যাত্ৰীৰ উদাৰতা তেওঁলোৰ বাবে দুৰ্বলতা !

যাত্ৰীৰ উদাৰতা তেওঁলোৰ বাবে দুৰ্বলতা !

author-image
asomiyapratidin
New Update
যাত্ৰীৰ উদাৰতা তেওঁলোৰ বাবে দুৰ্বলতা !

তুষাৰ প্ৰতিম

Advertisment

গুৱাহাটী মহানগৰত অনিয়ন্ত্ৰিত হৈ পৰিছে ৰেপিড' ৰাইডাৰ। নিজ খেয়াল-খুচি মতে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে ধন। কেৱল ৰেপিড'য়েই নহয়, উবেৰ, অ'লাৰ বাইক সেৱাৰ লগত জড়িত ৰাইডাৰ সকলেওঁ এই একেই পথ অনুসৰণ কৰিছে। মহানগৰীৰ যান-যতৰ বাবে সময় ৰাহি কৰিবলৈ বাছৰ পৰিবৰ্তে ৰেপিড', উবেৰ, অ'লা আদিৰ জৰিয়তে বাইক বুকিং কৰি যাত্ৰাকৰা যাত্ৰীসকলৰ পৰা নিজ ইচ্ছামতে ভাড়া সংগ্ৰহ কৰি যাত্ৰীসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে।

ৰেপিড', অ'লা, উবেৰ আদিৰ জৰিয়তে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ তেওঁলোকৰ এপৰ জৰিয়তে অনলাইন মাধ্যমেৰে বাইক বুকিং কৰা হয়। যাত্ৰা কৰা ঠাইৰ পৰা লক্ষ্যস্থানলৈ দূৰত্ব অনুসৰি যাত্ৰাৰ বাবে মূল্য নিৰ্ধাৰণ কৰা হয়। কিন্তু কোৰোনা ভাইৰাছৰ আগমণৰ পিছৰে পৰা এই সেৱাসমূহৰ ৰাইডাৰসকলৰ দৌৰাত্ম্য ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

নিৰ্দিষ্ট এপটোৱে কিলোমিটাৰ অনুসৰি ভাড়া নিৰ্ধাৰণ কৰে যদিও ৰাইডাৰসকলে যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। অতিৰিক্ত ভাড়া নিদিলেই তেওঁলোকে বুকিং কেনচেল কৰিবলৈহে কয়। আনহাতে এই সেৱা গ্ৰহণ কৰাৰ সময়ত এপটোৱে কিমান ভাড়া হ'ব সেই বিষয়ে আগতিয়াকৈ যাত্ৰীক জনোৱাৰ বাবেই ৰাইডাৰসকলে যাত্ৰীক সেৱা আগবঢ়োৱাৰ পূৰ্বেই কিমান ভাড়া দেখুৱাইছে সেই বিষয়েহে প্ৰথমে প্ৰশ্ন কৰে আৰু এপটোৱে নিৰ্ধাৰণ কৰি দিয়া ভাড়াতকৈও ৫০ শতাংশতকৈ অধিক ভাড়া দাবী কৰে। এই ভাড়া দিবলৈ অনিচ্ছুক হ'লেই বুকিং কেনচেল কৰে ৰাইডাৰসকলে।

আনহাতে এই সেৱাসমূহ গ্ৰহণ কৰিলে প্ৰতিজন যাত্ৰীৰ বাবে দুৰ্ঘটনা আদিৰ বাবে ইনচুৰেঞ্চৰ বাবেও এক মূল্য এপটোৱে সংগ্ৰহ কৰে। এই সেৱা গ্ৰহণ কৰা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবেই এই ব্যৱস্থা। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এপটোৰ জৰিয়তে বুকিং কৰাৰ পিছতো ৰাইডাৰসকলে যাত্ৰীসকলক অফলাইন ৰাইডৰ বাবেহে হেঁচা প্ৰয়োগ কৰে। এইদৰে অফলাইন ৰাইডত যোৱা মানেই এই ৰাইড এপটোৰ লগত যাত্ৰীগৰাকী কোনো কাৰণতে জড়িত নহয়। ফলত কিবা কাৰণত দুৰ্ধঘটনা সংঘটিত হ'লে তাৰ দায়িত্ব কোনে গ্ৰহণ কৰিব সেয়াও এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।

আনহাতে এই এপ সমূহৰ ৰাইডাৰ হ'বলৈ নিৰ্দিষ্ট এখন দুচকীয়া বাহন থকাৰ লগতে বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থকাটো নিত্যান্তই জৰুৰী। এপটোৰ জৰিয়তে নিৰ্দিষ্ট এক ৰাইডৰ বাবে বুকিং কৰাৰ সময়ত যাত্ৰীগৰাকীৰ মোবাইলত ৰাইডাৰগৰাকীৰ সবিশেষ দেখুৱাই। কিন্ত তাৎপৰ্যপূৰ্ণ কথাটো হ'ল একাংশ ৰাইডাৰে এপটোত পঞ্জীয়ন কৰি থোৱা বাহনৰ পৰিৱৰ্তে পঞ্জীয়নবিহীন দুচকীয়া বাহন ব্যৱহাৰ কৰাটো।

যাত্ৰীসকলক উৎকৃষ্ট সেৱা দিয়াৰ নামত এই এপ সমূহে সেৱা আগবঢ়াই আহিছে যদিও ৰাইডাৰসকলে নিজ খেয়াল-খুচি মতে ভাড়া আদায় কৰি এতিয়া যাত্ৰীসকলৰ লগত দিন-ডকাইত কৰাৰ দৰে কৰিবলৈ লৈছে। এপটোৱে ৫০ টকা ভাড়া দেখুৱালে ৰাইডাৰে বিচাৰে ৭০ ৰ পৰা ৮০ টকা ভাড়া, ১০০ টকা ভাড়া দেখুৱালে ৰাইডাৰে বিচাৰে ১৫০ ৰ পৰা ১৭০ টকা পৰ্যন্ত ভাড়া।

