/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/Bekhekh-Lekha-New-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কেলৈ লাগে, কিয় লাগে এনে সমাজ, এনে ওচৰ চুবুৰীয়? জাত-পাতৰ বিচাৰৰ নামত চৰম বিপদৰ সময়ত কাৰোবাক এনে অবজ্ঞা কৰাৰ সময় নেকি এয়া? মানুহ এতিয়া গৰুতকৈও তললৈ গৈছে। বিবেক, বুদ্ধি, জ্ঞান নাথাকিলেও জীৱ জন্তুৱেও এনে কাম নকৰে।
মঙলদৈৰ পটালসিং পাৰাৰ সেই দুৰ্ভগীয়া মহিলাগৰাকীয়ে কি পৰিস্থিতিত মানুহৰ ঘৰে ঘৰে গৈ সহায় ভিক্ষা কৰিছিল এবাৰ কল্পনা কৰক। ১০ আগষ্ট ২০২২। সময় তেতিয়া নিশা ১১ বাজিছিল। কোনো অসুখ নাছিল ৬৫ বছৰীয়া অতুল শৰ্মাৰ। খাই-বৈ চকীখনত তেওঁ বহিছিল।
হঠাত অহা এটা কাহ কাল হ'ল মানুহজনৰ বাবে। ঘৰত মানুহ বুলিবলৈ পত্নী আৰু তেওঁ আছে। ২৮ বছৰৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। এটা ল'ৰা আৰু এজনী ছোৱালী আছিল তেওঁলোকৰ সংসাৰত। ছোৱালীজনীক বিয়া দিছিল কলাইগাঁৱলৈ।
কৰ্মসূত্ৰে এটা কোম্পানীত কাম কৰি পঞ্জাৱত থাকে পুত্ৰ। স্বামীৰ এই অৱস্থাত দিক-বিদিক হেৰুৱাইছিল পত্নী প্ৰণিতা খাটনিয়াৰে। নিশা কান্দি কান্দি মানুহৰ ঘৰে ঘৰে গৈ সহায় ভিক্ষা কৰিছিল। কি পৰিৱেশ, পৰিস্থিতি হ'ব পাৰে আপোন জনক হেৰুওৱা জনেহে বুজি পায়।
খবৰ দিছিলি ছোৱালীলৈ, জোঁৱায়েকলৈ। স্বামীৰ নিজৰ দুই ভাতৃকো ককায়েকৰ মৃত্যুৰ খবৰ দি আহ্বান জনাইছিল ঘৰলৈ আহিবলৈ। কাৰোৰেই হৃদয় নগলিল সেইদিনা। কোনোৱেই মানুহ হৈ নাথাকিল। নিথৰ দেহটো আগত লৈ গোটেই ৰাতি বহি থাকিল উচুপি উচুপি পত্নী।
গাওঁখনৰ গাওঁবুঢ়াকো জনাইছিল। তেওঁ একো নকৰিলে। খবৰ নিদিলে প্ৰশাসনক, আৰক্ষীক। এটা কাল ধমুহাই জোকাৰি যোৱা পুৱা। দুই, এজন মানুহ ঘৰৰ পদুলিৰ সন্মুখলৈ আহিছিল। কিন্তু সহায়ৰ বাবে নহয়।
এটা কথাই তেওঁলোকে কৈছিল, যিমান সোনকালে পাৰি মৃতদেহটো ঘৰৰ পৰা লৈ কিবা এটা দিহা কৰিব লাগে। আনকি মৃতদেহটো নিয়াৰ পূৰ্বে ধৰ্মীয় ৰীতি কিছু পালন কৰিবলৈও এজন পুৰোহিতো বিচাৰি নাপালে পৰিয়ালটোৱে।
মানুহে জন্মত একো লৈ নাহে, যাওঁতেও একো লৈ নাযায়। খালী হাতে এদিন সকলো সংসাৰৰ মায়ামোহ এৰি উভতিব লাগে। চকুপানীৰে বাট নেদেখা হোৱা মানুহজনীয়ে পুৱাও গাওঁবাসীক, ওচৰ-চুবুৰীয়াক অনুৰোধ কৰিছিল- মানুহজনক শ্মশানলৈ নিবৰ বাবে ব্যৱস্থা কৰক।
