হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ! যদি…

হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ! যদি…

author-image
asomiyapratidin
New Update
হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ! যদি…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

পৰিয়াল পৰিকল্পনা নিয়ম নিৰ্ধাৰণ কৰিছিল কংগ্ৰেছ চৰকাৰে। ল'ৰাই হওক বা ছোৱালীয়েই হওক দুটি সন্তানেই যথেষ্ট শ্ল'গানেৰে সৰু পৰিয়াল আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সেই সময়ত সমগ্ৰ দেশ জুৰি প্ৰচাৰ চলোৱা হৈছিল।

সাধাৰণ মানুহৰ বাবে এইয়া এক নিয়ম হৈ পৰিছিল। কিন্তু বহু শক্তিশালী ৰাজনীতিবিদে তেনে নিয়ম মনা নাছিল। তাৰ উদাহৰণ আছিল সেই সময়ৰ বিহাৰৰ ক্ষমতাশালী নেতা তথা আৰ জে ডিৰ মূৰব্বী লালু প্ৰসাদ যাদৱ।

এবাৰ লালু প্ৰসাদ যাদৱক সুধা হৈছিল, তেওঁলোকৰ দৰে নেতা বোৰে নিয়ম বনাই, কিন্তু তেওঁলোকেই সেই নিয়ম মানি নচলে। উদাহৰণ স্বৰূপে আঙুলিয়াই দিয়া হৈছিল লালু প্ৰসাদ যাদৱৰ মুঠ সন্তানৰ সংখ্যালৈ।

৬ গৰাকী কন্যা আৰু ৩ জন পুত্ৰৰে লালু প্ৰসাদ আৰু ৰাবৰী দেৱীৰ মুঠ ল'ৰা-ছোৱালীৰ সংখ্যা আছিল ৯। চতুৰ লালু প্ৰসাদে সেই প্ৰশ্নৰ উত্তৰত কৈছিল, সেই সময়ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল। বিহাৰত আছিল লালু প্ৰসাদৰ চৰকাৰ। কংগ্ৰেছে পৰিয়াল পৰিকল্পনাৰ এই নীতি প্ৰযোজ্য কৰিছিল।

কেন্দ্ৰত লালু প্ৰসাদৰ দল বহিছিল বিৰোধী আসনত। সেই সূত্ৰে চৰকাৰে যিয়েই কৰে তাৰ বিৰোধ কৰাতো বিৰোধিৰ নিয়ম বুলি তেওঁ ভাবিছিল। তাৰ প্ৰভাৱ হেনো তেওঁৰ পৰিয়ালতো পৰিছিল।

শাসকীয় দলে কৰা প্ৰতিটো কামেই বিৰোধীয়ে বিৰোধিতা কৰাতো বঞ্চনীয় নহয়। অসমত শেহতীয়াকৈ শাসকীয় দলৰ বা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহু সিদ্ধান্ত, নীতিক বিৰোধিয়ে বিৰুদ্ধাচাৰণ কৰিলেও সকলো কথা সকলো কথা বিৰোধিতা কৰিব নোৱাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৩ মাৰ্চ ২০২২ ত তেওঁৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সতীৰ্থ মন্ত্ৰী পীয়ুষ হাজৰিকাই ঘোষণা কৰিলে। এই ঘোষণাত অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো আছিল ইমান দিনে অনিশ্চয়তাৰ মাজত সোমাই থকা নগাওঁ আৰু কাছাৰ কাগজ কল ৰাজ্যৰ উদ্যোগ বিভাগে ক্ৰয় কৰিব।

দীৰ্ঘদিন ধৰি এই কাগজ কল দুটা বন্ধ হৈ আছে। কাগজ কল দুটা পুনৰ কাৰ্যক্ষম আৰু তাত কৰ্মৰত কৰ্মচাৰীসকলক প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। সেই বিষয়বোৰ সমাধান সূত্ৰ ইমান দিনে উলোৱা নাছিল। বৰঞ্চ নতুন নতুন পাকচক্ৰৰে কাজগ কল দুটাৰ কৰ্মচাৰীসকলক চৰম অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া হৈছিল।

