমাৰ বাবে কাম কৰি থকা চিকিৎসক-আৰক্ষীৰ লোকসকলে আপোনাক অনুৰোধ কৰিছে। কৈছে,

"We came to work for you, Please stay home for us."