পেট্ৰল, ডিজেলৰেই নহয় পানীৰো বাঢ়িব ৫০ শতাংশ দাম

পেট্ৰল, ডিজেলৰেই নহয় পানীৰো বাঢ়িব ৫০ শতাংশ দাম

author-image
asomiyapratidin
New Update
পেট্ৰল, ডিজেলৰেই নহয় পানীৰো বাঢ়িব ৫০ শতাংশ দাম

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

পানী প্ৰাণীৰ প্ৰাণ। পানীবিহীন পৃথিৱী এখনৰ কথা কোনেও কল্পনাই কৰিব নোৱাৰে। এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে আজিও বহু মানুহ হাহাকাৰ কৰি মৰে। পানীৰ আছে এখন ভাল বজাৰ। দুৰ্গম অঞ্চলতেই নহয়, খুদ গুৱাহাটী মহানগৰীতেই পানীৰ বাবে হাহাকাৰ হয়।

এতিয়া বজাৰত বিভিন্ন ব্ৰেণ্ডৰ পানী। ধন থাকিলেই কিনি খাব পাৰি লাখ টকীয়া পানীৰ বটল। তেনে খবৰেই এদিন চৰ্চা হৈছিল। নীতা আম্বানীয়ে কিমান টকীয়া পানী খায় তাক লৈ চৰ্চা হৈছিল। এনে কথাও কৈ থোৱা হৈছে যে, পৃথিৱীত যদি পৰৱৰ্তী বিশ্বযুদ্ধ হয় তেনেহ'লে তাৰ কাৰণ হ'ব পানী।

সৰু, ডাঙৰ সকলো দোকানতে থকা আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰীসমূহৰ ভিতৰত পানীৰ বটল অন্যতম। গুৱাহাটীতেই খোৱা পানী বটলৰ ব্ৰেণ্ডিং আৰু পেকিজিং কৰা ২৬০ টা মান প্ৰতিষ্ঠান আছে। এই প্ৰতিষ্ঠানবোৰৰ BSI ৰেজিষ্ট্ৰেচন থাকিব লাগে যদিও গৰিষ্ঠ সংখ্যকৰে নাই।

যাৰ, যেনেকৈ ইচ্ছা এটা পানীৰ প্লেণ্ট বহাই বিশুদ্ধ খোৱা পানীৰ বটলৰ ব্যৱসায়ৰ নামত যি ইচ্ছা তাকেই কৰি আছে। পুৱা-গধূলি ৰাজপথত দেখিবলৈ পোৱা দৃশ্য বোৰৰ ভিতৰত এটা সাধাৰণ দৃশ্য হ'ল, সৰু সৰু সামগ্ৰী কঢ়িওৱা বাহনত পানীৰ কাৰ্টোন আৰু বটল কঢ়িয়াই লৈ ফুৰাৰ দৃশ্য।

অলিয়ে-গলিয়ে সোমাই সেই বাহন বোৰে পানী যোগান ধৰে। তেনেকুৱা পানী যোগান ধৰা লোকসকলে যদি গুৱাহাটীত এটা দিনৰ বাবে পানী যোগান নধৰো বুলি কয় তেনেহ'লে হাহাকাৰ পৰিস্থিতি সৃষ্টি হ'ব। কিয়নো সেই বাহন বোৰৰ জৰিয়তে একাংশ লোকে এটা নিৰ্দিষ্ট অঞ্চলত পানী যোগান ধৰি, পানীৰ এক বিশেষ ব্যৱসায় গঢ়ি তুলিছে।

মাহেকত কেৱল গুৱাহাটীত কেইবাহাজাৰ কোটি টকীয়া পানীৰ ব্যৱসায় হয়। কাৰোবাৰ কেতিয়াবা পানী খাবলৈ মন গ'লেই কোনোবা এখন দোকানৰ সন্মুখত ৰৈ পানী বটল এটা দিয়ক বুলি ক'লেই সেয়া সহজেই উপলব্ধ হয়। এটা দিন আছিল, বাটে পথে খোজকাঢ়ি গৈ থকা কোনোবা বাটৰুৱাই অচিনাকী মানুহৰ ঘৰত সোমাই পানী বিচাৰি খাইছিল।

