/https://media.assettype.com/asomiyapratidin/import/website/2021/08/BISES-LIKHA.jpg)
তুষাৰ প্ৰতিম
জাপানৰ ৰাজধানী টকিঅ' চহৰত অনুষ্ঠিত হৈ আছে অলিম্পিক। ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ বিগত ১০ টা দিনত ভাৰতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্তমানলৈকে মাত্ৰ ২ টা পদক হে লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ জীয়ৰী মীৰা বাঈ চানুৱে অলিম্পিকৰ প্ৰথমটো দিনতে ভাৰত্তোলনত ৰূপৰ পদক লাভ কৰাৰ পাছত ১ আগষ্ট তাৰিখে শ্বাটলাৰ পি ভি সিন্ধুৱে লাভ কৰিছে ব্ৰঞ্জৰ পদক। আনহাতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইৰ এটা পদক নিশ্চিত হৈ আছে।
টকিঅ'ত বৰ্তমানলৈকে সফল হোৱা নাই এজনো ভাৰতীয় পুৰুষ খেলুৱৈ। এক কথাত ভাৰতীয় মহিলাই অলিম্পিকত ভাৰতৰ লজ্জা ৰক্ষা কৰিছে। ১৩০ কোটিৰো অধিক ভাৰতীয়ই বৰ্তমান মীৰা বাঈ চানু, পি ভি সিন্ধু আৰু লাভলীনাক লৈয়ে সন্তুষ্টি লভিব লগীয়া হৈছে। ইমান বৃহত সংখ্যক জনসংখ্যাৰ দেশ এখনে আজিও অলিম্পিকত লাভ কৰিব পৰা নাই আশাব্যঞ্জক পদক।বৰ্তমানলৈকে ভাৰতে অলিম্পকত ব্যক্তিগত শাখাত অভিনৱ বিন্দ্ৰাৰ জৰিয়তে লাভ কৰিছে মাত্ৰ ১ টা স্বৰ্ণ পদক।
অৱশ্যে আমাৰ আজিৰ আলোচ্য বিষয় অলিম্পকত ভাৰতৰ প্ৰদৰ্শন নহয়। আমি আলোচনা কৰিব বিচাৰিছো অলিম্পিকত ভাৰতীয় মহিলাৰ অংশগ্ৰহণ আৰু সফলতাৰ বিষয়েহে। টকিঅ' অলিম্পিকত ভাৰতীয় মহিলাই লাভ কৰা সফলতাৰ পাছতেই অলিম্পিকত মহিলাৰ সফলতাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। কিন্তু এবাৰলেও চৰ্চা হোৱা নাই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলাৰ বিষয়ে। অলিম্পিকলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা মহিলাৰ দলটোৰ বিষয়ে। টকিঅ' অলিম্পিকত মহিলাৰ এই সফলতাৰ আঁৰত নিশ্চয় সেইসকল মহিলাৰ অৱদানো কিঞ্চিত পৰিমাণে হ'লেও থাকিব যিয়ে ৰক্ষণশীল সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই ১৯৫২ চনতেই অলিম্পিকত দেশক প্ৰতিনিধিকত্ব কৰি অলিম্পিকত ভাৰতীয় নাৰীৰ উপস্থিতিৰ পথ মুকলি কৰিছিল।
১৯৫২ চনৰ ফিনলেণ্ডৰ হেলচিংকি অলিম্পিক ভাৰতৰ বাবে আছিল বিশেষ গুৰুত্বপূৰ্ণ। এই অলিম্পিকতেই ভাৰতে মল্লযুদ্ধত লাভ কৰিছিল প্ৰথমটো ব্ৰঞ্জৰ পদক। ভাৰতৰ মল্লযুদ্ধা কে ডি যাদৱে প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখল কৰি অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হোৱাৰ লগতে সেইবাৰ ভাৰতীয় হকী দলটোৱেও পঞ্চমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে সকলো সচেতন ব্যক্তিৰে মনোযোগ আকৰ্ষণ কৰা হেলচিংকি অলিম্পিক ভাৰতৰ বাবে আন এক কাৰণটো বিশেষ হৈ পৰিছিল।
