/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/Bekhekh-Lekha-New-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এতিয়া তাত নাই ব্যস্ততা।দুয়োপাৰৰ আৱাসীক অঞ্চলসমূহত কেৱল শূন্যতা। শংকাময় ভৱিষ্যতৰ কথা ভাৱি উৎকণ্ঠিত মানুহ বোৰৰ মনত এটাই প্ৰশ্ন, কি হ'ব আমাৰ? প্ৰায় ৫০ জনৰো অধিক লোকৰ সৈতে আমি কথা পাতিছিলো। বুজ লৈছিলো তেওঁলোকৰ মনৰ কথা। এসময়ত তাত আছিল এখন কাগজ নগৰী। উভৈনদী আছিল সকলো।
জাগীৰোডত থকা নগাওঁ কাগজ কলত এতিয়া তলা। হঠাৎ বন্ধ হৈ যোৱা কাগজ কলটোত তলা মাৰি দিয়াৰ পাছত মানুহবোৰেও পেটত গামোচা মাৰিবলগীয়া হ'ল। কোনোবাজনৰ উপাৰ্জনৰ কোনো পথ নাই। সময়েই এতিয়া তেওঁলোকৰ বাবে সম্বল। দৰিদ্ৰতাৰ সৈতে যুঁজি কেৱল আশাত ৰৈআছে বা দিন আহিব বুলি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-3.03.27-PM-1024x576.jpeg)
কতিয়াবা চৰম হতাশাত পৰি আত্মহননৰ পথো বাচি লৈছে দুই-একে। তেওঁলোকক লাগে ভাল খবৰ। আন নহলেও পাবলগা দৰমহা কেইটা আৰু পেঞ্চনৰ টকাখিনি পালেও উভতি যাব পাৰে ঘৰলৈ। বহুতৰ বাবে সেইয়াই তেওঁলোকৰ ঠিকনা। জাগীৰোড এৰি যাব কলৈ? এক দুঃস্বপ্ন লৈ তেওঁলোকে পাৰ কৰিছে সময়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-2.46.41-PM.jpeg)
নিৰ্বাচন আহিলে নেতাই বহু ঘোষণা কৰে। কাগজ কল কেইটাৰ আকৌ মেচিন চলিব বুলি সপোনৰ পোখা মেলে। সেইবোৰ যেন সকলো মৰুভূমিৰ মৰিচিকা। এতিয়া বাস্তুৱৰ সন্ধানত তেওঁলোক। প্ৰতিজনৰ কথা একেই। একো নোপোৱাতকৈ কিবা এটা পালে লৈ থোৱাই ভাল। তাৰ পাছত চৰকাৰে যিকৰে কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-3.03.05-PM-1024x768.jpeg)
নগাও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ মাজলৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰীৰ ঘোষণাই। ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ সৈতে চাৰি লানিকৈ আলোচনা চলিছে দুয়োটা কাগজকলৰ শ্ৰমিক ইউনিয়ন তথা বিষয়া সন্থাৰ। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হোৱাৰ পূৰ্বেই কাগজকলৰ বিষয়া কৰ্মচাৰীৰ এটা দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। কাগজ কল দুটাত বিষয়া-কৰ্মচাৰীসকলৰ ক্ৰমে, কাগজ নিগম মজদুৰ ইউনিয়ন, কাগজ নিগম কৰ্মী ইউনিয়ন আৰু ছুপাৰভাইজাৰ আৰু বিষয়াসকলৰ আন এক ইউনিয়ন আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/News-15-1.jpg)
