/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a65ab0a8-b0b7-472b-b4ce-c36f323f7b32/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
special writing
মৃদুল কুমাৰ সন্দিকৈ
আহোমসকল স্বাভিমানী আছিল। পৰাক্ৰমী আছিল তেওঁলোক। গ্ৰহণ আৰু বৰ্জনৰ মাজেৰে এটা বৃহৎ অসমীয়া জাতিৰ বীজ ৰোপন কৰিছিল চ্যুকাফাই। এই আহোমৰ ৰাজত্ব কালত বীৰত্বৰ নিদৰ্শন দাঙি ধৰা এজন বীৰ পুৰুষ আছিল লাচিত বৰফুকন।
লাচিত বৰফুকন আছিল অটল, অদম্য আৰু সাহসৰ প্ৰতীক। আমি আজি কৈ ভাল পাঁও লাচিতৰ দেশৰ বুলি। আমাৰ গাত লাচিতৰ ৰক্ত প্ৰবাহিত। লাচিত বৰফুকনৰ বাবেই শক্তিশালী মোগলক আহোমে পৰাস্ত কৰি এই অঞ্চলটোৰ স্বাধীনতা ৰক্ষা হৈছিল।
ৰাণা প্ৰতাপ, ছত্ৰপতি শিৱাজীতকৈ কোনো গুণে কম নাছিল লাচিত বৰফুকন। এই তিনিও বীৰৰ মাজত থকা গুৰুত্বপূৰ্ণ মিলটো হ'ল - সেই সময়ত অগ্ৰাসী মোগলক তিনিওজন বীৰে বাধা দিছিল।
ৰাণা প্ৰতাপ বা ছত্ৰপতি শিৱাজীৰ নাম যিধৰণে সগৌৰৱে উচ্চাৰিত হয় লাচিত বৰফুকনৰ বীৰত্ব আৰু বিক্ৰমৰ কাহিনী যেন একেদৰে প্ৰচাৰ আৰু চৰ্চা হোৱা নাই। লাচিত বৰফুকন অসম আৰু অসমীয়াৰ হৃদয়ত আছে।
লাচিত এক সত্বা হৈ আমাৰ সাহস আৰু বীৰত্বৰ প্ৰতীক হৈ উজ্বলি আছে যদিও লাচিত বৰফুকনৰ লৈ ঐতিহাসিক সমলৰ আধাৰত এতিয়াও উপযুক্ত গৱেষণা হোৱা নাই। শৰাইঘাটৰ যুদ্ধখনতেই আমি লাচিত বৰফুকনক সামৰি থৈছো।
আহোম বুৰঞ্জী লিখা সকলে লাচিত বৰফুকনৰ উপযুক্ত বিচাৰ কৰিব পাৰিছে বুলি সময়ে নকয়। অৱশ্যে, অসমীয়া জাতিৰ এই শ্ৰেষ্ঠ বীৰ জনক আমি কেতিয়াও পাহৰা নাই আৰু পাহৰিব নোৱাৰো।
মহেশ্বৰ নেওগে লাচিত বৰফুকন দ্যা ভিক্টৰ অব দ্যা বেটেল অব শৰাইঘাট নামৰ এখন গ্ৰন্থত লাচিত বৰফুকনৰ বিষয়ে বহু কথা লিখিছিল। কিন্তু সেয়াই যথেষ্ট নাছিল। একেদৰে সূৰ্যকুমাৰ ভূঞাই লাচিত বৰফুকনৰ জীৱনীত আন কিছু কথা উল্লেখ কৰিছে।
'দেশতকৈ মোমাই ডাঙৰ নহয়' - এই বাক্যশাৰী এতিয়াও অসমীয়াৰ বাবে শ্ৰেষ্ঠ বাক্য। কেৱল শৰাইঘাটৰ যুদ্ধ জিকাতেই লাচিত বৰফুকন নামৰ বীৰজনৰ প্ৰাসংগিকতা অন্ত নপৰে। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিল লাচিত বৰফুকন।
লাচিত বৰফুকন মোমাই তামুলীৰ নোমলীয়া পুতেক আছিল। কিন্তু তেওঁৰ মাকৰ নাম কি আছিল। তেওঁৰ আন ভাই-ককাই সকল কোন কোন আছিল। এইবোৰ সন্দৰ্ভত বুৰঞ্জী নিমাত। হয়তো আহোম ৰাজত্বকালৰ অপ্ৰকাশিত আৰু উদ্ধাৰ নোহোৱা বহু বুৰঞ্জীৰ পাতত সেইবোৰ তথ্য থাকিব।
