সমগ্ৰ দেশৰ বাবেই “জ্যোতি” হৈ বিয়পিল আমাৰ জ্যোতি, এবাৰ পঢ়ক আৰু দিয়ক চেল্যুট…

সমগ্ৰ দেশৰ বাবেই “জ্যোতি” হৈ বিয়পিল আমাৰ জ্যোতি, এবাৰ পঢ়ক আৰু দিয়ক চেল্যুট…

পলাশ জ্যোতি গগৈ

১৫ বছৰীয়া জ্যোতিয়ে আজি সমগ্ৰ ভাৰতবৰ্ষতে 'জ্যোতি' বিলাবলৈ সক্ষম হৈছে। সৰু মনটোৰে দেখা তাইৰ ডাঙৰ সপোনবোৰ চিৰদিনৰ বাবে সাহসৰ প্ৰতীক হৈ ৰ'ব। কিছু কিছু লোকে তাইক আধুনীক যুগৰ শ্ৰৱন কুমাৰ বুলিও কৈছে। আন কোনোৱে আকৌ জীৱনৰ অৰ্থ বিচৰাসকলক জ্যোতিলৈ আঙুলিয়াই দেখুৱাইছে। দিনটোৰ সবাটোকৈ চৰ্চিত বিষয়টোৱেই হৈ পৰিছে জ্যোতিৰ সেই পিতৃ প্ৰেম।

পিতৃ মহন পাছোৱান পেচাত এগৰাকী ই ৰিক্সা চালক। মাৰ্চত পিতৃ এক দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পাইছিল তাই। ততাতৈয়াকৈ পিতৃৰ কাষ পাইছিলগৈ। মাকে গহনা বিক্ৰী কৰি ১৫,০০০ টকা দি পঠাইছিল পিতৃলৈ ঔষধ ক্ৰয় কৰাৰ বাবে। সেই যি আহিল, ঘৰলৈ দীৰ্ঘদিনে তাই যাব পৰা নাছিল। লকডাউনৰ বাবে আবদ্ধ হৈ পৰিছিল। গাঁৱৰ ঘৰত মাক ৪ আত্মীয় ককাই ভাইৰ সৈতে তাই থাকে। মাক এগৰাকী অংগনবাড়ী কৰ্মী।

লকডাউনৰ সময়ত সকলো খবৰ চেৰ পেলাই হাজাৰজনী ছোৱালীৰ বাবে জ্যোতি এটা উদাহৰণ হৈ পৰিছে। বিহাৰৰ জ্যোতি আজি সাহসৰ প্ৰতীক। এখন সৰু গাঁৱত তাই বাস কৰিছিল। পিতৃ থাকে গুৰগাঁৱত। আচলতে তাইৰ কথা শুনাৰ লগে লগে সকলোৱে জানিবলৈ মন কৰে তাইনো কি এনে কাম কৰিলে যাৰ বাবে জ্যোতিক Indian Cycling Federation-য়ে বিচাৰি উলিয়ালে। কেৱল বিচাৰি উলিওৱাই নহয় অহা মাহত তাইক নিমন্ত্ৰনো কৰিছে। তাতে তাইক পৰীক্ষা কৰিব। য'ত জয়ী হ'লে তাইৰ জীৱনলৈ আহিব পাৰে পূৰ্বে কাহানিও নহা সুযোগ।

৭ দিন ধৰি তাই চাইকেল চলাইছিল। গুৰগাঁৱৰ পৰা পিতৃক বিহাৰৰ ঘৰলৈ লৈ গৈছিল। কাৰণ তাইৰ বাবে কোনো দ্বিতীয় পথ নাছিল। হাতত নাছিল ধনীলোকৰ দৰে গাড়ী ভাড়া কৰাৰ বাবে লাখ টকা। ১২০০ কিলোমিটাৰ যাত্ৰা পথ কাৰোৰে বাবে চাইকেলেৰে অতিক্ৰম কৰা সহজ নহয়। লকডাউনৰ সময়ত ২-এজনে কৰিছে যদিও তাত জ্যোতি কুমাৰীৰ দৰে কোনো ছোৱালী নাই। নাই পিছফালে পিতৃক বহুৱাই নিয়া আন কোনো ১৫ বছৰীয়া ছোৱালীও।