এই সংগঠনসমূহে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ দাবী আলোচনাৰ মজিয়ালৈ লৈ গৈছে যদিও এতিয়ালৈকে এক সুনিৰ্দিষ্ট সমাধান সূত্ৰ ওলোৱা নাই। বৰ্তমানলৈকে এই কাগজ কল দুটাৰ কৰ্মচাৰী সকলে ৫৬ মাহৰ দৰমহা পোৱা নাই। কৰ্মচাৰীসকলৰ অৱস্থা দিনক দিনে বেয়াৰ পৰা বেয়ালৈ ঢাল খাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/paper-pic-1-1140x570-1-1024x512.jpg)
অসম চৰকাৰে কাগজ কল দুটাৰ কৰ্মচাৰীৰ সৈতে হোৱা আলোচনা অনুসৰি তেওঁলোকৰ সাময়িক সকাহৰ বাবে ৫৭০ কোটি টকাৰ ৰিলিফ পেকেজ দিয়াৰ কথা ঘোষণা কৰিলেও কৰ্মচাৰীসকলে মাত্ৰ ২৪ মাহৰ দৰমহাহে লাভ কৰিব। ইয়াৰ উপৰিও তেওঁলোকৰ গ্ৰেছুৱেটি বা অন্যান্য চৰকাৰী চাকৰিয়ালে পাবলগীয়া বনাছ পাব বুলি ঘোষণা কৰিলেও এই ক্ষেত্ৰত কৰ্মচাৰী ইউনিয়নে চৰকাৰক তেওঁলোকৰ অনাদায় সমূদায় ধন আদায় দিবলৈ অনুৰোধ জনাইছে।
সমগ্ৰ বিষয়টো সমান্তৰালভাৱে আদালতৰো বিবেচনাধীন হৈ আছে। কাগজ কল দুটা নিলাম কৰিবলৈ চৰকাৰে নিযুক্তি দিয়া লিকুইডেটৰেও সমস্যাসমূহ সমাধানা কৰাৰ ক্ষেত্ৰত কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰা বুলি ইউনিয়নৰ একাংশ বিষয়াই অভিযোগ তুলিছে। দিল্লী উচ্চ ন্যায়ালয়ে ভাৰত চৰকাৰক কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ সন্দৰ্ভত ২৮ ছেপ্টেম্বৰ ২০২১ ৰ ভিতৰত অভিযোগনামা দাখিলৰ নিৰ্দেশ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/8b994949-1295-4ee9-a8db-f22d29853b03.jpg)
হিন্দুস্তান পেপাৰ ক'ৰ্পাৰেছন লিমিটেড, কাছাৰ আৰু নগাও কাগজ কলৰ কৰ্মচাৰীসকলৰ সমস্যাৰ সমাধান এতিয়াও হোৱা বুলি ক'ব নোৱাৰি। বিনা বেতনেৰে ৯২ জন শ্ৰমিকৰ মৃত্যু হোৱা এই কাগজ কল কেইটাৰ সন্দৰ্ভত NCLAT টো শুনানি হৈ আছে। পূৰ্বৰ মুখ্যমন্ত্ৰৰী সৰ্বানন্দ সোণোৱালে এই কাগজ কল কেইটা পুনৰ কাৰ্যক্ষম কৰিব বুলি NCLAT লৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও শেষত তেনেধৰণৰ কোনো ব্যৱস্থা তেওঁ গ্ৰহণ নকৰিলে।
অসম চৰকাৰে কাগজ কল দুটা ক্ৰয় কৰি পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চ JSCRU আৰু INTC ৰ উদ্যোগত ধাৰাবাহিকবাৱে প্ৰতিবাদ জনাই থকা হৈছিল। সেই দাবী যে এতিয়া চৰকাৰে মানি ল'ব তেনে কোনো সম্ভাৱনা নাইকোৱা হোৱাৰ পাছত কাগজ কলটোৰ গৰিষ্ঠ সংখ্যক কৰ্মীয়ে বিচাৰিছে তেওঁলোকৰ প্ৰাপ্য আদায় পোৱাৰ পিছত চৰকাৰে কাগজ কল দুটা নিলমাৰ সিদ্ধান্ত গ্ৰহণ কৰক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/download-8.jpg)