লাচিত বৰফুকনে বহুমুখী শিক্ষা লাভ কৰিছিল। একেদিনাই লাচিতৰ হাতত আহোম সেনাৰ দায়িত্ব গতাই দিয়া নাছিল আহোম ৰজাই। ঘোঁৰা বৰুৱাৰ পদৰ পৰা পৰ্যায়ক্ৰমে লাচিত বৰফুকনৰ উত্তৰণ ঘটিছিল। লাচিত বৰফুকন আছিল ঘোঁৰা চলোৱাত পাকৈত।
ঘোঁৰা তেওঁ বশ কৰিব পাৰিছিল আনতকৈ পৃথকভাৱে। আহোম ৰজা সন্তুষ্ট হৈছিল। ঘোঁৰা বৰুৱাৰ পৰা তেওঁক দুলীয়া বৰবৰুৱা কৰিছিল। তাৰ পাছত ক্ৰমে শিমলুগুৰীয়া ফুকন আৰু বৰফুকনৰ বাপ পাইছিল।
লাচিত বৰফুকন আছিল অত্যন্ত সাহসী। লাচিতৰ নিৰ্ভীকতা আৰু বীৰত্বৰ পৰীক্ষা লৈছিল স্বৰ্গদেউৱে। পাত্ৰ মন্ত্ৰী সকলৰ সৈতে আলোচনা কৰি মোগলৰ বিৰুদ্ধে যুঁজিবলৈ মঞ্চস্থ কৰি মাতি পঠিওৱা হৈছিল লাচিত বৰফুকনক।
স্বৰ্গদেউৰ সন্মুখত আঠু ল'ব ধৰোতেই লাচিতৰ মূৰৰ কাপোৰ এজন লগুৱাই কাঢ়ি নিলে। লাচিতে অপমানবোধ কৰি খাপৰ পৰা হেংদাং উলিয়াই লগুৱা লৈ খেদি গ'ল। স্বৰ্গদেউৰ হস্তক্ষেপতহে লগুৱা বাচিল।
লাচিত বৰফুকনৰ পৰীক্ষা লৈছিল স্বৰ্গদেউৱে। তাৰ পাছত হাতত এখন সোণালী হেংদাং স্বৰ্গদেউৱে তুলি দি বৰফুকনৰ বাপ অৰ্পন কৰিছিল। বুৰঞ্জীৰ এই কথাবোৰে লাচিত বৰফুকনৰ মূল্যায়নৰ বহু দিশ উন্মোচন কৰে।
আহোম-মোগলৰ সংঘৰ্ষ ১৬৮২ খ্ৰীষ্টাব্দত ইটাখুলি ৰণত আহোম জয়ী হোৱাৰ পাছতেই অন্ত পৰিছিল। আহোমে উদ্ধাৰ কৰিছিল গুৱাহাটী। তেতিয়া মানাহ নদী আহোম-মোগলৰ ৰাজ্যৰ সীমা হৈছিল। শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ প্ৰথম অৱস্থা শোচনীয় আছিল।
সেই খবৰ পাই নৰীয়া পাটিৰে যুদ্ধলৈ গৈছিল লাচিত বৰফুকন। ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত লাচিতে শক্তিশালী মোগলক পৰাস্ত কৰিছিল। লাচিত বৰফুকন আহোম সকলৰ এটা বিখ্যাত ফৈদ লান ফিমাৰ বংশৰ।
দোলাকাষৰীয়া বৰুৱাৰ পদত থাকোতে এদিন স্বৰ্গদেউৱে লাচিতক দোলাৰ কাষলৈ মাতি আনি সুধিছিল - বঙালৰ শত্ৰু কাষত আছে। কেনেকৈ ছৈদ ফিৰোজ আৰু ছৈদ চালাকক ধৰিব পাৰি। লাচিতৰ উত্তৰ আছিল - চাওফাৰ ৰাজ্যত মানুহ নাই নেকি। বঙালনো কি, মানুহহে। আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। আদেশহে দিব লাগে।
এইগৰাকী বীৰ পুৰুষৰ কাহিনী, সাহস আৰু বীৰত্বৰ কথা সমগ্ৰ দেশেই জনা উচিত। পলমকৈ হ'লেও চৰকাৰী উদ্যোগত লাচিত বৰফুকনকলৈ চিন্তা কৰা হৈছে তাত ৰাজনীতিৰ মোহৰ মৰা উচিত নহয়।
আজি ভাৰতীয় সেনাৰ বাবেও অদম্য সাহসৰ, বীৰত্বৰ প্ৰতীক হৈ উজ্বলি আছে লাচিত বৰফুকন। শংকৰদেৱ, কামাখ্যা, কাজিৰঙাৰ দৰেই লাচিত বৰফুকনো আমাৰ পৰিচয়ৰ বাহক হ'ব পাৰে।
