/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/AP-bikhekh-lekha-1-5.jpg)
মৃদুল কুমাৰ সন্দিকৈ
চৌদিশে কেৱল সমস্যা। সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য। সমস্যাবোৰেই এতিয়া এটা ডাঙৰ সমস্যা হৈ পৰিছে। এই সমস্যা বোৰৰ সমাধান সূত্ৰ নিশ্চয় আছে। কিন্তু সমাধান হোৱাৰ সলনি ইয়াৰ নতুন ৰূপে মানুহৰ জীৱন গধূৰ কৰি তুলিছে।
কিছুমান সমস্যা আছে মৌলিক সমস্যা, কিছুমান সামাজিক সমস্যা। ৰাজনীতি, সাহিত্য, ব্যক্তিগত জীৱনতো সমস্যা আছে আৰু থাকিব। কিন্তু যিবোৰ সমস্যা সমাধান কৰিব পাৰি, সেই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আহি পৰা জটিলতাই মানুহক এখন বিষন্ন পৃথিৱীলৈ লৈ গৈছে।
আশাবাদী হ'ব খুজিও মানুহ আজি আশাৰ পিছত দৌৰিব পৰা নাই। চৰম হতাশা আৰু নিৰাশাৰ মাজত আধুনিক জীৱন বন্দী হৈ পৰিছে। সেই নিৰাশাই ব্যক্তিগত জীৱনত মানুহক ইমান প্ৰভাম্বিত কৰিছে যে, বহু লোকৰ বাবে বিভিন্ন ৰোগৰ কাৰণ হৈ পৰিছে দৈনন্দিন জীৱনৰ শৈলী।
মানুহৰ সুখ, দুখ আপেক্ষিক। আগতেও সুখ, দুখ আছিল। কিন্তু আজি বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ জয় যাত্ৰাৰ চৰম শিখৰত উপনীত হোৱাৰ পিছতো অপ্ৰাপ্তিৰ দুখে মানুহক খেদি ফুৰে। কি আছে আৰু কি বিচাৰে তাৰেই কোনো নিৰ্দিষ্ট লক্ষ্য নাই।
ব্যৱহাৰিক জীৱনত এই সমস্যাবোৰৰ ভৰত মানুহ এনেদৰে কোঙা হৈ পৰিছে যে, সন্মুখত প্ৰত্যাহ্বান ভৰা সময়ৰ বাদে আন একো নাই। অথচ আজিৰ দৰে প্ৰাচুৰ্য নথকাৰ পাছতো চৰম দৰিদ্ৰতাৰ মাজত জীৱন নিৰ্বাহ কৰা লোকসকলো আছিল পৰম সুখী।
মানুহ শিক্ষিত হৈছে। কিন্তু সেই অনুপাতে মানুহৰ মনবোৰ পূৰ্বৰ দৰে বিশাল আৰু আন্তৰিকতাৰে ভৰি থকা নাই। অতি ব্যক্তিগত কেন্দ্ৰিক উলব্ধিৰে পোৱা, নোপোৱা হিচাপৰ মাজত পৃথিৱীৰ ভিতৰতে অসুখী জীৱ হিচাপে মানুহে পৰিচয় লাভ কৰিছে।
ধ্বংস আৰু সৃষ্টিৰ মাজত এতিয়া সংঘাত। সেই সংঘাত বিশ্বব্যাপি হৈছে। মানুহৰ মানসিকতা মানৱীয় দৃষ্টিকোণৰ পৰা বহু দূৰলৈ গুচি গৈছে। ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতাও যেন মানুহে হেৰুৱাই পেলাইছে।
আমাৰ চৌদিশৰ পৰিৱেশে আজি আমাক সেই সংকীৰ্ণ পৃথিৱীখনলৈ টানি থাকে। চৰম বিশ্বাসঘাটকতাই শংকিত কৰি ৰাখে। আনাস্থাপূৰ্ণ পৰিৱেশৰ মাজত এতিয়া কোনেও কাকো বিশ্বাস কৰিব নোৱাৰে। কাৰো ওচৰতে কোনো নিৰাপদ নহয়।
সম্পৰ্কবোৰ এতিয়া কেৱল চিনাকিতে সীমাবদ্ধ হৈ ৰৈছে। সেই সম্পৰ্কৰ মাজেৰে গঢ়ি উঠা টান যেন হেৰাই গৈছে। এনে সমস্যা জৰ্জৰ জীৱনৰ ফল নিসন্দেহে ভাল হ'ব নোৱাৰে। আগতেও সমস্যা আছিল, এতিয়াও সমস্যা আছে।
ন ন সমস্যাই জীৱন ঘেৰি ধৰিছে। কিছু সমস্যা নতুনকৈ আমি নিজৰ বাবে নিজেই সৃষ্টি কৰি লৈছো। এতিয়া আমি কোনেও নাজানো মানুহৰ জীৱন কোন দিশে গতি কৰিছে?