কাগজ কল দুটাৰ ভিতৰ ভাগত এতিয়া নিমাওমাও পৰিবেশ। আগৰ ব্যস্ততা বা ক্লৰিনৰ গুন্ধ তাত নাই। কাগজ নগৰ হিচাপে খ্যাত জাগীৰোডত মেচিনৰ কৰ্কশ শব্দ কেতিয়াবাই বন্ধ হৈ গৈছে।এই কাগজ কল দুটাৰ উৎপাদন কেন্দ্ৰ সমূহ বন্ধ কৰি ৰাখিছে যদিও কাগজ কল দুটাৰ নিজা বহু সম্পত্তি আছে। সেই সম্পত্তিসমূহৰ ভিতৰত জাগীৰোডতে ১৭০০ বিঘাৰো অধিক মাটি আছে।
দুয়োটা কাগজ কলৰ মুঠ কৰ্মচাৰীৰ সংখ্য ১১০০ ৰো অধিক হ'ব। নগাও কাগজ কলত ৫৮০ গৰাকী বিষয়া কৰ্মচাৰী থকাৰ বিপৰীতে কাছাৰটো কৰ্মচাৰীৰ সংখ্যা ৫৫০ হ'ব বুলি সদৰী কৰিছে শ্ৰমিক সংগঠন সমূহৰ নেতৃত্বই। ইফালে কাছাৰৰ হিন্দুস্তান কাগজ কলৰ চৌহদৰ ভিতৰত অৰ্থাৎ তেওঁলোকৰ মালিকাধীন মাটিত আছে দুটাকৈ তেলৰ কুপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-12.44.06-PM-1024x768.jpeg)
এই কাগজ কল দুটা যিকোনো প্ৰকাৰে বিক্ৰী কৰিবৰ বাবে আৰু পানীৰ দৰত ইয়াক বিক্ৰী কৰাৰ এক ষড়যন্ত্ৰও চলিছে। কুলদ্বীপ বাৰ্মা নামৰ লিকুইডেটৰ গৰকাীয়ে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এতিয়া কেৱল NCLET ৰ সেউজ সংকেতলৈ বাট চাইছে। কাগজ কলৰ ভিতৰত বহু অৱসৰ পোৱা কৰ্মচাৰীও আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-3.03.04-PM-766x1024.jpeg)
২৯/০৫/২০১৯ ত NCLET য়ে ৰাই দিছিল যে, মিল দুটা চৰকাৰে চলাব লাগে আৰু কৰ্মচাৰীসকলৰ পাওনা আদায় দিব লাগে। তৃতীয় পক্ষৰ দ্বাৰা মিল চলাবলৈ হ'লে কৰ্মচাৰীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ কোৱা হৈছিল। সেই অনুসৰি বি আৰ চেঠি নামৰ এজন উদ্যোগপতি এই মিলটোৰ চলাবৰ বাবে চৰকাৰে ৰঙা দলিচা পাৰি আদৰি আনিছিল। ৰাজ্যৰ এজন মন্ত্ৰীয়েও বিশেষ ব্যৱস্থা লৈছিল।
তেখেতওঁ ডুবাইত থকা এই ব্যৱসায়ীজনে তথ্য ভুৱাকৈ দিয়াৰ অভিযোগত অভিযুক্ত হোৱাৰ বাবে এই প্ৰক্ৰিয়া ইমানতেই ইতি পৰে। উল্লেখযোগ্য যে পি পি মোডত এই কাগজ কলটো চলোৱা লক্ষ্যৰে আলোচনা আগবঢ়াই নিয়া হৈছিল। পৰৱৰ্তী সময়ত মহালক্ষ্মী কন্টেনচিয়েল গ্ৰুপে মিলটো চলাবলৈ আগবাঢ়ি আহিল যদিও কৰ্মচাৰীক দিবলগীয়া ৫৫০ কোটি টকাৰ বুজা তেওঁলোক ল'ব নুখুজিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/full.jpg)
কাগজ কলটোৰ কাগজ উৎপাদনকাৰী মেচিনসমূহ এতিয়াও সক্ষম অৱস্থাত আছে। কৰ্মচাৰীসকলৰ মতে ৰহস্যজনক কাৰণত এই কাগজ কলটো বন্ধ কৰি দিয়া হৈছে। যিমান উৎপাদনৰ ক্ষমতা আছিল তাতোকৈ অধিক উৎপাদন কৰি থকা অৱস্থাত কাগজ কলটো হঠাৎ চলি থকাৰ অৱস্থাত ওপৰৰ পৰা অহা নিৰ্দেশত বন্ধ কৰি দিয়া হৈছিল। এক গবীৰ ষড়যন্ত্ৰৰে অসমৰ কাগজ কল দুটাৰ ভৱিষ্যত ধ্বংস কৰি দিয়াৰ পাছত এতিয়া বিক্ৰীৰ বাবে দৰদাম চলি আছে।
