সঁচাকৈ সুধিছো, মিছাকৈ নক’বা কিয় তুমি গুচি গ’লা…

সঁচাকৈ সুধিছো, মিছাকৈ নক’বা কিয় তুমি গুচি গ’লা…

author-image
asomiyapratidin
New Update
সঁচাকৈ সুধিছো, মিছাকৈ নক’বা কিয় তুমি গুচি গ’লা…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অলেখ সপোন আছিল বুকুত। নাচি-বাগি ভালপোৱা ল'ৰাটোৰ মুখত লাগি আছিল চিনাকি সেই মিঠা হাঁহি। অভিনয় প্ৰতি দুৰ্বলতা থকাৰ বাবেই বাতৰি চেনেলেৰ আই টি বিভাগৰ চাকৰি এৰি কেমেৰাৰ সন্মুখ পাইছিলগৈ। তেতিয়া প্ৰতিষ্ঠাৰ বাটেৰে খোজ লৈছিলহে।

কিশোৰ দাস। অভিনেতা কিশোৰ দাস। অসমীয়া গীতৰ দৃশ্যায়নত প্ৰায়ে দেখা পোৱা এজন নায়ক। নিজস্ব ষ্টাইলেৰে লাখ লাখ দৰ্শকৰ মন মোহা সেই কিশোৰ দাসৰ বেমাৰৰ খবৰ যেতিয়া প্ৰথম পোহৰলৈ আহিছিল সকলোৱে কামনা কৰিছিল এই যুদ্ধ জয় কৰি কিশোৰ আকৌ অভিনয় ক্ষেত্ৰখনলৈ ঘূৰি আহিব।

গুৱাহাটীত চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মুম্বাইৰ পাছত হায়দৰাবাদলৈ যোৱালৈকে কিশোৰে নিজেও সেই আশাই পুহি ৰাখিছিল। কৰ্কট ৰোগত আক্ৰান্ত কিশোৰে যান্ত্ৰণাক প্ৰশ্ৰয় দিয়া নাছিল। চিকিৎসালয়ৰ বিচনাতো সক্ৰিয় হৈ আছিল কিশোৰ।

যেতিয়া 'পুষ্পা' ছবিৰ জনপ্ৰিয় 'ঝুকেগা নেহি' সংলাপ আৰু বিশেষ ভংগিমাৰে কিশোৰে ৰীল বনাইছিল তেতিয়া এনে লাগিছিল কিশোৰে সেই কৰ্কট ৰোগ জয় কৰিব পৰাকৈ মনত দুৰ্বাৰ সাহস গোটাইছে। আৰু কম দিনৰ ভিতৰতে হয়তো কিশোৰ সুস্থ হৈ উভতি আহিব।

কিশোৰৰ সৈতে কিছু দিন কাম কৰাৰ অভিজ্ঞতা থকা সূত্ৰে তাৰ খামীদাঠ মনটোৰ উমান পাইছিলো। অনবৰতে আনন্দ, ফুৰ্তি কৰি ভালপোৱা ল'ৰাটোৱে কামৰ মাজে মাজে শ্বুটিঙলৈ গৈছিল। সেই কামবোৰে তাক প্ৰাপ্তিৰ সুখ দিছিল। এনেকৈয়ে লাহে লাহে অসমীয়া ছবি জগতত, সংগীত জগতত কিশোৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছিল।

ডিজিটেল মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰ ব্যাপক হোৱাত প্ৰায়বোৰ অসমীয়া জনপ্ৰিয় গানৰে দৃশ্যায়ন হৈছিল। সেই গীতবোৰত অভিনয় কৰি কিশোৰ হৈ পৰিছিল এগৰাকী চেলিব্ৰেটি। লাহে লাহে ধাৰাবাহিকতো অভিনয়ৰ বাবে সাজু হৈছিল। নিজস্ব ভংগিমাৰে কিশোৰে অভিনয় কৰি যোৱা গীতবোৰৰ সেই দৃশ্যাংশ এতিয়া মনৰ পৰ্দাত ভাঁহি উঠিছে।