সমস্যাবহুল জীৱনৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। ৰাজনৈতিক, সামাজিক আৰু মৌলিক সমস্যাবোৰ কোনো কোনো পক্ষৰ বাবে মূলধন হয়। তেওঁলোকে সেই সমস্যাবোৰ সমাধান কৰিব নোখোজে বা সমাধান কৰিলেও তাৰ বিপৰীতে আনে কিছু সমস্যাৰ সৃষ্টি কৰি দিয়ে।
প্ৰগতিশীল চিন্তা, চেতনাৰে আগবাঢ়িব খোজা বুলি ক'ব বিচাৰিলেও কিমানজনে মানুহৰ উত্তৰণৰ তৃণমূল পৰ্যায়ৰ বাস্তৱক উপলব্ধি কৰিব পাৰে? প্ৰলোভন আৰু জাক-জমকতাৰে চমক দি আমি নিজেও ঠগ খাও আৰু আনকো ঠগি যাও।
সমস্যাৰে জৰ্জৰ জীৱনৰে এক সঁচা কাহিনী। দেশৰ এটা প্ৰতিষ্ঠিত কোম্পানীৰ কৰ্মচাৰীসকলৰ সৈতে কোম্পানীটোৰ মূৰব্বীগৰাকী মিলিত হৈছে। তেওঁ সাধাৰণ কৰ্মচাৰীসকলৰ পৰা জানিব বিচাৰিছিল তেওঁলোকে কাম কৰা কোম্পানীটোত কি কি ধৰণৰ সমস্যা আছে?
কোম্পানীটোৰ কৰ্মচাৰীসকলক ভাল দৰমহা দিয়া হয়। মালিকে নিজেই কৰ্মচাৰীসকলৰ কল্যাণৰ খবৰ ৰাখে। এটা বহু জাতিক কোম্পানীত লাভ কৰিবলগা সা-সুবিধা দিয়ে।
মালিকৰ সৈতে হোৱা বাৰ্তালাপত এজন কৰ্মচাৰীয়ে উঠি ক'লে তেওঁৰ সমস্যাৰ কথা। কৰ্মচাৰীজনৰ মতে সকলো ঠিকেই আছে। কিন্তু তেওঁ কাম কৰা কাৰ্যালয়টোত কাৰ্যবাহীসকলে ব্যৱহাৰ কৰা টয়লেট বোৰ অতি পৰিস্কাৰ আৰু তেওঁলোকে ব্যৱহাৰ কৰা টয়লেটবোৰলৈ নাকত ৰুমাল লৈও যাব নোৱাৰি।
কৰ্মচাৰীজনৰ সমস্যাৰ কথা শুনি কাৰ্যবাহীসকলে হাঁহিলে। মালিকৰ আগতনো এনে সমস্যাৰ কথা কয়নে? কোম্পানীটোৰ এজন কাৰ্যবাহীয়ে ইংগিতেৰে তেওঁক বহি থাকিবলৈ ক'লে।
কোম্পানীটোৰ মালিকে কিন্তু কথাখিনি গুৰুত্বসহকাৰে গ্ৰহণ কৰিলে। কাৰ্যবাহীগৰাকীক সুধিলে এইয়া সঁচা নেকি? তাৰ পাছত তেওঁ নিজেই কৰ্মচাৰীয়ে ব্যৱহাৰ কৰা টয়লেট আৰু কাৰ্যবাহীসকলে ব্যৱহাৰ কৰা টয়লেট কেইটা চাবলৈ গ'ল।
