/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/re-tushae.jpg)
তুষাৰ প্ৰতীম
ইতিহাসৰ পাছত ইতিহাস।এটাৰ পাছত আন এটা ইতিহাস সৃষ্টি কৰি গৈছে অসম কন্যা নাভলীনা বৰগোহাঁইয়ে।গোলাঘাটৰ ধনশিৰী মহকুমাৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনাই সৃষ্টি কৰা এই ইতিহাসক লৈ গৌৰৱান্বিত সমগ্ৰ অসমবাসীৰ লগতে সকলো ভাৰতীয়। টকিঅ' অলিম্পিকৰ বক্সিঙৰ ৬৪-৬৯ কেজি শাখাত ৱেল্টাৰৱেইট শাখাত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত জয়ী হোৱাৰ লগে লগে ব্ৰঞ্জৰ পদক নিশ্চিত হৈছে।
টকিঅ' অলিম্পিকলৈ ২০২০ চনত যোগ্যতা অৰ্জন কৰি লাভলীনাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগাৰীক মহিলা হিচাপে পৰিগণিত হৈ ইতিসাহ সৃষ্টি কৰিছিল লাভলীনাই। ইয়াৰ পাছতে অলিম্পিকত অংশগ্ৰহণ কৰা আৰু পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ লগতে অসমীয়া মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ উপৰিও এক সোণালী ইতিহাস লিপিবদ্ধ কৰিলে। ইয়াৰোপৰি অলিম্পিকত পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হোৱাৰো গৌৰৱ অৰ্জন কৰিলে লাভলীনাই।
১৯৫২ চনৰ হেলছিংকি অলিম্পিকত ডা০ টালিমেৰণ আও, ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিক আৰু ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত দীপাংকৰ ভট্টাচাৰ্য, ২০১২ চনৰ লণ্ডণ অলিম্পিকত জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰিছিল যদিও পদক লাভৰ পৰা বঞ্চিত হৈছিল। সুদীৰ্ঘ এই সময়ত অসমে কেইবাজনো অলিম্পিয়ান লাভ কৰিলে যদিও প্ৰতিবাৰেই অলিম্পিকৰ পৰা অসমলৈ উদং হাতেৰেই ঘূৰি আহিবলগীয়া হ'ল অসমৰ খেলুৱৈ। সেই ধাৰাক এইবাৰ ভংগ কৰিলে লাভলীনাই।
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ২০১৮ আৰু ২০১৯ চনত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা অসমৰ একমাত্ৰ মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছিল লাভলীনা। সেয়াও এক ইতিহাস। সমৰকলা মুৱাথাইৰ জৰিয়তে ক্ৰীড়া জগতত আত্মপ্ৰকাশ কৰা লাভলীনা পৰৱৰ্তী সময়ত বক্সিং ক্ষেত্ৰতখনলৈ আহে। সেয়াই তেওঁৰ আৰম্ভণি।
শুক্ৰবাৰে টকিঅ'ৰ বক্সিং ৰিঙত কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ শক্তিশালী প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে যুঁজ দি লাভলীনাই ৪-১ ৰ ব্যৱধানত জয় লাভ কৰে। ইয়াৰ লগে লগে লাভলীনা ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে লাভলীনা ব্ৰঞ্জৰ পদক নিশ্চিত হৈছে। চাইনীজ টাইপেৰ শক্তিশালী প্ৰতিদ্বন্দ্বী চিন নিয়েন চেনে হয়তো ভবাই নাছিল লাভলীনাই এইদৰে শক্তিশালী যুঁজ দিব।
