/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/bikhekh-lekha-khipa-1.jpg)
তুষাৰ প্ৰতিম
সাহিত্যৰথী বেজবৰুৱা দেৱে কৈছিল- স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা। ভাষাৰ জৰিয়তে ব্যাপ্ত হয় মানৱীয় অনুভৱৰ এক চিৰশ্বাশ্বত সংজ্ঞা। আইৰ গৰ্ভত স্থিতিলোৱাৰ পৰাই শুনি অহা আৰু অনুভৱ কৰা শব্দৰ সমষ্টিবোৰ, যিবোৰে আইৰ সৈতে আৰু বহিঃ জগতখনৰ সৈতে মোৰ সম্পৰ্কৰ সুঁতি সৃষ্টি কৰে সেয়াই মাতৃভাষা।
মাতৃভাষা ক'বলৈ প্ৰয়োজন নহয় ব্যাকৰণ। মাতৃভাষাত আমাৰ অনুভৱ ব্যক্ত কৰিবলৈ নালাগে অভিধান। সেইবাবেই অশিক্ষিত জনেও নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰে। এজন আনজনৰ লগত হৃদয়ৰ অনুভৱ বিনাদ্বিধাই ব্যক্ত কৰিব পাৰে।
২১ ফেব্ৰুৱাৰী, আন্তৰ্জাতিক মাতৃভাষা দিৱস। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো মাতৃভাষা দিৱস উদযাপন কৰা হৈছে। মাতৃভাষা দিৱসৰ শুভেচ্ছাৰে সামাজিক মাধ্যমত উপচায় পেলোৱা হৈছে। কিন্ত একে সময়তে অসমত মাতৃভাষাক লৈ সৃষ্টি হৈ অহা বিভিন্ন ষড়যন্ত্ৰৰ বিষয়েও কিন্তু সমান্তৰালকৈ চৰ্চা চলিছে। তাহানিতে বৃটিছৰ সময়ত অসম বিদ্বেষী একাংশই অসমীয়া ভাষাক অসমৰ পৰাই বিতাৰিত কৰাৰ পৰা আজি পৰ্যন্ত চলি আহিছে অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ।
অসমীয়া ভাষাৰ সংকটৰ বিষয়ে উল্লেখ কৰাৰ পূৰ্বে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ বিষয়ে উল্লেখ কৰি লোৱা যাওঁক।১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোয়ে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰিছিল। প্ৰথমবাৰৰ বাবে ২০০০ চনৰ ২১ ফেব্ৰুৱাৰীত পালন কৰা হৈছিল আন্তৰ্জাতিক মাতৃভাষা দিৱস ।
আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপনৰ আঁৰত আছে এক ইতিহাস। ১৯৫২ চনত তেতিয়াৰ পূৱ পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ মাতৃভাষা বাংলাক ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই দাবীৰে ধাৰাবাহিকভাৱে বাহিৰ কৰিছিল সমদল। দেশ বিভাজন হোৱাৰ পিছতেই পাকিস্তান চৰকাৰে উৰ্দু ভাষাক পূৱ আৰু পশ্চিম পাকিস্তানৰ ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰিছিল। কিন্তু পূৱ পাকিস্তানৰ লোকসকলে উৰ্দুৰ পৰিৱৰ্তে বাংলাকহে প্ৰাধান্য দিছিল। তেওঁলোকৰ বাংলাহে মাতৃভাষা আছিল।
পাকিস্তান চৰকাৰৰ এই সিদ্ধান্তৰ বাবে পূৱ পাকিস্তানৰ লোকসকলে তেওঁলোকৰ মাতৃভাষাৰ বাবে পাকিস্তান চৰকাৰৰ সৈতে যুঁজ কৰিছিল। ভাষাৰ বাবে চলা এই সংগ্ৰামত বাংলাদেশৰ বহু সংগ্ৰামীয়ে জীৱন ত্যাগ কৰিছিল। ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অন্যান্য কৰ্মীসকলে বিশাল প্ৰতিবাদৰ আয়োজন কৰিছিল । এই প্ৰতিবাদক অবৈধ আখ্যা দিছিল পাকিস্তান চৰকাৰে। এই প্ৰতিবাদৰ সময়ছোৱাত ৪ গৰাকী শিক্ষাৰ্থী স্বহীদ হ'বলগীয়া হৈছিল।