কোনোৱেই নুশুনিলে এই অনুৰোধ। ক'লে সামাজিক বাধাৰ কথা। অন্তিম সৎকাৰৰ বাবে এজনো মানুহ যাবৰ বাবে সাজু নহ'ল। পলমকৈ হ'লেও দুই ভাতৃ আহি বৌয়েকক ক'লে- গাঁৱৰ মানুহ নাহে। আমিয়েই কিবা এটা কৰিব লাগিব। তাৰ পাছত মৃতদেহটো বান্ধি ভাৰ কৰি লৈ গ'ল শাকতোলা নদীৰ পাৰলৈ।
তাতেই গাত এটা খান্দি তেজৰ সম্বন্ধ থকা নিজ ককায়েকক পুতি থৈ আহিল। একবিংশ শতিকাৰ ঘটনা এয়া। আজিৰ যুগত মানুহ কিমান আগবাঢ়ি গৈছে। গাঁৱে গাঁৱে তথ্য, প্ৰযুক্তিৰ পয়োভৰ ঘটিছে। আধুনিক হৈছে মানুহৰ মন বুলি ভবা গৈছে।
সেইবোৰ সকলো ভুল প্ৰমাণিত কৰিলে এই ঘটনাই। ২৮ বছৰৰো আগৰ এটা ঘটনা। ঘৰৰ পৰা ওলাই গৈছিল কামৰ সন্ধানত অতুল শৰ্মা। গৈ তেওঁ পাইছিলগৈ লখিমপুৰ। তাতেই এখন দোকানত তেওঁ কাম কৰিছিল। সেই তেতিয়াই যুৱ অৱস্থাত এজনী ছোৱালীৰ সৈতে তেওঁৰ প্ৰণয় হৈছিল।
লখিমপুৰৰ আজাদ তিনিআলিত ঘৰ আছিল সেই ছোৱালীজনীৰ। কোচ সম্প্ৰদায়ৰ প্ৰণিতা খাটনিয়াৰক বিয়া পাতি তেওঁ উভতিছিল ঘৰলৈ। তাতেই তেওঁৰ অপৰাধ হৈছিল। কিয়নো ব্ৰাহ্মিণ ল'ৰা হৈ নিজ কুলতকৈ বৰ্ণবাদীসকলে নিম্ন সম্প্ৰদায়ৰ বুলি গণ্য কৰা এজনী ছোৱালীক বিয়া পাতিলে।
সেই শাস্তি মৃত্যুলৈকে তেওঁ ভোগ কৰিলে। সমাজে কোৱাৰ দৰেই তেওঁ শুচি হৈছিল তেতিয়াই। লাহে লাহে সকলো ঠিক হৈ যাব বুলি ভাবিছিল। আজিৰ তাৰিখতনো জাত, পাতৰ এনে বাচ-বিচাৰ মানুহে কৰেনে? জাত বা সম্প্ৰদায়ক লৈ একাংশ মানুহৰ এনে বিচাৰ হয়তো ধনী মানুহৰ বাবে নাথাকে।
দিন অতিবাহিত কৰাৰ লগতে অতুল শৰ্মাৰ ঘৰলৈ মানুহৰ ঘৰলৈ আহ-যাহ হৈছিল। ওচৰ চুবুৰীয়াৰ ঘৰলৈ বিয়া সবাহত গৈছিল। সমাজখনে তেওঁক আকোৱালি লোৱা বুলি ভাবিছিল। ছোৱালীৰ বিয়া দিওঁতে সেই মানুহবোৰো আহিছিল।
দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা অতুল শৰ্মাই শেহতীয়াকৈ ঘৰৰ কাষতে এখন ঘুমটি দোকান দিছিল। সেই দোকানৰ পৰা মানুহে তেওঁৰ হাতেৰে বস্তুও নি খাইছিল। কিন্তু মানুহজনৰ মৃত্যুত এয়া আকৌ কিহৰ জাত-পাতৰ বিচাৰ হ'ল? সেয়াহে এতিয়া সমাজৰ বাবে এক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dukan-1024x579.jpg)
কাৰ উচতনি বা পৰামৰ্শ মতে এই বিপদৰ সময়ত ওচৰ চুবুৰীয়াই তেওঁৰ ঘৰলৈ যোৱাৰ মানসিকতা বা সাহস কৰিব নোৱাৰিলে। সেই গাওঁখনত এজনো প্ৰকৃত শিক্ষিত নতুন প্ৰজন্মৰ লোক নাছিল নে? যি এনে জাত পাতৰ উৰ্ধলৈ গৈ মানুহজনৰ চাঙিখন দাঙিবলৈ সাহস কৰিব নোৱাৰিলে !