ৰাজ্য চৰকাৰে কাগজ কল দুটা ক্ৰয় কৰিব। মুঠ ৩৭৫ কোটি টকাৰ বিনিয়মত কাগজ কল দুটা নিজৰ অধীনলৈ আনিব অসম চৰকাৰে। হিন্দুস্তান পেপাৰ মিলছৰ এই কাজগ কল দুটা যি কাৰণত বন্ধ কৰি দিয়া হৈছিল সেই ৰহস্য এতিয়াও উদঘাটনৰ বাহিৰত।

লালু প্ৰসাদ যাদৱৰ দৰেই চৰকাৰে গ্ৰহণ কৰা যিকোনো নীতিক বিৰোধিতা কৰা পৰম্পৰা পৰিহাৰ কৰি চৰকাৰক এতিয়া বিৰোধিয়ে এনে দিহা পৰামৰ্শ দিব লাগে যাতে কাগজ কল দুটালৈ আকৌ স্বাভাৱিক পৰিৱেশ ঘূৰি আহে।

অৱশ্যে এই মুখ্যমন্ত্ৰীৰ এই ঘোষণা কাৰ্যত কি হয় সেইয়াও লক্ষণীয় হ'ব। বঞ্চনা আৰু মিছা অস্বাসৰ বলি হোৱা দুয়োটা কাগজ কলৰ কৰ্মচাৰীয়ে ৬২ মাহৰো অধিক দৰমহা পাবলৈ বাকী আছে।

ধনৰ অভাৱত দুয়োটা কাগজকলৰ ১০০ জনৰো অধিক কৰ্মচাৰীয়ে বিনা চিকিৎসাৰে প্ৰাণ হেৰুৱাইছে। দেশত কাগজৰ ব্যৱহাৰ কমা নাই। প্ৰয়োজনীয় কাগজ চীন বা আন বিদেশী ৰাষ্ট্ৰৰ পৰা নিয়মীয়া কৈ আমদানি হৈ আছে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে এই কথা স্বীকাৰ কৰি থৈছে। এসময়ত নগাঁৱত উৎপাদিত কাগজ বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছিল। এই কাগজৰ গুণগত মানো আছিল উন্নত। কৰ্মচাৰীসকলে দাবী কৰে কাগজ উৎপাদনৰ যি দুটা মেচিন জাগীৰোডত থকা নগাওঁ কাগজ কলত আছে সেই কেইটা পুনৰ উৎপাদনক্ষম কৰি তুলিব পাৰি।

কেবিনেটত লোৱা সিদ্ধান্তৰ সমান্তৰাল ভাৱে ৰাজ্যৰ উদ্যোগ বিভাগৰ এটা দল নগাওঁ কাগজ কললৈ গৈ কাগজকল দুটাৰ অৱস্থা পৰ্যবেক্ষণ কৰিছিল। নগাওঁ কাগজ কলৰ ভিতৰছোৱাত বহু যন্ত্ৰপাতি যহি খহি গৈছে। কেৱল নগাওঁ কাগজ কলতেই আছে ১৭০০ বিঘা মাটি।

কাছাৰ কাগজ কলত থকা মাটিৰ পৰিমাণ ২০০০ বিঘাৰো অধিক হ'ব। দুয়োটা কাগজ কলৰ নামত থকা ভূ-সম্পত্তিয়েই হাজাৰ কোটি টকাৰ অধিক হোৱাৰ পাছতো এই কাগজ কল কেইটা বন্ধ হৈ থকা পাছত ১০ বাৰকৈ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিও সেইয়া নিলাম কৰিব পৰা নাছিল।

প্ৰথম দুয়োটা কাগজ কলৰ নিলামৰ মূল্য ১১৩৯ কোটি টকা কৰা হৈছিল। কিন্তু কোনো নিবিদাকাৰী নহাত পৰ্যায়ক্ৰমে সেই নিলাম মূল্য নমাই নি ৩৭৫ কোটি টকা শেষৰবাৰত স্থিৰ কৰিছিল।

এইবাৰ সেই নিলাম মূল্যতে কাগজ কলটো উদ্যোগ বিভাগৰ জৰিয়তে নিজৰ অধীনলৈ নিব। খবৰ অনুসৰি ২৭ মাৰ্চত অসম চৰকাৰে কাগজ কল দুটাৰ বাবে নিবিদা পেলাব। চৰকাৰৰ এই পদক্ষেপ কিমান আন্তৰিকতাপূৰ্ণ?

