বুঢ়া নোহোৱা এজন ‘ডেকা’ !

বুঢ়া নোহোৱা এজন ‘ডেকা’ !

author-image
asomiyapratidin
New Update
বুঢ়া নোহোৱা এজন ‘ডেকা’ !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

"তোমাৰ নামটো শুনাৰ লগে লগে মোৰ মনত পৰে মোৰেই গানটোলৈ- এক নতুন সূৰ্য দেখিবৰ বাবে/ আছো এতিয়াও জাগি/ ৰাতিৰ প্ৰহৰী হৈ/ এক নতুন পংকজ ফুলাবৰ বাবে/ আনিছো বতাহ আমি/পঙ্ক বিদাৰি থৈ"- এইদৰেই এদিন তেওঁৰ বিষয়ে লেখিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে।

এজন অমায়িক মানুহ। তেওঁৰ আছে এক বিশেষ স্থিতি, বিশেষ ব্যক্তিত্ব। তীক্ষ্ণ বুদ্ধি সম্পন্ন মানুহজন আজিও চফল ডেকাৰ দৰে। নলবাৰীৰ বেলশৰৰ অধ্যৱন্ত পৰিয়ালত তেওঁৰ জন্ম। নাম কনক সেন ডেকা। পিতৃৰ নাম গৌৰী সেন ডেকা।

এলাহবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈ তেওঁ আৰু অধিক দায়বদ্ধশীল হৈ পৰিছিল। ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ কনক সেন ডেকাই মঙ্গলদৈত আৰম্ভ কৰিছিল শিক্ষকতাৰ জীৱন। শিক্ষকৰ চাকৰি কৰি থাকোতে ছিপাঝাৰৰ পৰা প্ৰকাশ কৰিছিল এখন কাকত।

নাম দিছিল 'অগ্ৰদূত'। পষেকীয়া আছিল এই কাকতখন। তাৰ পাছত বহু প্ৰত্যাহ্বান তেওঁৰ কাষত থিয় দিছিল। কিন্তু তেওঁ সেইবোৰ অতিক্ৰম কৰি অসমৰ সংবাদ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰিলে। তেওঁ কেৱল সাংবাদিক বা সম্পাদকেই নহয়। সোঁতৰ বিপৰীতে যাব পৰা এজন খামীডাঠ মানুহ।

মধ্যম আন্দোলনৰ সময়ত ১৯৭১ চনত 'অগ্ৰদূত' নামৰ পষেকীয়া কাকতখনৰে সংবাদক্ষেত্ৰত ভৰি থৈ এদিন গুৱাহাটীৰ মালীগাঁৱলৈ গুছি আহিল। ৩ দিনীয়া কৰিলে পষেকীয়া কাকতখনক। তাৰ পাছত ১৯৯৫ চনৰ পৰা আৰম্ভ কৰিলে দৈনিক অগ্ৰদূত।

হাতত এটা টকা নথকাকৈয়ে আৰম্ভ কৰা এই যাত্ৰাত তেওঁ সফল হ'ল। ৰাজ্যৰ সংবাদ ক্ষেত্ৰত তেওঁ এতিয়া এটা উল্লেখযোগ্য নাম। তাৰ সমান্তৰাল বাৱে চলি গ'ল সাহিত্য সাধনা। 'জুলাই' তেওঁৰ এখন উল্লেখযোগ্য উপন্যাস। বহু উপন্যাস, চুটিগল্প, নিবন্ধ নিজেই লিখাৰ উপৰিও সময়ৰ আহ্বান অনুসৰি সাহিত্য চৰ্চাৰ এক মাধ্যম প্ৰতিষ্ঠা কৰাত তেওঁৰ উল্লেখযোগ্য ভূমিকা আছে।

তেওঁ সাহসী। কেতিয়াবা তেওঁৰ বিৰুদ্ধেও আঙুলি উঠে। কিন্তু নিজৰ স্থিতিত তেওঁ স্থিতপ্ৰজ্ঞ। অধ্যয়নশীলতা আৰু সুক্ষ্ম বিশ্লেষণ তথা মুকলিকৈ কব পাৰে তেওঁ ক'ব পাৰে সকলো কথা। আলফাৰ স্বাধীন অসমৰ তেওঁ সমৰ্থক কেতিয়াও নাছিল।