সামাজিক মাধ্যম, সংবাদ মাধ্যমত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছত কিছু লোকৰ শুভ বুদ্ধি উদয় হ'ল। দুদিনৰ পাছত বহু মানুহ, দল-সংগঠন তেওঁলোকৰ ঘৰলৈ দৌৰিল। হিন্দুত্বৰ নামত জাত-পাতৰ এই বিকাৰে বৰ বেয়াকৈ চুই গ'ল মঙলদৈৰ পাটলিসং গাওঁ।
এফালে ব্ৰাহ্মণ্যবাদ আনফালে মানৱতা। আমিও বহু সময়ত দায়ি। উচ্চ শিক্ষিত জ্ঞানী বুলি ভাবা মানুহবোৰেই জানো দ্ৰৌপদী মুৰ্মুক আদিবাসী, ৰামনাথ কোবিন্দক দলিত সজোৱা নাই ! সেই পৃষ্ঠপোষকতা চৰকাৰী পক্ষৰ পৰাই যিদিনালৈকে থাকিব সেই দিনালৈকে আমি কেনেকৈ কব পাৰিম জাত-পাতৰ বিচাৰ নকৰো বুলি?
এই বৰ্ণবাদৰ বিৰুদ্ধে যুঁজিবলৈ সবল মানসিকতাৰ প্ৰয়োজন হ'ব। বিহাৰ, উত্তৰ প্ৰদেশত হে এনে ঘটনা হয় বুলি আমাৰ এটা গৰ্ব আছিল। কিন্তু সেই বেমাৰ আমাৰ সমাজতো ইমান বেয়াকৈ লম্ভিব বুলি কোনেও ভবা নাছিল। ভূপেন হাজৰিকাই সেই কথা অনুভৱ কৰিছিল।
গীতৰ মাজেৰে তেওঁ অসমৰ প্ৰগতিবাদী সমাজখনৰ কথা উল্লেখ কৰিছিল। 'অনামিকা গোস্বামীৰ সৈতে প্ৰশান্ত দাস'ৰ বিয়াৰ খবৰ দিছিল। সেই পৰিৱেশ এতিয়া নাই নেকি? গুৰুজনাইটো কেতিয়াও আমাক বৰ্ণবাদৰ কৱলত পৰিব পৰা এখন সমাজৰ আধাৰ গঢ়া নাছিল !
সেই আদৰ্শ এতিয়া ধূলিত মিলি গ'ল নেকি? কাক সমালোচনা কৰিব, কাক এইবোৰ কথা বুজাব? মানুহ আচলতে আজিও মানুহ হ'বলৈ বহু বাকী। উচ্চ- নীচ জাতিৰ ভেদাভেদৰ বীজ আকৌ কোনোবাই আমাৰ মনত ৰোপণ কৰিছে। অসমীয়া সমাজ কেতিয়াও এনে নাছিল।
কোচ ৰাজ্যৰ জয় জয়, ময় ময় হৈ থকাৰ সময়ত, আহোম ৰাজত্ব কালৰ সোণালী দিন চলি থকাৰ দিনত আজি উচ্চ বৰ্ণ বুলি ভবা বহু লোকক সেই সকল ৰজাই আনি অসমত মৰ্যদাসহ থিতাপি দিছিল। সেই পুৰণি ইতিহাস ভৰিৰে মোহাৰি উচ্চ বৰ্ণৰ অহংকাৰত মত্ত হৈ নিয়মৰ নামত এনে মইমতালি কৰা সকলে এবাৰ ভাবক।
এইসকলে অতুল শৰ্মাৰ সৈতে যি কৰিলে, সেই কামে তেওঁলোকে নিজকে পুতৌৰ পাত্ৰ কৰি তুলিলে। বিবেকবানজনে আজি হাঁহিছে, ধিক্কাৰ দিছে আৰু তেওঁলোক তথাকথিত উচ্চ বৰ্ণৰ অহংকাৰত মচগুল হৈ মানুহ হোৱাৰ অধিকাৰেই হেৰুৱাই পেলালে।
ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত প্ৰশাসনৰ লোকে তেওঁলোকৰ ঘৰলৈ গৈ হিন্দু ধৰ্মীয় নীতিৰে অতুল শৰ্মাৰ অন্ত্যূষ্টি ক্ৰিয়াৰ ব্যৱস্থা কৰিব লগা হ'ল। ওচৰ চুবুৰীয়া নাহিলেও আঁতৰৰ মানুহ দৌৰি গ'ল। শেষ মুহূৰ্তত অতুল শৰ্মাৰেই জয় হ'ল। জাত-পাতৰ বিচাৰে এই পৰিয়ালটোৰ সৈতে বিপদৰ মুহূৰ্তত এনে কৰা সকলৰ উচ্চ বৰ্ণ বুলি থকা দম্ভ যেন ধূলিত মিহলি হ'ল। তেওঁলোক মানুহ হোৱাৰ যোগ্য নে? সেই প্ৰশ্ন কাললৈ ৰৈ গ'ল।