/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/Bekhekh-Lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰেড কাৰ্পেটত খোজ দিয়া নাই তেওঁ। খোজ থৈছিল বোকাৰ কাৰ্পেটত ! ইচ্ছা কৰা হ'লে সেই বোকা খচকি বানত আক্ৰান্তসকলৰ খবৰ ল'বলৈ তেওঁ নগ'লেও হ'লহেতেন। সাধাৰণ মানুহ তেওঁ নহয়। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। ২০১৩ চনৰ আই এ এছ; এখন জিলাৰ উপায়ুক্ত।
সাধাৰণভাৱে তেওঁ চৰ্চাৰ কেন্দ্ৰ বিন্দু হয় অসাধাৰণ কামৰ বাবে। ইয়াত কোনো মিডিয়া ক্ৰেজিনেছ নাই। আছে দায়িত্ববোধ আৰু সঁচা অৰ্থত সেৱা পূৰ্ণ মনোভাৱ। নাম- কৃতী জাল্লী। নাৱত উঠি, বোকা খচকি এফালৰ পৰা মানুহৰ খবৰ ল'বলৈ যোৱা কৃতী জাল্লীয়ে ২০২০, ৮ মে'ত কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে যোগদান কৰিছিল।
প্ৰায় দুবছৰ কাল তেওঁ জিলাখনত আছে। শেহতীয়াকৈ কাছাৰত বানে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। সেই বান পৰিস্থিতি বুজ ল'বলৈ যাওতে কাৰোবাৰ কেমেৰাত বন্দী হোৱা কেইখনমান আলোকচিত্ৰ এতিয়া মানুহৰ মাজত আলোচনা আৰু চৰ্চাৰ বিষয় হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/9f2d9e6b-85ef-466d-be9d-71581987dcb2.jpg)
এইবোৰ দৃশ্য মানুহে কাৎচিতহে দেখে। হেলিকপ্টাৰত উঠি নেতাই বান চায়। সাধাৰণ মানুহে আকাশলৈ মূৰ তুলি চাই। নেতাই আমাক চাইছে বুলি নিজেই নিজক প্ৰবোধ দিয়ে। দুই-এজন জনপ্ৰতিনিধি কেতিয়াবা নিয়মমাফিক বানাক্ৰান্তৰ খবৰ লবলৈ গলেও কাৰোবাৰ পিঠত উঠি বোকা, পানীৰ পৰা নিজক নিলগাই ৰাখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/9f8fce43-229d-47b3-a66c-c9f80ca9dc07-1.jpg)
কৃতী জাল্লী জিলাখনত জনপ্ৰিয়। মানুহক তেওঁ বিমুখ নকৰে। কিছু দিনৰ পূৰ্বে তেওঁ আন এক কাৰণতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল। তেতিয়া আছিল কোভিডৰ সময়। তাৰ মাজতেই পাতিছিল নিজৰ বিয়া। উপায়ুক্তৰ বিয়া কিমান জাক-জমক হ'ব পাৰে?
কিন্তু তেনে আয়োজন নাছিল। লোৱা নাছিল তেওঁ ছুটিও। দুদিনৰ পূৰ্বে দৰা আদিত্য শশীকান্তক মতাই আনিছিল বাসভৱনলৈ। সম্পন্ন কৰিছিল পূৰ্বে নিৰ্ধাৰিত দিনত বিয়া। নাছিল কোনো অভ্যৰ্থনা। নাছিল ঘৰৰ মানুহো। ব্যৱসায়ী পতিৰ সৈতে এনেকৈয়ে আলোচনা কৰিছিল যুগ্মজীৱন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/08e2e724-003d-47da-92e0-b56608511772.jpg)
কোভিডৰ প্ৰ'টকল মানি বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ সময়ত আহিবলৈ দিয়া নাছিল ঘৰৰ মানুহকো। ছচিয়েল মিডিয়াত মানুহে কৃতী জাল্লীক প্ৰশংসা কৰিছে। একেদৰে সমালোচনা কৰিছে কিছু দিনৰ পূৰ্বে পানী চাবলৈ গৈ সাংবাদিকৰ বোকাচাত উঠা জনপ্ৰতিনিধিগৰাকীকো।