মালিকৰ মতে সেইয়াও এক অধিকাৰ। সেইয়া সৰু সমস্যা নহয়। এই ক্ষোভেই এদিন অসন্তুষ্টি আৰু ডাঙৰ ক্ষোভৰ সৃষ্টি কৰে। টয়লেট পৰিদৰ্শন কৰি আহি মালিকে কাৰ্যবাহী জনক এই সমস্যা সমাধানৰ বাবে কিমান দিন লাগিব সুধিলে।
কাৰ্যবাহী জনে উত্তৰ দিলে ইয়াৰ বাবে অতি কমেও ৫/৬ মাহৰ সময় লাগিব। লগতে লাগিব যথেষ্ট পৰিমাণৰ ধন। সেই কথা শুনি মালিক কিছু সময় মৌন হৈ ৰ'ল। তাৰ পাছত তেওঁ সুধিলে, ইয়াত কাঠ মিস্ত্ৰী আছে নেকি?
মুহূৰ্তৰ ভিতৰতে এজন কাঠ মিস্ত্ৰী মাতি অনা হ'ল। মালিকে মিস্ত্ৰীজনক ক'লে আজিৰ পৰা তোমাৰ চাকৰি ইয়াত। প্ৰথম তুমি এটা কাম কৰা কাৰ্যবাহীসকলৰ বাবে যিবোৰ টয়লেট আছে সেই টয়লেটবোৰৰ সন্মুখত কাৰ্যবাহী টয়লেট বুলি লিখিথোৱা ফলকবোৰ খুলি সাধাৰণ টয়লেটবোৰৰ আগত মাৰি দিয়া। আৰু সাধাৰণ টয়লেটবোৰৰ ফলকবোৰ আনি কাৰ্যাবাহীৰ টয়লেটবোৰৰ ওপৰত আঁৰি দিয়া।
কেইটামান মিনিটৰ ভিতৰতে সমস্যা শেষ। কিন্তু মালিকে এই নিৰ্দেশো দি গ'ল প্ৰতি সপ্তাহতে যাতে সেই ফলকবোৰ আকৌ সলনি কৰি থকা হয়। পূৰ্বতে কাৰ্যবাহী সকলে কেৱল নিজৰ টয়লেটৰ পৰিস্কাৰ কথা ভাবিছিল। সাধাৰণ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰা টয়লেটবোৰৰ অৱস্থা কি সেই কথা ভাবিবলৈ তেওঁলোকৰ কি দৰকাৰ !
মালিকৰ এনে এটা সিদ্ধান্তই চিৰকালৰ বাবে এই সমস্যা সমাধান কৰি দিলে। কোনো ধনো ব্যয় নহ'ল ইয়াৰ বাবে। আমাৰ জীৱনতো এনে বহু সমস্যা আছে যিবোৰ সমস্যা এটা সঠিক সিদ্ধান্তই সমাধানৰ পথ দিব পাৰে।
ৰাজনীতি, সমাজ আৰু আন ক্ষেত্ৰতো বহু সমস্যা সঠিক সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবে ডাঙৰৰ পৰা ডাঙৰ হৈ গৈ থাকে। আমি কোনেও মন খুলি ক'ব নোৱাৰো 'ন' প্ৰৱলেম'। ঠিক সেই ছুজুকি চামুৰাই বিজ্ঞাপনটোৰ দৰেই- " ৱাও ছুজুকি চামুৰাই- ন' প্ৰৱলেম।"