এতিয়া সেই দিন নাই। পানী খাব মন গলেই দোকান এখনলৈ গৈ ১০ টকা এটা দিলেই আধা লিটাৰ পানী বটল এটা পায়। বিভিন্ন সামগ্ৰীৰ মূল্য বাঢ়িছে। পেট্ৰ'ল, ডিজেলৰ মূল্যও ২০-২৫ টকা বৃদ্ধি হ'ব বুলি মানুহ প্ৰায় নিশ্চিত হৈ আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰলত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে।

বজাৰত এতিয়া জুই লাগিছে। সাধাৰণ দৰিদ্ৰ লোকসকল উপভোক্তা হৈ ৰৈ গৈছে। উচ্চ মধ্যবিত্ত আৰু ধনী শ্ৰেণীটোৱে বজাৰত লগা জুইৰ কথা বৰ বেছি অনুভৱ নকৰে। বেছি দামত কিনি খাব পৰাটো এতিয়া তেওঁলোকৰ বাবে ফেচন। যেনেকৈ নীতা আম্বানীয়ে লাখ টকা দি পানী খাবলৈ কুণ্ঠাবোধ নকৰে।

কেৱল পে'ট্ৰল, ডিজেল বা আন সামগ্ৰীৰেই মূল্য বৃদ্ধি হ'ব বা হোৱা নাই। বাঢ়িব পানীৰো মূল্য। ১০ টকা দি আধা লিটাৰ পানী বটল এটা লোৱাৰ দিন প্ৰায় অন্ত পৰাৰ দিশে। আমাৰ বহুতৰে প্ৰায় অভ্যাস হৈ গৈছে। পানীৰ ব্ৰেণ্ড নাচাই, আমি দোকান এখনৰ সন্মুখত ৰৈ কৈছিলো- ১০ টকাৰ পানী বটল এটা দিয়ক।

শ্ৰমিক, সাধাৰণ লোক, ছাত্ৰ-ছাত্ৰী বহুতৰ বাবে ১০ টকীয়া পানীৰ বটলৰ গুৰুত্ব আছিল। এজন মানুহৰ পিয়াহ পূৰাবৰ বাবে ১০ টকাৰ পানীৰ বটলটোৱেই যথেষ্ট আছিল। ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে। যদি কোনো প্ৰতিবাদ নকৰে তেনেহ'লে দুই, এদিনতে সেই বেয়া খবৰটো আহি আছে।

যিসকলে পানীৰ ব্যৱসায় কৰে, যিসকলে পানী বিক্ৰী কৰে তেওঁলোকৰ বাবে এইয়া বেয়া খবৰ নহয়। কিন্তু যিসকলে পিয়াহত ১০ টকা দি পানীৰ বটল এটা কিনি খায়, তেওঁলোকৰ বাবে এয়া এতি দুখৰ খবৰ। ১০ টকা দি কিনি খোৱা পানীৰ বটলটোৰ দাম ৫০ শতাংশ বাঢ়িব। অৰ্থাত ১০ টকীয়া আধালিটাৰ পানীৰ বটলটো আপুনি মই কিনিব লাগিব ১৫ টকাত।

পানীৰো এনে মূল্য বৃদ্ধি আপুনি কল্পনা কৰক। বিশুদ্ধ খোৱা পানীটুপি খোৱাৰ আশাত ১০ টকা এটা দিবলৈ কষ্ট হলেও বহুতে ১০ টকীয়া পানীৰ বটল এটা কিনিছিল। কিছু দিনৰ পিছত সেইয়া সাধাৰণ লোকসকলৰ বাবে ভাবিবলগীয়া কথা হ'ব। ১০ টকীয়া পানীৰ বটলৰ দাম ১৫ টকা হ'ব। সেই খবৰ দি থলো আগতে। বাকীবোৰ কথা নিজেই ভাবক।