১৯৫২ চনৰ সেইসময়ছোৱা ৰক্ষণশীল ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ ভূমিকা কেৱল চাৰিবেৰৰ মাজতেই সীমাবদ্ধ হৈ আছিল। সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশত তেওঁলোকৰ অংশগ্ৰহণ আছিল অতি পুতৌজনক।উৰণিৰ আঁৰত থাকি নাৰীয়ে কেৱল ৰান্ধনীঘৰত সময় পাৰ কৰিছিল। আঙুলিৰ মূৰত লেখিব পৰাকৈ কেইগৰাকীমান নাৰীয়ে ঘৰৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰি ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছিল। এনে এক সময়ত ভাৰতীয় নাৰীয়ে বিশ্ব ক্ৰীড়া জগতত খোজ দিব পাৰিব বুলি হয়তো আজিৰ পুৰুষ-নাৰীয়েও নাভাবিব। কিন্তু ১৯৫২ চনৰ সেই সময়ছোৱাতে ভাৰতীয় নাৰীয়ে খোজ দিছিল অলিম্পিকৰ মঞ্চত। ভাগলৈছিল কেইবাটাও প্ৰতিযোগিতাত।
১৯৫২ চনৰ অলিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতৰ পৰা ৬০ জনীয়া এটা দলৰ লগত ৪ গৰাকী মহিলা এথলিটো হেলচিংকিলৈ গৈছিল। এই চাৰিগৰাকী মহিলাৰ ভিতৰত ট্ৰেক এণ্ড ফিল্ড এথলিট নীলিমা ঘোষ নামৰ ১৭ বছৰীয়া এগৰাকী কিশোৰীও আছিল। যি অলিম্পিকত ভাগলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। ১৯৫২ চনৰ অলিম্পিক এইবাবেও বিশেষ আছিল। আনহাতে নীলিমা ঘোষৰ উপৰিও সেই অলিম্পিকলৈ যোৱা আন তিনিগৰাকী মহিলা আছিল মেৰী ডিচুযা চেকিৰা, ডলী নাজিৰ আৰু আৰতি শাহা।
১৯৫২ চনৰ ২১ জুলাইত নীলিমা ঘোষে অলিম্পিকত ভাৰতৰ হৈ ১০০ মিটাৰ স্প্ৰীণ্ট ইভেণ্টত অংশগ্ৰহণ কৰে। ইয়াৰ লগে লগে নীলিমা হৈ পৰে ভাৰতৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা এথলিট। নীলিমাই ১০০ মিটাৰ স্প্ৰীণ্ট ইভেণ্ট সম্পূৰ্ণ কৰিবলৈ ১৩.৮ ছেকেণ্ড সময় লয় আৰু পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হোৱাত ব্যৰ্থ হয়। কিন্তু বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ভাৰতীয় নাৰীৰ প্ৰথমটো খোজ হিচাপে সোণালী আখৰেৰ নিজৰ নামটো লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে নীলিমাই ৮০ মিটাৰ হাৰ্ডলছত ভাৰতক প্ৰতিনিধিত্ব কৰে। এই ইভেণ্টত অংশগ্ৰহণ কৰা সকলোতকৈ কম বয়সৰ এথলিট হিচাপে চিহ্নীত হয় নীলিমা। তেওঁ ৮০ মিটাৰ অতিক্ৰম কৰিবলৈ সময় লয় ১৩.০৭ চেকেণ্ড। এই ইভেণ্টত তেওঁ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।
সেই অলিম্পিকতে আকৌ ১০০ আৰু ২০০ মিটাৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মেৰী ডিচুযা চেকিৰাই। ২০ বছৰীয়া এথলিটগৰাকীয়েও ইভেণ্ট দুয়োটাৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হ'ব পৰা নাছিল যদিও সেই অলিম্পিকৰ অভিজ্ঞতা আহৰণ কৰাৰ পিছত এছিয়াৰ সকলোতকৈ বেগী দৌৰবিদ হিচাপে পৰিগণিত হৈ পৰে। ২০১৩ চনত এইগৰাকী ডিচুযাক ভাৰত চৰকাৰে ধ্যানচান্দ বঁটা প্ৰদান কৰে। আনহাতে আনদুগৰাকী মহিলা এথলিট ডলী নাজিৰ আৰু আৰতি শাহাই গুৰুত্বপূৰ্ণ প্ৰদৰ্শন দাঙি ধৰিব নোৱৰাৰ লগতে পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াতো অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল। তেওঁলোকে সেইবাৰ অলিম্পিকত সাঁতোৰত অংশগ্ৰহণ কৰিছিল।
