ছিৰাজুদ্দিনে নক’লেও অসমত ‘অসমীয়াই’ জিন্দাবাদ…

ছিৰাজুদ্দিনে নক’লেও অসমত ‘অসমীয়াই’ জিন্দাবাদ…

author-image
asomiyapratidin
New Update
ছিৰাজুদ্দিনে নক’লেও অসমত ‘অসমীয়াই’ জিন্দাবাদ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ইংলিছ মেন ! হঠাৎ আবিৰ্ভাৱ হোৱা নাই এইজন জেণ্টেলমেনৰ। সৌ সিদিনালৈকে অসমৰ মানুহে তেওঁক চিনি পোৱাই নাছিল। চৰম অহংবোধেৰে ধনৰ জোৰত নিজৰ ভাষা, মাটিক অপমান কৰা এইগৰাকী ব্যক্তিৰ পৰিচয় কিছু দিনৰ আগলৈকে আছিল আগৰৰ বেপাৰী।

অসমৰ মানুহৰ, অসমৰ মাটি, পানী, বায়ু সেৱন কৰি নিজকে ইণ্টাৰনেচনেল মেন ৰূপে ঘোষণা কৰা ছিৰাজুদ্দিন আজমল নামৰ ব্যক্তিজনৰ ৰাজনৈতিক এক পৰিচয় গঢ় লৈ উঠিছিল। তাৰেই সুবিধা গ্ৰহণ কৰি ধন আৰু ক্ষমতাৰ বলত অসমীয়া ভাষাকে এলাগী কৰা ছিৰাজুদ্দিন আজমলে হেনো ভাল ইংৰাজী কয়!

তেওঁৰ দৰে অসম বিধানসভাত কিমানজনে ইংৰাজী ক'ব পাৰে বুলি নিজৰে প্ৰমাণপত্ৰ দি লোৱা ছিৰজুদ্দিনৰ স্পৰ্ধা তাতেই অন্ত পৰা নাই। অসমীয়া নকও বুলি ঘোষণা কৰা ছিৰাজুদ্দিনে অসমীয়াতে এই কথা কৈ অসমীয়া ভাষা কিমান মানুহে জানে বুলি প্ৰশ্ন কৰিছিল।

ক্লিক কৰি পঢ়কঃ আদালতৰ প্ৰয়োজন নাই নেকি ? কেন্দ্ৰীয় মন্ত্ৰণালয়ে পালন নকৰে ন্যায়ালয়ৰ নিৰ্দেশনা…

সেই ছিৰাজুদ্দিন আজমলক কিমান মানুহে অসমীয়া জানে তাৰ কিছু তথ্য সোঁৱৰাই দিব বিচাৰিছো। এইগৰাকী জুনিয়ৰ আজমলে হয়তো নাজানে ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া ২২ টা ভাষাৰ ভিতৰত অসমীয়া ভাষাও আছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ১,৫৩,১১,৩৫১ জন। অৰ্থাৎ ডেৰকোটিৰো অধিক লোকে অসমীয়া কয়।

সেই সকলৰ ভিতৰত ইংৰাজী বিদেশত অধ্যয়ন কৰি বিদগ্ধ পণ্ডিত হোৱা বহু অসমীয়াও আছে। ড০ হীৰেণ গোহাইৰ দৰে ইংৰাজীত বিশ্বজুৰি দখল আৰু পাণ্ডিত্য থকা অসমীয়াইও কোনো দিনেই কোৱা নাই তেওঁ ইংৰাজী জানে বুলিয়েই অসমীয়া নকও বুলি।

অথচ নিৰন্তৰ অসমৰ সমস্যা বিভিন্ন সময়ত ৰাজনৈতিক, সামাজিক ক্ষেত্ৰত অসমীয়া ভাষাতেই লিখামেলা কৰি আজি এই বয়সলৈকে তেওঁ কলম চলাই গৈছে। কৃষ্ণকান্ত সন্দিকৈৰ তুলনাত ইংৰাজীত কিমান দখল এই ছিৰাজুদ্দিন নামৰ মানুহজনৰ?

কিন্তু তেওঁ নিজকে অসমীয়া বুলি কৈ গৌৰৱবোধ কৰিছিল। হয় অসমীয়া ভাষালৈ সংকট আহিছে। অসমীয়া ভাষী লোকৰ সংখ্যা হ্ৰাস হৈছে। ১৯৭১ চনৰ লোকপিয়লত সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা আছিল ১.৬৩ শতাংশ। ১৯৯১ চনত সেই সংখ্যা হ্ৰাস পাইছিল ১.৫৬ শতাংশলৈ।