এইদৰে অতিৰিক্ত ভাড়া বিচৰাৰ ক্ষেত্ৰত ৰাইডাৰসকলে এপসমূহে গ্ৰাহকক আগবঢ়োৱা বিভিন্ন ধৰণৰ অফাৰ আৰু পেট্ৰ'লৰ মূল্য অধিক হোৱাৰ বাবেই তেওঁলোকে ভাড়া অধিক দাবী কৰে বুলি অযুহাত দেখুৱাই। কিন্ত এইদৰে যাত্ৰীৰ বাবে অধিক ধন দাবী কৰাটো কিমান যুক্তি সংগত? এপটোৱে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি-নিয়ম ভংগ কৰি ৰাইডাৰ সকলে যাত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটো জানোঁ যুক্তি সংগত?

ইফালে একাংশ ৰাইডাৰৰ যাত্ৰীসকলৰ উদাৰতাৰ সুযোগ গ্ৰহণৰো অভিযোগ উত্থাপিত হৈছে। অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটী চহৰলৈ কৰ্ম সংস্থাপন বিচাৰি অহা বহু নিবনুৱা যুৱকে এই ৰেপিড', উবেৰ, অ'লা আদিৰ বাইক সেৱাত নিজকে জড়িত কৰি সংস্থাপনৰ বাট মুকলি কৰিছে। আন একাংশই আকৌ গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ আহি আজৰি সময়ত এই সেৱাসমূহৰ লগত জড়িত হৈ নিজৰ পকেট মানী উলিয়াইছে।

বহু অসমীয়া যুৱকে এইদৰে নিজকে সংস্থাপন কৰাৰ বাবেই বিভিন্নজনে ৰাইডাৰসমূহক সন্মানৰ চকুৰে চাই আহিছে আৰু তেওঁলোকক উপযুক্ত সন্মান প্ৰদান কৰি আহিছে। অৱশ্যে তাৰ মাজতো একাংশ লোকে তেওঁলোকক বিভিন্ন কাৰণত দুৰ্ব্যৱহাৰো কৰিছে। কিন্তু ইয়াৰ তুলনাত তেওঁলোকক উচিত সন্মান দিয়া লোকৰ সংখ্যাই অধিক। সৎ পথৰে এইদৰে নিজকে সংস্থাপিত কৰাৰ বাবেই বহু লোকে এই সেৱাসমূহৰ লগত জড়িত ৰাইডাৰ সকলক তেওঁলোকে বিচৰা ধৰণেই ভাড়া আদাই দিছে।

কোনোৱে যদি ৫০ টকাৰ ঠাইত ৭০ টকা দিবলগীয়া হৈছে সেয়াও আদায় দিছে। পেট্ৰ'লৰ মূল্য বৃদ্ধিৰ কথা ভাবিয়েই তেওঁলোকে বিচৰা ধৰণেই ধন দি আহিছে। অসমীয়া ল'ৰাই কিবা এটা কৰিছে, নিবনুৱা হৈ ঘৰত বহি নাথাকি দুপইছা ইনকাম কৰিবলৈ আহিছে বা পঢ়াৰ মাজতে নিজৰ পকেট খৰছ নিজেই উলিয়াই লৈছে বুলিয়েই যাত্ৰীসকলে তেওঁলোকে বিচৰা ধৰণেই ভাড়া আদায় দিছে যদিও যাত্ৰীসকলৰ এই উদাৰতাকে এতিয়া এচাম ৰাইডাৰে দুৰ্বলতা হিচাপে গ্ৰহণ কৰিছে আৰু জোখতৈ অধিক ধন আদায় কৰাত মনোনিবেশ কৰিছে।

গুৱাহাটী মহানগৰৰ যিসকল লোকে এই সেৱাসমূহ গ্ৰহণ কৰে তেওঁলোকে ৰাইডাৰ সকলৰ এই দৌৰাত্ম্য হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰিছে। একাংশই পৰিবহণ বিভাগক এই দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ দাবী উত্থাপন কৰিছে। শেহতীয়াকৈ ৰাজ্যত পৰিবহণ বিভাগে পথ সুৰক্ষাৰ লগতে যান-বাহন আইন সম্পূৰ্ণৰূপে পালন কৰিবলৈ ৰাজপথে ৰাজপথে অভিযান আৰম্ভ কৰিছে। যাৰবাবে যান-বাহন আইন পালন কৰাৰ লগতে পথ সুৰক্ষাৰ ওপৰত চালকসকলে গুৰুত্ব প্ৰদান কৰিছে বা এই সংক্ৰান্তত সচেতন হৈছে।

কিন্তু একে সময়তে এই ৰেপিড', অ'লা, উবেৰ আদিৰ ৰাইডাৰসকলে যাত্ৰীৰ পৰা অধিক ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে সেই দিশটোৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। ৰাইডাৰসকলে ধন দাবী কৰাৰ পৰিবৰ্তে পেচাদাৰী মনোভাৱেৰে এই সেৱাসমূহৰ লগত জড়িত হোৱাটো বিচাৰিছে সকলোৱে। তেওঁলোকৰ যিসমূহ সমস্যা আছে সেই সমস্যা সমাধানৰ বাবে চৰকাৰৰ পৰাই হওক বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক ব্যৱস্থা গ্ৰহৰ বাবেও আহ্বান জনাইছে সৰ্ব-সাধাৰণে।