দুৰ্ঘটনাত পতিত হোৱাৰ পাছৰে পৰা উপাৰ্জন বুলি ক'বলৈ একোকে নাছিল। গুৰগাঁৱৰ দৰে এখন ঠাইত লকডাউনত আবদ্ধ হৈ তাই বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হৈছিল। ইফালে ভাড়াঘৰৰ গৰাকীয়েও ঘৰ সময়মতে পইচাকেইটা দিব নোৱাৰাৰ বাবে ঘৰ খালী কৰিবলৈ কৈছিল। অনাহাৰে অনিদ্ৰাৰে কেবা নিশা কটাবলগীয়া হৈছিল।

সমগ্ৰ দেশৰ বাবেই "জ্যোতি" হৈ বিয়পিল আমাৰ জ্যোতি

পিতৃৰ দৰে তাইৰ কথাবোৰো আছিল খাৰাংখাছ। পিতৃয়ে ঘৰৰ গৰাকীক কৈছিল- মই কাম বিচাৰিম। আপোনাক ঘৰৰ পইচা কেইটা দিম। এবাৰ মাত্ৰ লকডাউনটো উটিবলৈ দিয়ক আৰু মোৰ ওপৰত বিশ্বাস ৰাখক। পৰিস্থিতি এনে পাইছিল যে- কেৱল ভাত মুঠিৰ কথা চিন্তা কৰিয়ে পিতৃ-কন্যাই দৰৱ কিনিবলৈ থোৱা পইচাৰে চাউল কিনিছিল। কাৰণ মৃত্যু তেওঁলোকৰ বাবে প্ৰায় সুলভ হৈ পৰিছিল। সেই মৃত্যুৰ কাৰণো আছিল খাদ্য।

বিহাৰৰ দৰভঙাৰ ঘৰখনলৈ উভতি যোৱাৰ কথা তাই ভাবিছিল। কিন্তু পিতৃ প্ৰেম তাইৰ আন বহু ছোৱালীতকৈ বেছি আছিল। পিতৃক কোনো কাৰণতে এৰি যাবলৈ ৰাজী হোৱা নাছিল। সেই সময়তে এখন চাইকেল কিনাৰ চিন্তা মনলৈ আহিল। পিছে সেয়া জানো সম্ভৱ। কাৰণ ৩০-৪০ কিলোমিটাৰ চাইকেলেৰে যাব পাৰিব কিন্তু এইয়া ১২০০ কিলোমিটাৰৰ পথ। তথাপিও ভাৱিলে বাটত কোনো লোকক নাপাবনে। সেই যি এবাৰ মন মেলিলে তাৰ পিছত ভবাৰ দৰেই সকলো হ'ল।

টকা ধাৰ কৰি তাই এখন চাইকেল কিনিলে। ঘৰলৈ তেনেদৰে যাবলৈ অমান্তি হোৱা পিতৃয়ে সকলো চিন্তা সামৰি এবাৰলৈ ভগৱানৰ ওপৰতে সকলো সমৰ্পন কৰি যাবলৈ মান্তি হ'ল। লকডাউনৰ বাবে বাছ বা ৰে'লত যোৱাতো তেওঁলোকৰ বাবে কোনো কাৰণতে সম্ভৱ নহয়। ৰৈ থাকিবও পৰা নাছিল। কাৰণ প্ৰতিজন লোকেই নিজৰ ঘৰখন গৈ পালেই নিজকে সুৰক্ষিত অনুভৱ কৰে।