এখন ৰাজ্য বা এখন জিলাৰ সৰ্বাংগীন উন্নতিৰ মূল আধাৰ প্ৰশাসনীয় মূৰব্বীসকল। তেওঁলোকৰ সততা আৰু নিষ্ঠাই কোনো ৰাজনীতিবিদৰ উদ্দশ্যপ্ৰণোদিত কামক বাধা দিব পাৰে। মন্ত্ৰী, বিধায়কৰ পিছে পিছে দৌৰা তেনে আমোলাই কেতিয়াও প্ৰকৃতাৰ্থত জনসাধাৰণৰ উন্নয়ন সাধিব নোৱাৰে।
এচি কোঠাত বহি মোবাইলত আদেশ-নিৰ্দেশ দি কাম কৰা বিষয়া বহুত আছে। নাই এইদৰে হাতে-কামে মানুহৰ মাজলৈ গৈ, মানুহৰ দুখ-দুৰ্দশাক প্ৰত্যক্ষভাৱে অনুভৱ কৰিব পৰা বিষয়। সেয়েহে আজি কাছাৰৰ উপায়ুক্তগৰাকীক লৈ ইমান চৰ্চা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/3ff3e98d-30e7-4a7a-9f6a-ea8383e105de.jpg)
ছচিয়েল মিডিয়াত চৰ্চা হৈ আছিল ৰেড কাৰ্পেটৰ কথা। সঁচা নে মিছা ৰঙা কাৰ্পেটত তেওঁলোকে খোজকঢ়া সেই দৃশ্য? যিবোৰ দৃশ্যৰ কোনো মূল্যায়ন কৰাৰ প্ৰয়োজন নাথাকে। আত্মপ্ৰচাৰৰ সেই কৌশলী কৌশলত থাকে আঢ্যৱন্ত আৰু ক্ষমতাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ সুযোগ।
ইয়াৰ বিপৰীতে বোকাৰ এই কাৰ্পেটেৰে খোজ লৈ সঁচা অৰ্থত এক আদৰ্শ বহু বিষয়া-কৰ্মচাৰীলৈ এৰি থৈ যোৱা কৃতী জাল্লীৰ এনে দৃশ্য বহু ওপৰৰ। এইবোৰ দৃশ্যই মানুহক অনুপ্ৰাণিত কৰিব। দেশ চাই, পৰিস্থিতি চাই তেওঁ বেশ ধৰিছে। আৰ্তজনৰ হাতত ধৰি দুৰ্ভগীয়া বানাক্ৰান্তৰ খবৰ ল'বলৈ আগবাঢ়িছিল।
ইয়াত ছচিয়েল মিডিয়াত নিজৰ ফটো ভাইৰেল কৰাৰ অশুভ পৰম্পৰা নাই। পদ মৰ্যাদাৰ অংহকাৰ নৰখাকৈ কৰ্ম সংস্কৃতিৰ পৰম্পৰা কৃতী জাল্লীৰ পৰাই আৰম্ভ হ'ব পাৰে। বোকা পানী তেওঁ খচকিব পাৰে। নাৱত তেওঁ উঠিব পাৰে। যিকোনো পৰিস্থিতি তেওঁ চম্ভালিব জানে। সেইটোৱেই তেওঁৰ মহত্ব।
সকলো মানুহেই একে নহয়। নিজস্ব ধৰণে সকলোৰে কাম কৰাৰ এটা শৈলী থাকে। বোকা, পানী গচকাতো তেওঁ ডাঙৰ কাম কৰা নাই। কিন্তু এই পদক্ষেপৰ মাজেৰে কৃতী জাল্লীয়ে দি যোৱা বাৰ্তা আন আমোলাসকলে, ৰাজনীতিবিদে, নেতা-মন্ত্ৰীয়ে অনুসৰন কৰা উচিত।
মানুহে এতিয়া কৃতী জাল্লীৰ দৰে বিষয়া বিচাৰে। আন্তৰিকতাৰে তেওঁৰ প্ৰতি আশীৰ্বাদ, মৰম আৰু শ্ৰদ্ধাৰ বৰষুণ পৰিছে। আনফালে জনপ্ৰতিনিধিৰ বিৰুদ্ধে গালিৰ বৰষুণ। তুলনা কৰিছে মানুহে সেই দুয়ো দৃশ্য। বোকা পানীত কিয় জনপ্ৰতিনিধিয়ে নামিব নোৱাৰে?
সমস্যা ক'ত তেওঁলোকৰ? সাধাৰণ মানুহৰ দুখ, দুৰ্দশাৰ বুজ ল'বলৈ যাওঁতে সেই দুখ অনুভৱ কৰিব পৰা পৰিস্থিতি, পৰিৱেশলৈ কিয় ভয় কৰে? গাত বোকা লাগিব বুলি, বগা কাপোৰ লেতেৰা হ'ব বুলি ভয় কৰা লোক সকলে কি বুজিব এই দুৰ্দশা?
কৃতী জাল্লী তাতেই ব্যতিক্ৰম। সেই বাবেই তেওঁক লৈ ইমান আলোচনা। এখন সাধাৰণ ফটোৱে কৈ দিছে বহু কথা। নালাগে এই খবৰ দিবলৈ সংবাদ মাধ্যমত বহুল প্ৰচাৰ। কোনোবা চলচিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ কাঢ়িছো বুলি কোৱা জনতকৈ কৃতী জাল্লীয়ে বোকাত খোজ কাঢ়া এই ফটোখন হাজাৰ গুণে শ্ৰেষ্ঠ, হাজাৰ গুণে প্ৰিয় আমাৰ।