বহু সময়ত চৰকাৰী পক্ষই অতি কৌশল পূৰ্ণভাৱে কিছু কাম কৰে। কাগজ কল দুটাক লৈ যি প্ৰতিবাদী আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তাৰ পৰা পৰিত্ৰান পাবলৈ চৰকাৰে এনে এখন নাটকৰ ৰচনা কৰিছে নেকি বুলিও নিশ্চয় প্ৰশ্ন উঠিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কল দুটাৰ কৰ্মচাৰী ইউনিয়নৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি কৰ্মচাৰীসকলক তেওঁলোকৰ বকেয়া দৰমহাৰ নামত ৰাজ্য চৰকাৰে ৫৭০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

চৰকাৰৰ সেই প্ৰতিশ্ৰুতি কাগজতেই পৰি ৰ'ল। এনে চুক্তি স্বাক্ষৰিত কৰাৰ পিছতেই ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠকত নগাও আৰু ৰাছাৰ কাগজ কলত ৭০০ কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু সেই ধন কৰ্মচাৰীয়ে আজিলৈকে পোৱা নাছিল।

কিছু দিনৰ পূৰ্বে বাজেট দাখিল হ'ল। ২০২২-২৩ বৰ্ষৰ বাবে দাখিল কৰা বাজেটত কাগজ কল দুটাৰ প্ৰসংগ উল্লেখ নাই। যদি উদ্যোগ বিভাগৰ বাবে আবণ্টিত ধনেৰে ৰাজ্য চৰকাৰে কাগজ কল দুটা ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে সেইয়া পৃথক বিষয়।

প্ৰায়ে দেখা যায় অৰ্ধ সত্য মেৰপাক দিয়াৰ কথাৰে শাসক পক্ষই এনে বহু প্ৰতিশ্ৰুতি দিয়ে। যিবোৰ ঘোষণা কৰাৰ লগে লগে মানুহে ভাৱে এইবাৰ কিবা এটা হ'ব। কিন্তু তেনে বহুবোৰ প্ৰতিশ্ৰুতি চকুৰ সন্মুখতেই দেখি থকাৰ পিছত প্ৰকৃত অৰ্থত কিবা এটা নোহোৱালৈকে ইমান উৎসাহিত হোৱাৰো কোনো থল নাথাকে ।

হিন্দুস্তান পেপাৰ মিলছৰ অধীনস্থ দুটা কাগজ কল ইতিমধ্যে ক্ৰয় কৰি ইতিমধ্যে উৎপাদন আৰম্ভ কৰিছে। কেৰেলা আৰু মধ্য প্ৰদেশত থকা এই কাগজ কল দুটা নগাওঁ আৰু জাগীৰোড কাগজ কলতকৈ বেছি সময় বন্ধ হৈ আছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাগজ কল দুটাক লৈ কি পৰিকল্পনা কৰিছে সেইয়া তেওঁ আৰু ৰাজ্য চৰকাৰেহে জানিব। যদি সছা অৰ্থত কাগজ কল দুটাৰ কথা চিন্তা কৰি ইয়াক কাৰ্যক্ষম বা আন উৎপাদনমুখী কামৰ বাবে ব্যৱহাৰ কৰে তেনে হ'ব এইয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বাবে এক ডাঙৰ মাইলৰ ষ্টন।

গভীৰ আশাৰে সকলোৱে বাট চাইছে। অশ্বত্থামা হত ইতি গজৰ দৰে নহৈ সছা অৰ্থত ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ কাৰ্যক্ষম কৰাৰ কথা যদি ভাৱে এইয়া ৰাজ্যৰ উদ্যোগখণ্ডৰ বাবে আশাৰ বতৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সদায় সমালোচনা কৰিব লাগিব বুলি কোনো কথা নাই।

মুখ্যমন্ত্ৰীয়ে কৰিব খোজা ভাল কাম বোৰৰ পক্ষত শাসক-বিৰোধী সকলোৱেই উমৈহতীয়া ভাৱে থিয় দিব লাগিব। তেনে পৰম্পৰাই ৰাজ্যত এক সুস্থ প্ৰৱণতাৰ সৃষ্টি কৰিব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰে সেইয়া সময়ে ক'ব।