১২০০ কিলোমিটাৰ চাইকেল মাৰি ঘৰলৈ আনিছিল পিতৃক।

কোনো যাত্ৰাই সহজ নহয়। সেয়া হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি সোণ বুটলিবলৈ যোৱাই হওঁক বা এপে দূৰত্বত আপোন ঠাইখনলৈ যোৱাই হওঁক। জ্যোতিয়ে মনতে ভাৱিছিল- 'এইকেইদন ৰাষ্টাত বহু মানুহে বিনামূলীয়াই খাদ্য বিতৰণ কৰি আছে, আমাৰ যিহেতু খাবলৈ একো নাই তাকে আমি খাব পাৰিম। কাৰণ আমিও তেনেকুৱা দুখীয়া মানুহহে। আমাৰ নিজৰ বুলি ক'বলৈ একোকে নাই।' এতিয়া কোনো কোনো লোকে তাইক আধুনীক শ্ৰৱন কুমাৰ বুলিও কৈছে। এইয়া অৱশ্যে আন কোনো লোকতে সীমাবদ্ধ নহয়, ঘৰ গৈ পোৱাৰ পাছত তাইৰ পিতৃয়েও আনন্দতে কান্দি কৈছিল- এই ছোৱালীজনীয়েই মোৰ বাবে শ্ৰৱন কুমাৰ। মোৰ বাবে সাহস। তাই  মোক যেন কামৰ ঠাইৰ পৰা অনা নাছিল! সেয়া মোৰ বাবে যে তীৰ্থ ভ্ৰমন আছিল তেনেকুৱাই লাগিছে মোৰ।

আনন্দতে উৎফুল্লিত হৈ জ্যোতিয়ে নিজৰ যাত্ৰাৰ কথা পাহৰিয়ে পেলাইছিল। তাই কৈছিল মোৰ বাবে পিতৃয়ে সকলো। কেনেকৈ মই ঘৰ আহি পালোহি ভাৱিবই নোৱাৰো। তাই লগতে পাহৰি গৈছিল যাত্ৰা পথত সন্মুখীন হোৱাৰ অসুবিধাৰ কথা আৰু কৈ পেলাইছিল- মই ৮ দিন ধৰি যাত্ৰা কৰি আহিছো…।

চাইকেল চলোৱাৰ ক্ষেত্ৰত জ্যোতি কুমাৰীৰ আনুষ্ঠানিক শিক্ষা নাছিল। কিন্তু তাই এগৰাকী আনুষ্ঠানিক শিক্ষাৰে পুষ্ট চাইক্লিষ্টতকৈ কোনো কাৰণতে কম নাছিল। Indian Cycling Federation-য়ে তাইৰ কথাবোৰ জানিব পাৰি কয়- তাই যদি এই কাম কৰিব পাৰে তেতিয়া তাই বহুতে দক্ষ। আমি তাইক এটা সুযোগ দিব বিচাৰো। কিয়নো আমি এনেকুৱা পাৰদৰ্শিতাকে বিচাৰো। যদি এগৰাকী আন্তঃৰাষ্ট্ৰীয় চাইক্লিষ্টে এদিনত ১০০ কিলোমিটাৰ চাইকেল চলাব পাৰে তেতিয়া তেওঁক সুপ্ৰশিক্ষিত বুলি কোৱা হয়। তেনে স্থলত জ্যোতি কিছু পৃথক পাৰদৰ্শিতাৰে পুষ্ট ছোৱালী।

বহুতো ভাল খবৰৰ মাজতো থাকে কিছু বেয়া খবৰ। বহু নাৰীয়ে আজিৰ তাৰিখত গ্ৰাহস্থ্য হিংসাৰ বলি হৈছে। লকডাউনৰ বাবে ঘৰতে আবদ্ধ হৈ থকা নাৰীৰ গ্ৰাহস্থ্য হিংসা দ্ৰুত হাৰত বৃদ্ধি হোৱাক লৈ বিভিন্নজন চিন্তাতো পৰিছে। দেশৰ ভিতৰত লকডাউনৰ সময়ত উত্তৰাখণ্ডতে সৰ্বাধিক গ্ৰাহস্থ্য হিংসাৰ ঘটনা সংঘটিত হৈছে। National Legal Services Authority-য়ে সদৰি কৰা অনুসৰি মে'ৰ ১৫ তাৰিখলৈকে উত্তৰাখণ্ডৰ পাছতে গ্ৰাহস্থ্য হিংসাৰ ক্ষেত্ৰত আছে হাৰিয়ানা আৰু দিল্লী। বহু মহিলাই ফোনযোগে সহায় বিচাৰিছে বিভিন্ন সংস্থাৰ পৰা। দিল্লীত এনে ঘটনা হৈছে ৬৩ টা। উত্তৰাখণ্ডত ১৪৪ টা আৰু হাৰিয়ানাত ৭৯ টা। ৰাজ্য চৰকাৰসমূহে সদৰি কৰা তথ্য ইয়াতকৈও বহুগুনে বেছি। মাদ্ৰাছ উচ্চ ন্যায়ালয়ত তামিলনাডু চৰকাৰে দিয়া তথ্য অনুসৰি ২৫ মাৰ্চৰ পৰা ১৪ মে' লৈকে তামিলনাডুত ৬১৬ টা গ্ৰাহস্থ্য হিংসাৰ ঘটনা ঘটিছে।