আগন্তুক ৪ আগষ্টত অলিম্পিকৰ ৰিঙত ছেমি ফাইনেল খেলিবলৈ নামিব লাভলীনা। স্বাভাৱিকতে এই মেচত অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব লাভলীনা। প্ৰি-কোৱাৰ্টাৰত ৰক্ষণাত্মক খেল খেলি ৩-২ ব্যৱধানত জয় লাভ কৰা লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত আক্ৰমনাত্মক খেলখেলি ৪-১ ব্যৱধানত জয় লাভ কৰিলে। সেয়াও আকৌ শক্তিশালী চাইনীজ টাইপেৰ চিন নিয়েন চেনৰ বিৰুদ্ধে। এইগৰাকী বক্সাৰেই বিশ্ব চেম্পিয়নশ্বিপত লাভলীনাক স্তব্ধ কৰিছিল।মুঠ তিনিবাৰ চিন নিয়েন চেনে লাভলীনাক ৰিঙত পৰাস্ত কৰিছে।
২০১৮ চনত বিশ্ব চেম্পিয়ন হৈ নিজৰ শক্তিৰ প্ৰমাণ দাঙি ধৰা চিন নিয়েন চেনৰ বিৰুদ্ধে লাভলীনাই খেলা কোৱাৰ্টাৰ ফাইনেলত স্বাবাৱিকতেই ক্ৰীড়া বিশেষজ্ঞই চিন নিয়েন চেনকেই ফেভাৰিট আখ্যা দিছিল। অৱশ্যে লাভলীনাই যে যিকোনো মুহূৰ্ততে অঘটন ঘটাব পাৰে সয়াও নিশ্চিত আছিল। অৱশেষত সেয়াই হ'ল।
বক্সিং ৰিঙত নামিয়েই ৰুদ্ৰ মূৰ্ত্তি ধাৰণ কৰিলে লাভলীনাই। প্ৰতিপক্ষ চিন নিয়েন চেনেও হয়তো আশা কৰা নাছিল লাভলীনাই এনে আক্ৰমনাত্মক খেল খলিব বুলি। কিয়নো পূৰ্বে কোনো মেচতেই ইমান আক্ৰমনাত্মক খেল খেলা নাই লাভলীনাই। অলিমপিকৰ প্ৰি-কোৱাৰ্টাৰ মেচ খনতো ৰক্ষণাত্মক খেল খিলিছিল লাভলীনাই।
মেচৰ প্ৰথম ৰাউণ্ডতে আগবাঢ়ি গৈছিল লাভলীনা। বক্সিং ৰিঙত প্ৰথম ৰাউণ্ডত আগবাঢ়িব নোৱাৰিলে মেচ জয় কৰাটো কঠিন হৈ পৰে। মেৰী কমৰ ক্ষেত্ৰত বৃহস্পতিবাৰে সেয়াই হ'ল। প্ৰি-কোৱাৰ্টাৰ মেচৰ তিনিটা ৰাউণ্ডৰ প্ৰথম ৰাউণ্ডত পিছপৰি থকাৰ বাবেই মেৰী কম অলিম্পিকৰ পৰা বাহিৰ হ'ল। লাভলীনাই কিন্তু প্ৰথম ৰাউণ্ডতে আগবাঢ়ি গ'ল। সেই ধাৰাবাহিকতা ৰক্ষা কৰিলে দ্বিতীয় ৰাউণ্ডতো। তৃতীয় ৰাউণ্ডৰ অন্তত ৰেফাৰীয়ে প্ৰত্যাক্ষিতভাৱেই ঘোষণা কৰিলে লাভলীনাৰ বিজয়ৰ গৌৰৱৰ কথা।
এগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বীক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰি লাভলীনা এতিয়া মানসিক ভাৱে পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছে। গতিকে লাভলীনাই তেওঁৰ এই ব্ৰঞ্জৰ পদকক স্বৰ্ণলৈ ৰূপান্তৰ কৰিব পাৰিব বুলি বিশ্বাস কৰিছে দেশবাসীয়ে। দেশবাসীৰ এই বিশ্বাসক লাভলীনাই বাস্তৱায়িত কৰিব পাৰিব নে নাই সেয়া সময়ে কব কিন্তু লাভলীনাৰ যে সেই ক্ষমতা আছে তেওঁ নিজেই ভালদৰে জানে। আমাৰ বিশ্বাস বৰ্তমানলৈকে এটাও স্বৰ্ণ পদক লাভ নকৰা ভাৰতক টকিঅ' অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ আৰু ভাৰতীয় বক্সিঙলৈ প্ৰথমটো অলিম্পিক স্বৰ্ণৰ লগতে সামগ্ৰিকভাৱে ভাৰতলৈ ব্যক্তিগত শাখাত দ্বিতীয়টো অলিম্পিক পদক কঢ়িয়াই আনিব লাভলীনাই। অভিনৱ বিন্দ্ৰাৰ পাছতে লাভলীনা হৈ পৰিব অলিম্পিক স্বৰ্ণ জয়ী দ্বিতীয়গৰাকী ভাৰতীয়। এই মুহূৰ্তত লাভলীনালৈ আমাৰ শুভেচ্ছা।