ইয়াৰ পিছত ১৯৫৬ চনত পূৱ পাকিস্তানত বাংলাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭১ চনত বাংলাদেশ স্বাধীন হয়। বাংলদেশে বাংলা ভাষাক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰাৰ লগতে ভাষাৰ বাবে হোৱা সংগ্ৰামখনত জীৱন ত্যাগ কৰাসকলৰ স্মৃতিত এতিয়াও ২১ ফেব্ৰুৱাৰী দিনটোত ৰাষ্ট্ৰীয় বন্ধ পালন কৰি আহিছে।
অসমতো ভাষাৰ বাবেই সৃষ্টি হৈছিল ব্যাপক গণ সংগ্ৰাম। অসমতো ভাষাৰ বাবেই প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল বহুজনে। ইয়াণ্ডাবু সন্ধিৰ পিছতেই স্বাধীন হৈ থকা অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছতে অসমীয়া ভাষালৈ নামি আহিছিল বিপদ। বৃটিছে প্ৰশাসনিক সুবিধাৰ বাবে বহু বঙালীভাষী লোকক অসমলৈ আনিছিল। এই বঙালীভাষী লোকসকলৰ প্ৰৰোচনাতে অসমৰ পৰাই বিতাৰিত হৈছিল অসমীয়া ভাষা। অসমৰ কাৰ্যালয়, শিক্ষানুষ্ঠা তথা ন্যায়ালয়ত ব্যৱহাৰ হৈছিল বঙালী ভাষা।
১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰতে ৰাজ্য পুনৰ গঠন হোৱাৰ লগতে ৰাজ্য পুনৰ গঠন আইন-১৯৫৬ বলবৎ হৈছিল। এই আইনে ভাষাক কেন্দ্ৰ কৰি সূচনা হোৱা আন্দোলনক অধিক শক্তি প্ৰদান কৰে।
অসম সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনে অসমীয়া ভাষাক ৰাজ্যৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী উত্থাপন কৰে। ইয়াৰ লগতে আৰম্ভ হয় আন্দোলন। এই আন্দোলনত অসমৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলেও যোগদান কৰে। ইয়াৰ মাজতে ১৯৬০ চনৰ ৪ জুলাইত কটন কলেজৰ শিক্ষাৰ্থী ৰঞ্জিত বৰপূজাৰীক তেওঁৰ হোষ্টেলৰ কোঠাৰ সন্মুখতে পুলিচে গুলীয়াই হত্যা কৰে।
বৰপূজাৰীৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্ত আৰু অনেক ভাষা প্ৰেমীয়ে জীৱন ত্যাগ কৰে। এই আন্দোলনক ভাষা আন্দোলন হিচাপে মান্যতা প্ৰদান কৰাৰ লগতে ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম ছহিদ আখ্যা দিয়া হয়। ৰঞ্জিত বৰপূজাৰী, মুজাম্মিল হক আদিৰ দৰে অনেকৰ ত্যাগৰ বিনিময়ত ১৯৬০ চনত 'অসম চৰকাৰী ভাষা আইন- ১৯৬০' প্ৰণয়ন কৰা হয়।
এই আইনৰ জৰিয়তে অসমীয়া ভাষাক ইংৰাজী ভাষাৰ সৈতে একেলগে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। কিন্তু ইয়াৰ লগে-লগে সৃষ্টি হয় আন এক বিতৰ্ক। অসম চৰকাৰী ভাষা আইন-১৯৬০ বলবৎ হোৱাৰ পিছতে বৰাক উপত্যকাৰ বঙালী ভাষী লোকসকলে এই আইনৰ প্ৰবল বিৰোধিতা কৰে আৰু উপত্যকাটোত বঙালী ভাষা আন্দোলনৰ সূচনা হয়।
এই আন্দোলনৰ ফলতেই পুনৰ অসম চৰকাৰী ভাষা আইন-১৯৬০ সংশোধন কৰা হয় আৰু বৰাক উপত্যকাত বঙালী ভাষাক অতিৰিক্তভাৱে চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। তেতিয়াৰে পৰা এতিয়ালৈকে দুয়োটা উপত্যকাতেই ভাষাক কেন্দ্ৰ কৰি সৰু সৰু সংঘাত অব্যাহত আছে। বিশেষকৈ একাংশ বঙালী নেতৃত্বই আজিও বৰাকত অসমীয়া ভাষাক চৰম অপমান কৰি অহা হৈছে।
