অসম প্ৰথম !

অসম প্ৰথম !

author-image
asomiyapratidin
New Update
অসম প্ৰথম !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

পুনৰ প্ৰশ্ন উঠিছে গাড্ডাৰ কোন? কোনে বিশ্বাসঘাটক কৰিছে ৰাজনীতিক? দেশজুৰি চৰ্চা চলিছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিঙক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত এটা টুইট কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটত লিখিছিল – অসমৰ পৰা দ্ৰৌপদী মুৰ্মুৱে ১০৪ টা ভোট লাভ কৰাৰ কথা। এন ডি এ প্ৰাৰ্থী গৰাকীয়ে মুঠ ৭৯ টা ভোট লাভ কৰিব লাগে যদিও ২৫ টা ভোট বেছিকৈ লাভ কৰাৰ কথা এই টুইটত উল্লেখ কৰিছিল।

১২৬ জনীয়া অসম বিধানসভাৰ ২ জন বিধায়কে ভোট দিয়া নাছিল। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত অসমৰ ৰাইজৰ হৈ দ্ৰৌপদী মুৰ্মুক অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে নিজা টুইটাৰ হেণ্ডেলত লিখিছিল- "Smt Droupadi Murmu polled 104 votes compared to NDA's original strength of 79 in the 126 member Assam Assembly. 2 absent . My heartfelt gratitude to the people of Assam for reposing their faith in the NDA's Presidential candidate & wholeheartedly joining this historic moment."

ইয়াকে কেন্দ্ৰ কৰি শেহতীয়া ৰাজ্য সভাৰ নিৰ্বাচনৰ পাছত পুনৰ বিৰোধী শিবিৰ বিশেষকৈ কংগ্ৰেছ দলত কপনি উঠিছে। ক্ৰছ ভোটিঙৰ এই সমীকৰণ অংক বিভিন্ন ধৰণে বিভিন্ন জনে কৰিছে। যদি ধৰা হয় ১৩ জন এ আই ইউ ডি এফৰ বিধায়কে দ্ৰৌপদী মুৰ্মুৰ পক্ষত ভোটদান কৰিছে তেনে ৩ জন নিলম্বিত কংগ্ৰেছৰ বিধায়ক, ৩ জন বিপিএফৰ বিধায়ক আৰু ২ জন নিৰ্দলিয় বা অন্যান্য দলৰ বিধায়কে ভোটদান কৰাৰ পাছতো ৪ জন কংগ্ৰেছৰ বৰ্তমানৰ বিধায়কে ভোটদান কৰিলেহে দ্ৰৌপদী মুৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা অসমৰ পৰা ১০৪ হ'ব।

ৰাজ্য সভাৰ নিৰ্বাচনৰ পিছত ক্ৰছ ভোটিঙক কেন্দ্ৰ কৰি এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত বোকা ছিটিওৱা খেল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছতো দেখিবলৈ পোৱা গৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে কাৰ্যত মৰ্মাহত হোৱা বুলি মন্তব্য কৰিছে।

বৰাৰ মতে কংগ্ৰেছৰ ২৬ টা ভোটৰ ভিতৰত ২০ টা ভোট যশৱন্ত সিনহা পক্ষত পৰিছিল। বাকী ৬ টা ভোট ক্ৰছ ভোটিং হোৱাৰ কথা উল্লেখ কৰি লিখিলে- 'I am aghast that we had 26 votes but we could cast 20 votes in your favor @YashwantSinha ji, This immoral and abject surrender of ideology has stung my conscience and I strongly feel about it. This is a let down of political ethics.'

ক্ৰছ ভোটিঙৰ শীৰ্ষত অসম। মধ্যপ্ৰদেশৰ ১৯ জন বিধায়কে, মহাৰাষ্ট্ৰৰ ১৬ জনে, উত্তৰ প্ৰদেশৰ ১২ জনে, গুজৰাটৰ ১০ জনে, ঝাৰখণ্ডৰ ১০ জনে, বিহাৰৰ ৬ জনে, ছত্তিশগড়ৰ ৬ জনে, ৰাজস্থানৰ ৫ জনে, গোৱাৰ ৪ জনে, ক্ৰছ ভোটিং কৰাৰ তথ্য পোহৰলৈ আহিছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচক মণ্ডলীৰ মুঠ ভোটৰ মূল্য ১০ লাখ ৪৬ হাজাৰ ৪৩১ আছিল। ইয়াৰে ৬ লাখ ৭৪ হাজাৰ ৮০৩ লাভ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাই পালে ৩ লাখ ৮০ হাজাৰ ১০৭ মূল্যৰ ভোট। মুঠ সাংসদৰ ভিতৰত ৫৪০ গৰাকী সাংসদৰ ভোট লাভ কৰিলে দ্ৰৌপদী মুৰ্মুৱে।

২০৭ জন সাংসদৰ সমৰ্থন পালে সিনহাই। ৭০ গৰাকী সাংসদ আৰু ১০৪ গৰাকী বিধায়কে কৰিলে ক্ৰছ ভোটিং। সাংসদ আৰু বিধায়কৰ ৬৪ শতাংশ ভোট দ্ৰৌপদী মুৰ্মুৱে লাভ কৰাৰ বিপৰীতে ৩৬ শতাংশ ভোট বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী সিনহাই লাভ কৰিলে।

২৫ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে শপত ল'ব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হ'ল। কিন্তু এই নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত আকৌ এবাৰ বিশেষকৈ কংগ্ৰেছ, এ আই ইউ ডি এফৰ ভূমিকাই বহু প্ৰশ্ন থৈ গ'ল।

নৈতিকতাহীন এই ৰাজনীতিত এতিয়া অসম যে প্ৰথম সেই কথাই যেন ৰাষ্ট্ৰপতি নিৰ্বাচনে আওপকিয়াকৈ প্ৰতিষ্ঠা কৰিলে। এনে ৰাজনীতিক পৰিৱেশৰ মাজত কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি টোৱাইছে। এ আই ইউ ডি এফৰ বিধায়কে এই ক্ৰছ ভোটিঙৰ বাবে কংগ্ৰেছ নেতৃত্বক দোষাৰোপ কৰি অসমৰ ৰাজ্যৰ সন্মুখত সেইসকলনো কোন সেয়া ৰাজহুৱা কৰিবলৈ দাবী তুলিছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ৰাজ্যৰ ৰাজনীতি গৰম এতিয়া। পুনৰ বেকফুটত কংগ্ৰেছ। কংগ্ৰেছতেই থাকি বিজেপিৰ পক্ষত ভোট দিয়া বিধায়কসকলৰ পৰিচয় নিশ্চয় এদিন ওলাব। ইটোৰ পিছত সিটো নিৰ্বাচনত এনেবোৰ পৰিৱেশ, পৰিস্থিতিয়ে ৰাজ্যৰ ৰাজনীতিত নিশকটীয়া কৰি তুলিছে কংগ্ৰেছক।