কলমৰ জৰিয়তে আলফাক সমালোচনা কৰি মৃত্যুৰ ভাবুকি পাইছিল। গুলীয়াই নহয়, দাৰে ৰেপি ৰেপি হত্যা কৰাৰ কথা ঘোষণা কৰা হৈছিল। ১১ জন নিৰাপত্তাৰক্ষীক তেওঁৰ বাবে নিয়োগ কৰিছিল। বেলি ডুবাৰ লগে লগে ঘৰৰ পৰা বাহিৰ উলোৱাটো নিৰাপত্তাজনিত কাৰণত নিষেধ আছিল।

৩ টাকৈ মেটেল ডিটেক্টৰ পাৰহৈ হে তেওঁক সাক্ষাৎ পাবলগা হৈছিল। ইমান প্ৰত্যাহ্বান ভৰা আছিল সেই দিনবোৰ। সাংবাদিক গঢ়াৰ আধাৰ আছিল অগ্ৰদূত। বিশ্লেষাত্মক চিন্তাধাৰাৰে সংবাদ জগতত চহকী কৰি উত্তৰ পুৰুষক যুক্তিৰ আধাৰত নতুন অসম গঢ়িবলৈ তেওঁ আহ্বান জনাইছিল।

সেই খ্যাতিয়ে অসমীয়া সংবাদ জগতকো সমৃদ্ধশালী কৰিছিল। এক বিংশ শতিকাৰ অসমৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান তেওঁ অনুভৱ কৰিছিল আগতেই। লুইতক ভেটিব সিহঁতে, সূৰ্যত পূৱত নুঠে, টেমছ আৰু লুইত, সোণৰ পালেঙে নুশুৱায় আদি তেওঁৰ উপন্যাসৰ নাম।

অসম সাহিত্য সভাৰো সভাপতি আছিল তেওঁ। লিখাৰে তেওঁ সংগ্ৰাম কৰিছিল। নতুন প্ৰজন্মক আশা দিছে। এই পষেকীয়া অগ্ৰদূতৰ পৰাই তেওঁ জন্ম দিছিল দৈনিক অগ্ৰদূত, তিনিদিনীয়া অগ্ৰদূত, মহিলা আলোচনী শ্ৰীময়ী, শিশু আৰু কিশোৰৰ আলোচনী অকণিৰ অগ্ৰদূত, চিচিমফা আদি।

এজন সফল মানুহ, সফল সাংবাদিক, সফল সাহিত্যিক। সাহিত্য আৰু বাতৰি কাকতৰ জৰিয়তে সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ মূল্যায়ন নতুন পুৰুষে কৰা উচিত। লক্ষ্যধৰ চৌধুৰীয়ে প্ৰায়ে কৈছিল- আমাক সম্পাদক মালিক হে লাগে। কনক সেন ডেকা প্ৰথমে সম্পাদক তাৰ পাছত হে মালিক।

তেওঁৰ ক্ষুৰধাৰ লেখনি আজিও পাঠকে পঢ়িবলৈ পায়। অন্যায়ৰ প্ৰতিবাদ কৰাৰ বাবে তেওঁ যুক্তিক আধাৰ কৰি লয়। তেওঁ সেয়ে এজন সফল সাংবাদিক। দিকভ্ৰান্ত হ'ব খোজা সকলক তেওঁ দৃঢ়তা দিব পৰাকৈ এজন বটবৃক্ষ। ১০ বছৰ তেওঁ শিক্ষকতা কৰিছিল। তাৰ পাছত তেওঁ সম্পাদক হৈছিল।

অসমৰ পৰা বহুত কাকত ওলাই। বহু কাকতৰ অকাল মৃত্যু হয়। কিন্তু কনক সেন ডেকাই সেই কাকতখন ৫০ বছৰীয়া কৰিলে। তাৰ বাবে তেওঁ পৰিশ্ৰম কৰিছে, ধৈৰ্য ধৰিছে। ক্লান্তহীন মানুহজন আজিও সজীৱ হৈ আছে। অগ্ৰদূতৰ আঁৰৰ মানুহজন এতিয়া অসমৰ সংবাদ জগতৰো পুৰোধা ব্যক্তি।

এক অসাধাৰণ ব্যক্তিতৰ অধিকাৰী তেওঁ। তেওঁৰ গল্পবোৰো মনস্তাত্বিক দিশেৰে শক্তিশালী। দৰৱ, পক্ষান্তৰ, সলনি হ'ল আদি গল্পই কৈ যায় তেওঁৰ চিন্তা – চেতনাত কি প্ৰবাহিত হৈ থাকে।