তাইৰ ওপৰত এতিয়া সকলোৰে চকু।

মহিলাৰ বিৰুদ্ধে সংঘটিত এনে গ্ৰাহস্থ্য হিংসাৰ কথা ক'বলৈ গৈ এগৰাকী মহিলাই কান্দি কান্দি কৈছিল- আমি নিজৰ ঘৰখনে আটাইতকৈ সুৰক্ষিত স্থান বুলি অভিহীত কৰো। কিন্তু সেই ঘৰখনেই কেতিয়াবা হৈ পৰে আমাৰ বাবে বিপদৰ আন এক নাম। তাৰ মাজতে কোনো কোনোৱে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰাৰ সলনি গ্ৰাহস্থ্য হিংসাৰ বিৰুদ্ধে ৰাইজক সজাগকৰিবলগা হৈছে। অস্কাৰৰ বাবে মনোনীত অভিনেত্ৰী ছালমা হায়েকে বুধবাৰে #StandWithWomen শীৰ্ষক এক প্ৰচাৰ আৰম্ভ কৰিছে। সকলো লোককে মহিলাৰ ওপৰত ঘৰত চলা হিংসামূলক ঘটনাৰ বিৰুদ্ধে জাগি উঠিবলৈ আহ্বান জনাইছে।

তাৰ মাজতে সোণ হৈ জিলিকে জ্যোতিৰ দৰে ছোৱালীবোৰ। যাক পিতৃয়ে ভাৰ বৈ লৈ ফুৰিব লগা হোৱা নাই। তাৰ বিপৰীতে তাইহে পিতৃক ১২০০ কিলোমিটাৰ পথ চাইকেল মাৰি দিল্লীৰ গুৰগাঁৱৰ পৰা ঘৰলৈ আনিছিল। জ্যোতি হৈ পৰিছে হাজাৰজনী ছোৱালীৰ বাবে উদাহৰণ। গাঁৱত এতিয়া তাইৰ খবৰ লোৱাৰ বাবে মানুহে প্ৰতি সময়তে ভিৰ কৰি থাকে। সেনা জোৱানৰ এটা দলে জ্যোতিক লগ কৰি এই কামৰ বাবে উৎসাহ দিছে। তাইক চলিবলৈ টকাও দিয়ে। ৫০০০ টকা লাভ কৰি তাই ধন্যবাদ দিয়াতে ক্ষান্ত থকা নাই প্ৰতিগৰাকী লোককে নিজৰ লক্ষ্যস্থানত উপনিত হোৱাৰ বাবে প্ৰয়োজনীয় কঠোৰ শ্ৰম কৰিবলৈ আহ্বান জনাইছে।

এতিয়া জ্যোতি কোৱাৰেন্টাইত আছে। কেইদিনমানৰ পাছতে তাইৰ কোৱাৰেন্টাইন শেষ হ'ব। তেতিয়াই তাইক স্থানীয় প্ৰশাসনে সহায় কৰিব। এগৰাকী প্ৰশাসনৰ লোকে জ্যোতিৰ পৰিয়ালক জানিবলৈ দিছে – কোৱাৰেন্টাইন শেষ হোৱাৰ লগে লগে তেওঁলোকে জ্যোতিক সহায় কৰিবলৈ তাইৰ ঘৰলৈ যাব। ৰাজ্য চৰকাৰে তাইৰ পৰিয়ালকো সহায় কৰিব। জ্যোতিক নৱম মান শ্ৰেণীত নাম ভৰ্তি কৰাৰ ব্যৱস্থা কৰিব। জ্যোতিয়ে নিজৰ ঘৰ, অঞ্চল তথা ৰাজ্যখনৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই জ্যোতি বিলাব…। সেইবাবেই কোৱা হয়-

"মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূণ্য। নাৰীৰ জীৱন যিমানেই সৰল সিমানেই সফল।''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in