চৰকাৰী বিজ্ঞাপনত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই অসমীয়া ভাষাৰ হৰ্ডিঙৰ ওপৰত ক'লা ৰং সানি দিছিল দুৰ্বৃত্তই। বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৰ অতি বিতৰ্কিত নেতা আৰু ভাষিক সংঘাতৰ বাবে অহৰহ চেষ্টা চলাই থকা প্ৰদীৰ দত্ত ৰয় নামৰ ব্যক্তিজনে বৰাকত প্ৰায়েই অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ চলাই আহিছে। দুয়োটা উপত্যকাৰ সমন্বয় আৰু ভাতৃত্ববোধৰ মাজত সংঘাতৰ সৃষ্টি কৰা এনে এচাম নেতা কিন্তু আজিও কঠোৰ শাস্তিৰ সন্মুখীন হোৱা নাই।
আনহাতে ১৯৭২ চনত শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ দাবীত ৰাজ্যখনত সৃষ্টি হৈ গৈছে ব্যাপক আন্দোলন। এই আন্দোলনৰ পাছতাে শেহতীয়াকৈ অসমীয়া ভাষা প্রচলন কৰিবলৈ অসম সাহিত্য সভাই পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে। অৱশ্যে এতিয়াও অসমীয়া ভাষাৰ ক্ষেত্ৰত সাহিত্য সভাৰ পদক্ষেপক অতি শক্তিশালী বুলি নহয় বুলিও মাজে সময়ে সমালোচিত হৈ আহিছে। সেয়া যিয়েই নহওক মাতৃভূমিতে মাতৃভাষা ৰক্ষাৰ বাবে আন্দোলন কৰিবলগীয়া হোৱা বিষয়টো কিমান দুর্ভাগ্যজনক সেয়া সহজেই অনুমেয়।
আজিও অসমত চৰকাৰী ভাষা আইনৰ সফল ৰূপায়ণত চৰকাৰী যন্ত্ৰই মনযোগ দিয়া নাই। আজিও চৰকাৰী বিভাগসমূহৰ লগতে বিভিন্ন কাৰ্যালয়ত এলাগী হৈ আছে অসমীয়া ভাষা। যাৰ বাবে সাধাৰণ লোকে বিপদত পৰাৰ লগতে অসমীয়া ভাষাটোও প্ৰায় এলাগী হৈ পৰিছে।
কেইবাবাৰো সংশোধন হোৱাৰ পিছতে অসম চৰকাৰী ভাষা আইন-১৯৬০ অনুসৰি অসমৰ সকলো কাৰ্যালয়তে অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে ১৯৮৫ চনত চৰকাৰী ভাৱে নিৰ্দেশনা প্ৰদান কৰা হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল ইতিমধ্যে ১৯৭০ চনতেই অসমৰ সকলো শ্ৰেণীৰ নাগৰিকে নিজৰ অভাৱ-অভিযোগসমূহৰ বিষয়ে ৰাজ্যত প্ৰচলিত যিকোনো ভাষাতেই আবেদন কৰিব পাৰিব বুলি এক আইন গ্ৰহণ কৰা হৈছিল। অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত চৰকাৰে ৰাইজৰ আবেদনৰ উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াত, কাছাৰ জিলাত বাংলাত, স্বায়ত্বশাসিত জিলাসমূহত ইংৰাজীত দিব লাগিব বুলি এই আইন বলৱৎ কৰে।
তৎসত্বেও কিন্তু আজিও অসমৰ চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজী ভাষাইহে অধিক স্থান লাভ কৰি আছে। আনহে নালাগে শেহতীয়াকৈ কোভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ অৱস্থা সূচনীয় কৰি তোলাৰ সময়তে স্বাস্থ্য বিভাগ তথা চৰকাৰে বিভিন্ন সময়ত যিবোৰ নীতি-নিয়ম প্ৰযোজ্য কৰিলে বা এছ অ' পি জাৰি কৰিলে সেই সকলো ইংৰাজী ভাষাতেই প্ৰকাশ কৰিলে।
কোভিডৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ৰ অতি গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা ইংৰাজী ভাষাত প্ৰকাশ কৰাৰ ফলত অশিক্ষিত তথা ইংৰাজী ভাষা জ্ঞান নথকা ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোকৰ বাবেই বোধগম্য নাছিল। ইয়াতেই গম পোৱা যায় চৰকাৰী পক্ষৰ ভাষাৰ বিষয়ত থকা দায়িত্বহীনতা।
শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ পৰা বাধ্যতামূলক অসমীয়া ভাষা কাকতখন প্ৰত্যাহাৰ কৰা হৈছে। অসম চৰকাৰৰ বঙাইগাওঁ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ভাষাৰ কাকতখন প্ৰত্যাহাৰ কৰি কেৱল অসমত প্ৰচলিত যিকোনো এটা জনগোষ্ঠীয় ভাষা, সহযোগী ভাষা সলসলীয়াকৈ ক'ব পাৰিলেই হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
চৰকাৰৰ উদ্যোগতে চলিছে এইদৰে ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰ। আনহাতে শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষাবিভাগৰ অধীনত প্ৰাথমিক বিদ্যালয়ত বহিঃৰাজ্যৰ ব্যক্তিক সংস্থাপিত কৰা হৈছে। এই বিষয়টোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া অব্যাহত আছে। অসমীয়া ভাষা জ্ঞান নথকাকৈ, শুদ্ধ অসমীয়া নজনাকৈ উঠি অহা অসমীয়া ল'ৰা-ছোৱালীক ভুল শিক্ষা, বা ভাষা জ্ঞান প্ৰদান কৰি অসমীয়া জাতিৰ ভৱিষ্যতকে ধ্বংস কৰাৰ আখৰা চলিছে চৰকাৰৰ পৃষ্ঠপোষকতাত।
আনহাতে অসম চৰকাৰে যোৱা শীতকালীন অসম বিধানসভাৰ অধিৱেশত ঘোষণা কৰিছে, ৰাজ্যৰ প্ৰতিটো সমষ্টিতে খুলিব এখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়। চি বি এছ ইৰ অধীনত খুলিব ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়। যিসময়ত ৰাজ্যত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানে মৃত্যুৰ দিশে গতি কৰিছে, ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানে সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰছে, ভাষালৈ সংকট নামি আহি আহিছে, সেই সময়তে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত আত্মঘাটী সিদ্ধান্ত হিচাপে পৰিগণিত যে হৈ পৰিব সেইয়া প্ৰায় নিশ্চিত বুলি মতামত আগবঢ়াইছে বিজ্ঞজনে।
ইফালে বহুতেই আকৌ এতিয়া অসমীয়া ভাষা ক'বলৈ হীনমন্যতাত ভূগিবলৈ আৰম্ভ কৰিছে। অসমীয়া ভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাক অধিক প্ৰাধান্য দিছে। মাতৃভাষাৰ শিক্ষাগ্ৰহণ কৰাৰ পৰিবৰ্তে ইংৰাজী ভাষাৰ শিক্ষালৈ অসমীয়া ভাষা নজনাৰ গৌৰৱত গৌৰৱাম্বিত হ'বলৈ আৰম্ভ কৰিছে।
এইসকল অতি আধুনিক লোকক এতিয়া কোনে বুজাব, শিপা অবিহনে কোনো বটবৃক্ষই থিয় হৈ থাকিব নোৱাৰে। এসময়ত অসমীয়া মাধ্যমতে পঢ়া-শুনা কৰিয়েই আজি বিশ্বৰ বিভিন্ন প্ৰান্তত সংস্থাপিত হৈ আছে বহু অসমীয়া। তেওঁলোকে গঢ়ি তুলিছে এটা সুন্দৰ কেৰিয়াৰ। ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাটো বা ইংৰাজী জনাটো কেতিয়াও ভুল বা অনুচিত কথা হ'ব নোৱাৰে। আজিৰ পৃথিৱীৰ সৈতে সমানে আগবাঢ়িবলৈ ইংৰাজী জানিবই লাগিব কিন্তু সেই বুলি নিজৰ শিপাক পাহৰি থিয় হ'ব বিচৰাসকল যে বাগৰি পৰিব লাগিব সেই কথাও নিশ্চিত।