মণ্টু মনিৰ 'চেলফী লে লে ৰে', সীমান্ত শেখৰৰ 'লিপিকা', দীপশিখা বৰাৰ 'যদি মই তোকে কওঁ', দীপলিনাৰ 'চেংকন', সুবাসনা দত্তৰ 'টুৰুট টুৰুট', নীল আকাশৰ 'কলীয়া কানাই', দীপান্দিতা ডেকাৰ 'মিছাকৈ নকবি' আদি গানত কিশোৰৰ সাৱলীল অভিনয় কোনে পাহৰিব পাৰে?

শেহতীয়াকৈ কিশোৰ দাসে ২৪ জুনত মুক্তি পোৱা 'দাদা তুমি দুষ্ট বৰ'ত অভিনয় কৰিছিল। গানৰ সৈতে অভিন্ন সম্পৰ্ক, অভিনয়ৰ সৈতে হৃদয়ৰ টান আছিল কিশোৰৰ। সকলোৱে আশীৰ্বাদ আৰু কামনা কৰিছিল কিশোৰ দাস সুস্থ হৈ উভতি আহি পুনৰ একেই ব্যস্ততাৰে অসমীয়া সাংস্কৃতিক জগতক সমৃদ্ধ কৰিব।

সেই আশা পূৰণ নহ'ল। কিশোৰ দাস চিকিৎসাৰত অৱস্থাতেই গুচি গ'ল এই ধাৰা এৰি। কিশোৰৰ চিকিৎসাৰ বাবে বহুতেই সহায়ৰ হাত আগবঢ়াইছিল। চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে কিশোৰে। কোভিডত আক্ৰান্ত হৈ কিশোৰৰ অৱস্থা সংকটজনক হৈ পৰিছিল।

এতিয়া কিশোৰ দাস কেৱল স্মৃতি। পুৰণি সেই গীত বোৰেই কিশোৰ দাসক জীয়াই ৰাখিব। স্মৃতিৰ মানসপটত কিশোৰ দাসৰ সেই ভাল লগা সময়বোৰে তেওঁৰ অনুপস্থিতিৰ কথা মনত পেলাই দিব। হঠাৎ ২ জুলাই ২০২২ ত অহা এই দুঃখবৰ এটা দুস্বপ্ন হৈ ৰৈ যাব।

এক প্ৰতিভাৰ অকাল বিয়োগ হ'ল। বহু সপোন কিশোৰৰ সপোন হৈয়ে থাকি গ'ল। মৃত্যু পৰ্যন্ত জীৱনক জীনাৰ চেষ্টা কৰিছিল কিশোৰে। নিয়তিয়ে সেই সুযোগ নিদিলে। চিনাকি, অচিনাকি বহুজনে এতিয়া কেৱল হুমুনিয়াহ কাঢ়ি কিশোৰে অভিনয় কৰা সেই গানবোৰ চাই হুমুনিয়াহ কাঢ়িব।

ঈশ্বৰৰ ইচ্ছাক কোনে বাধা দিব পাৰে? কিশোৰৰ ঘৰখনত, কিশোৰৰ অকলশৰীয়া মাতৃক কোনে সান্তনা দিব? সেই ভাষা কাৰ আছে? সকলোৱেটো ভাবিছিল কিশোৰ উভতি আহি সেই মিঠা হাঁহিটিৰে ক'বহি- মই ভাল পাইছো। বহুতৰ সৈতে হয়তো ফটো উঠি ভালপোৱা ল'ৰাটোৱ ফটোও তুলিবহি। সেইবোৰ এতিয়া অতীত।

কিশোৰ গুছি গ'ল কোনোদিনেই উভতি নহা বাটেৰে। অলেখ সোঁৱৰণী থৈ মৃত্যু ঠিকনা লোৱা কিশোৰ দাসৰ মৃত্যুত জাচিব পাৰি দুচকুৰে বৈ অহা অশ্ৰু অঞ্জলি। বিদায় কিশোৰ, বিদায়…।