তৰুণ গগৈ চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰৰ মাজত লাচিতৰ যি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। লেফ্টটেনেন্ট জেনেৰেল এছ.কে.সিনহাৰ উদ্যোগত লাচিতৰ প্ৰতিমূৰ্তি ভাৰতীয় সেনাৰ নেশ্যনেল ডিফেন্স একাডেমিত স্থাপন কৰা হৈছিল। ১৯৯৯ চনৰ পৰা এই বীৰ পুৰুষজনৰ নামত প্ৰদান কৰা হয় প্ৰতি বছৰে লাচিত বৰফুকন গল্ড মেডেল।
লাচিত বৰফুকৰন জন্মক লৈ দ্বিমত থাকিলেও ১৬২২ খ্ৰিষ্টাব্দৰ ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ জন্ম বুলি ধৰা হয়। ১৬৭১ চনত লাচিত বৰফুকনৰ মৃত্যু হৈছিল বুলি বুৰঞ্জীয়ে কয়। যোৰহাট জিলাৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ হোলোঙাপাৰত লাচিতৰ মৈদাম দিয়া হৈছিল বুলি জনবিশ্বাস।
চৰকাৰে এইবাৰ ব্যতিক্ৰম ৰূপত ৰাজধানী চহৰ দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী আয়োজনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও লাচিত বৰফুকনৰ চৰ্চা যাতে হয় তাৰ বাবে লাচিত বৰফুকনক লৈ বিভিন্ন লেখা ডিজিটেল মাধ্যমত প্ৰকাশ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিছে।
জন্ম জয়ন্তী উপলক্ষে সেনা নায়কজনৰ বিষয়ে ৰাইজৰ এই লিখন কাৰ্যসূচীলৈ অফুৰন্ত সঁহাৰি আহিছে। আমি নিজস্ব ধৰণেৰে বীৰ লাচিতৰ মূল্যায়ন কৰি তেওঁৰ আদৰ্শক বিশ্বমুখী কৰাৰ এক জোৰদাৰ কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ সুযোগ পাইছো।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো লাচিত বৰফুকন বিষয়ক আলোচনা, ৰচনা আদি আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলেও বীৰ লাচিতক বুজি পোৱাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে।
এই প্ৰয়াস এক মহৎ প্ৰয়াস। কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে কথাবোৰ বিচাৰ নকৰি ইয়াক আমি এক সুযোগ হিচাপে গ্ৰহণ কৰিব পাৰো। নতুন প্ৰজন্মৰ মাজত লাচিত বৰফুকনৰ আদৰ্শ আৰু বীৰত্ব প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই উদ্যোগে ইতিবাচক ভূমিকা পালন কৰিব।
লাচিত আমাৰ বাবে একতাৰ প্ৰতীক হ'ব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ সাম্প্ৰতিক সময়ৰ বিভাজনমুখী ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশত লাচিত বৰফুকনৰ ন্যাৰ্যতা আৰু প্ৰাসংগিকতা সদয়েই থাকিব।
বহুতৰ ভয় লাচিতক হিন্দু দৃষ্টিভংগীৰে চাব খোজা হৈছে, লাচিতৰ জাতীয়তাবাদক ৰাষ্ট্ৰীয়তাবাদলৈ উত্তৰণ কৰিব বিচাৰিছে। অসম আৰু অসমীয়াৰ মনত লাচিত বৰফুকন এনেকৈয়ে শিপাই আছে সেয়া এইবোৰ আলোচনাৰ উৰ্ধত। লাচিত সদায় আমাৰ এজন শ্ৰেষ্ঠ বীৰ, ভাৰতৰে এজন শ্ৰেষ্ঠ সেনাপতি।