২০০১ চনত এই সংখ্যা হ্ৰাস হৈ হৈছিলগৈ ১.২৮ শতাংশ। আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যত ভাৰতত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ১.২৬ শতাংশ হয়গৈ। ইয়াৰ কাৰণ আৰু অসমীয়া ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বান প্ৰতিজন অসমীয়াই গ্ৰহণ কৰি অসমীয়া ভাষাক সৱল কৰি ৰখাৰ দায়িত্ব আছে।

ইয়াৰ বিপৰীতে খোদ বিধানসভাৰ মজিয়াত কোনোবা ছিৰাজুদ্দিনে এনে কথা ক'লে বা অসমীয়া ভাষা সন্দৰ্ভত উপলুঙা সূচক মন্তব্য দিলে হাঁহি উঠে সেই ব্যক্তিলৈ। কিছু দিনৰ পূৰ্বে এটা গীত ভাইৰেল হৈছিল। শ্ৰীলংকাৰ এগৰাকী গায়িকাই গাইছিল 'মানিকে মাগে হিথে…'। বিশ্বজুৰি এই ভাষা কোৱা মানুহৰ সংখ্যা ইংৰাজী ভাষাৰ দৰে বহু বেছি নহয়।

ক্লিক কৰি পঢ়কঃ কাগজ এখন কিনাৰো ধন নাই ! শ্ৰীলংকাত আৰ্থিক জৰুৰী অৱস্থা ঘোষণা….

কিন্তু এই গীত মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিল। একেদৰে 'বাদাম বাদাম কাছা বাদাম…' গানে দেশৰ পৰিসীমা অতিক্ৰম কৰি মন জয় কৰিছিল। এতিয়া ভাষা কিমানে কৈছে, সেইয়া এক সমস্যা নহয়। অতি কম ভাষাী লোক থকা বহু ভাষাৰ ইমান উত্তম সাহিত্য সৃষ্টি হৈছে যে সেই ভাষাই আন কোটি কোটি লোকে কোৱা ভাষাৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

সৌ সেইদিনা অসমীয়া কবিতাৰ বাবেই দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ এগৰাকী অসমীয়া কবিয়ে আজুৰি আনিছে। অসমীয়া সাহিত্যৰ মহীৰূহ স্বৰূপ নীলমণি ফুকনৰ এই কৃতি আৰু সাধনাই অসমীয়া ভাষাক আৰু অসমীয়াক সমৃদ্ধ কৰি গৈছে।

ইয়াৰ পিছত এজন অসমীয়া বুলি আমি ভবা ছিৰাজুদ্দিনে কয় তেওঁ অসমীয়া নকয়। এই অহমিকাৰে তেওঁ ৰাজনীতি কৰিব পাৰে। কিন্তু অসমীয়া ভাষাক আৰু অসমীয়াক তুচ্চ-তাৎচ্ছিল্য কৰিব নোৱাৰিব। অসমৰ আগৰৰে বিদেশত ব্যৱসায় কৰা ছিৰাজুদ্দিন আজমলৰ ভৰিৰ মাটি কিন্তু অসমত আছে।

সেই ভৰিৰ মাটি খহি পৰিলে তেওঁ কলৈকে সৰি পৰিব সেই উপলব্ধি কৰাটো মংগলজনক। তেওঁ অসমীয়া নকলে কাৰো অসুবিধা নহয়। জাতি আৰু ভাষাদ্ৰোহী ৰূপত নিজক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আনসকল অসমীয়াক অপমান কৰা পৰিনাম কিন্তু ভৰিব লাগিব।

বেপাৰী হলেও বহুতে জ্ঞানৰ অন্বেষণ কৰে। সেই জ্ঞানে মানুহৰ ব্যক্তিত্বৰ জন্ম দিয়ে। আৰু তাৰ মৰ্যাদা ধন, সম্পত্তিৰে অৰ্জন কৰা বিলাসী জীৱনতকৈ বহু ওপৰত। ছিৰাজুদ্দিন আজমলে অসমীয়া ভাষাৰ ইতিহাস নাজানে। পূৰ্ব ভাৰতীয় আটাইতকৈ পূৰণি অন্যতম ভাষাই হ'ল অসমীয়া।

ভাৰতীয়- আৰ্য ভাষাৰ মূলৰ অসমীয়া ভাষা অসমৰো ৰাজ্যিক ভাষা। এই ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত ৬ টা বিভিন্ন মত পোৱা যায়। তাৰ ভিতৰত প্ৰাচ্য-পশ্চিমা মিশ্ৰন, পৈশাচী প্ৰাকৃত, কামৰূপীয়া, সৌমাৰ প্ৰাকৃত আদি।

ড০ জৰ্জ আব্ৰাহম গ্ৰীয়াচৰ্ন, ড০ সুনীতি কুমাৰ চেটাৰ্জী, বাণীকান্ত কাকতি, বীৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, গোলোক চন্দ্ৰ গোস্বামী আদিৰ মতে এই ভাষা মাগধী প্ৰাকৃত। উপেন্দ্ৰ নাথ গোস্বামীৰ মতে, "অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।"