কাগজ কল কেইটাৰ আৱাসত থকা কৰ্মচাৰীসকলৰ আৱাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। হঠাৎ এনে নিৰ্দেশ দিয়াৰ পাছত কৰ্মচাৰীসকলৰ মাজতো হাহাকাৰ সৃষ্টি হৈছে। অৱশ্যে তেওঁলোকৰ একাংশই ভাবিছে চৰকাৰে যদি কিবা সকাহ দিয়ে একো নোপোৱাতকৈ চৰকাৰৰ সেই সকাহৰ পেকেজ লৈ তেওঁলোকে আৱাসমূহ এৰি দিব। কি ধৰণে পেকেজসমূহ দিয়া হ'ব সেইয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-2.44.01-PM-1.jpeg)
প্ৰাৰ্থমিক পৰ্যায়ত ইয়াৰ আলোচনা আজিও চলি আছে। সেই আলোচনাৰ মাজতে ভিন্ন মত সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজতো। মুখ্যমন্ত্ৰীয়ে ৰিলিফ পেকেজ ঘোষণা কৰাৰ সময়তে হাত চাপৰি বজাই আলোচনাৰ কালতে ইয়াক সমৰ্থন কৰাকলৈয়ো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বৰ্মন উপাধিধাৰী এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে ভিকহুৰ দৰে আমি জীৱন অতিবাহিত কৰিছো। আগতে চাকৰি আছিল, মানুহে ধাৰো দিছিল। এতিয়া সেইয়া নাই। কেনেকৈ চলিছো আপোনাক কি কম। যদি চৰকাৰে কিবা এটা দিয়ে তেনে সেয়া হ'ব আমাৰ মুখত বিপদৰ সময়ত দিয়া পানী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-12.56.07-PM-833x1024.jpeg)
ইউনিয়নে কি সিদ্ধান্ত লয় চাই লও। ঘৰ খালী কৰি দিবলৈ জাননী আহিছে। অৱশ্যে স্থানীয় বিধায়কে আলোচনাৰ সময়ত ঘৰ খালী কৰিব নালাগে বুলি আশ্বাস দিছে। দুই একে আৱাসত তলা মাৰি ঘৰলৈ খেতি কৰিব গৈছে। কোনোবাই হেটেল খুলিছে ওচৰতে। দুৰ্দশাৰ এই ছবিখন তালৈ নগলে কল্পনাই কৰিব নোৱাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-3.03.46-PM-1024x768.jpeg)
চিকিৎসাৰ বাবে হাতত টকা নাই। বিনা চিকিৎসাৰে মৃত্যুক আকোঁৱালি ল'বলগা হৈছে। সকলোৰে সমস্যাৰ অন্ত নাই। তেনে পৰিস্থিতিত চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ তেওঁলোকে মানি লবলৈ মনতে যেন প্ৰস্তুতি চলাইছে। চৰকাৰেও ইয়াৰ সুযোগ গ্ৰহণ কৰি কৰ্মচাৰীসকলক ৫৭ মাহৰ সলনি ২৪ মাহৰ দৰমহা দিয়েই বিষয়টো অন্ত পেলাবলৈ বিচাৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-10-at-2.44.01-PM.jpeg)
জাগীৰোডত এতিয়া ভাড়াঘৰ নাই। ঘৰ খালী কৰিব লাগি বুলি আগতীয়াকৈ জানি কাগজ কলৰ আৱাসীক চৌহদত থকা বহু পৰিয়ালে চহৰখনৰ সমীপৱৰ্তী ভাড়াঘৰ বন্দৱস্ত কৰিছে। কিন্তু সেই মানুহখিনি আৰু তেওঁলোকৰ পৰিয়ালক ৫ বছৰ ধৰি দৰমহা নোপোৱাৰ পাছত কেইটামান মাহৰ দৰমহা দিয়েই দায়িত্ব এৰিব খুজিলে এয়া জানো তেওঁলোকৰ পক্ষে ন্যায় হ'ব?