এইয়াই হ'ল অসমীয়া ভাষাৰ চমু ইতিহাস। চতুৰ্দশ শতিকাৰ পৰা ১৬ শ শতিকালৈ কে প্ৰাক বৈষ্ণৱ আৰু বৈষ্ণৱ এই দুই ভাগত অসমীয়া সাহিত্য সমৃদ্ধ হৈ আছে। মধ্যযুগীয় সময়ছোৱাত আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্য লৈকে অসমীয়া ভাষাই উত্তৰণ লাভ কৰিছিল। তাৰ পাছত উনবিংশ শতিকাৰ পৰা আৰম্ভ হৈছিল আধুনিক অসমীয়া সাহিত্য।

হয়তো ছিৰাজুদ্দিন নামৰ আগৰৰ বেপাৰীগৰাকীয়ে অসমীয়া ভাষাৰ সেই ইতিহাস নাজানে। কেৱল ধনৰ জোৰ দেখিছে তেওঁ। ভাষা আৰু জাতিৰ আৱেগ তেওঁ দেখা নাই। লক্ষ্মীনাথ বেজবৰুৱাই কৈ যোৱা আজিৰ সময়ৰ, ভোকেন্দ্ৰ বৰুৱা জন ছিৰাজুদ্দিন আজমল!

কলিকতাত পঢ়িবলৈ যোৱা পুত্ৰই চিঠি পঠাইছিল লক্ষ্মীনাথ বেজবৰুৱাৰ ভোকেন্দ্ৰ বৰুৱা নামৰ গল্পৰ কাহিনী এইয়া। য'ত পিতৃলৈ উদ্দেশ্য কৰি ভোকোন্দিয়ে লিখিছিল- "মাই ডিয়েৰ ফাদাৰ, "আজি তোমালৈ কি কথা লেখিছোঁ, মই হপ (hope) কৰো তুমি তাত মনোযোগ কৰিবা৷ আজি এবছৰ হবলগীয়া হ'ল মই কলিকতালৈ আহিলো৷ কিন্তু আহিবৰে পৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল৷ সম্প্ৰতি তাৰ এটা মিমাংসা কৰিছোঁ৷ বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল৷ really really বাস্তৱিকতে এইটো বৰ shameful লাজৰ কথা৷ ইয়াৰ কলেজৰ লৰাই এই নামটো লৈ মোক বৰ ঠাট্টা কৰে৷ ময়ো দেখিছো যে ভোকোন্দি বৰ অসভ্য নাম৷ monstrous! তাক আজি সভ্য কৰি লোৱাটো মোৰ duty অর্থাৎ মোৰ কর্তব্য৷ সেইদেখি মই আমাৰ কলেজৰ হাজিৰা বহীত আজি মার্চ মাহৰ ২০ তাৰিখে তাক কটাই ভোকেন্দ্ৰ কৰিলো৷'

ভোকোন্দিৰ সৈতে ব্যতিক্ৰম নো কি ছিৰাজুদ্দিনৰ ! তেওঁৱেই দিছপুৰত লুঙি-টুপী পিন্ধা লোকৰ চৰকাৰ হ'ব বুলি প্ৰচাৰ চলাইছিল। তাকে লৈ বহুতে নিৰ্বাচনী ৰাজনীতি কৰিছিল। তেওঁ প্ৰতিনিধিত্ব কৰা যমুনামুখ সমষ্টিত মানুহে কি ইংৰাজীত কথা-বতৰা পাতে, তাৰ সকলো বিদ্যালয় কি ইংৰাজী মাধ্যমত চলে?

এনে মানসিকতাৰে আৰু দম্ভ-অহংকাৰেৰে এই শ্ৰেণীৰ লোকক মন্তব্য দিয়াৰ সুযোগ কিন্তু আমিয়েই দিও। কিহৰ কাৰণে প্ৰাসংগিক এইসকল লোক। আন দালাল আৰু ৰাজনীতিত দালালী কৰা এনে লোকৰ মাজত প্ৰাৰ্থক্য ক'ত? ছিৰাজুদ্দি আজমলে নক'লেও অসমীয়া ভাষা কোৱা মানুহ আছে আৰু থাকিব।

তেওঁৰ দৰে এজনে অসমীয়া নকও বুলি কৰা মন্তব্যৰ অধিক চৰ্চাই তেওঁকেই প্ৰাসংগিক কৰি তুলিব। কিন্তু এইটো থিক এনে কথা কব পৰা সাহস দিয়াৰ পৰিৱেশ গঢ়া সকলে তেওঁক অসমীয়া শিকিবলৈ পৰামৰ্শ দি লাভ নাই। আৰু ছিৰাজুদ্দিন আজমলেও মনত ৰখা ভাল অসমত অসমীয়াই জিন্দাবাদ।