১৯০০ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ পৰাই ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰি আহিছিল যদিও ১৯৫২ চনৰ আগলৈকে কোনো ভাৰতীয় মহিলাই অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল। হেলচিংকি অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ এই মহিলা খেলুৱৈ চাৰিগৰাকীয়ে খোজ দি এক নতুন দিগন্তৰ সূচনা কৰিলে।
১৯৫২ চনৰ অলিম্পিকত ভাৰতীয় মহিলাৰ পদক জয়ৰ সেই প্ৰথমটো প্ৰচেষ্টাই সফলতা নাপালে যদিও সুদীৰ্ঘ ৪৮ বছৰৰ পিছত ভাৰতীয় নাৰীয়ে অলিম্পকত লাভ কৰিলে প্ৰথমটো সফলতা। ২০০০ চনৰ চিডনী অলিম্পিকত ভাৰতৰ মহিলা ভাৰত্তোলক কৰ্ণম মালেশ্বৰীয়ে প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে দখল কৰিলে ৰূপৰ পদক।
ইয়াৰ পিছত ২০১২ চনত ছাইনা নেহৱাল আৰু বক্সাৰ মেৰী কমে পদক জয় কৰি পুনৰবাৰ ভাৰতীয় মহিলাক গৌৰৱান্বিত কৰিলে। সেইবাৰ অলিম্পিকত মুঠ ৬০ গৰাকী পুৰুষ খেলুৱৈ আৰু ২৩ গৰাকী মহিলা খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ ভিতৰত ৪ গৰাকী পুৰুষ খেলুৱৈ ৰেষ্টলাৰ সুশীল কুমাৰ আৰু শ্বুটাৰ বিজয় কুমৰে ৰুপৰ পদক, শ্বুটাৰ গগণ নাৰঙ্গ আৰু ৰেষ্টলাৰ যোগেশ্বৰ দত্তই ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে শ্বাটলাৰ ছাইনা নেহৱালে ব্ৰঞ্জৰ পদক আৰু মেৰী কমেও ব্ৰঞ্জৰ পদক লাভ কৰে।
২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় মহিলাই পদক লাভৰ সেই ধাৰাক ২০১৬ চনৰ ৰিঅ' অলিম্পিকত অব্যাহত ৰাখিলে পিভি সিন্ধু আৰু সাক্ষী মাল্লিকে। শ্বাটলাৰ পি ভি সিন্ধুৱে ৰূপৰ পদক আৰু ৰেষ্টলাৰ সাক্ষী মালিকে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পাছত সমগ্ৰ ভাৰতে মহিলা খেলুৱৈসকলে টকিঅ'-২০২০ত পদক লাভৰ ধাৰাবাহিকতা অব্যাহত ৰখাটো আশা কৰিছিল। সেই আশাক বাস্তৱায়িত কৰিলে তিনিগৰাকী মহিলা খেলুৱৈয়ে।
ইয়াৰোপৰি ভাৰতীম মহিলা হকী দলটোৱেও অষ্ট্ৰেলিয়াক পৰাস্ত কৰি এক ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আনহাতে ছেইলিঙত পোন প্ৰথমবাৰৰ বাবে মহিলা খেলুৱৈ নেত্ৰা কুমাননে যোগ্যতা অৰ্জন কৰি ইতিমধ্যে ইতিহাস সৃষ্টি কৰিছে। মুঠতে টকিঅ'ত এইবাৰ ভাৰতীয় খেলুৱৈৰ শক্তিশালী উপস্থিতিৰ প্ৰমাণ দাঙি ধৰিছে ভাৰতীয় মহিলা খেলুৱৈয়ে।
১৯৫২ চনৰ অলিম্পিকত ভাৰতীয় মহিলা খেলুৱৈয়ে পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি বৰ্তমানলৈকে সেই ধাৰা অব্যাহত ৰাখিছে। ক্ৰমান্বয়ে প্ৰতিবাৰেই অলিম্পিকত বৃদ্ধি পাইছে ভাৰতীয় মহিলা খেলুৱৈৰ অংশগ্ৰহণৰ সংখ্যা। লাভ কৰিছে কেইবাটাও ব্ৰঞ্জ আৰু ৰূপৰ পদক। কেৱল বাকী আছে স্বৰ্ণ পদক। এতিয়ালৈকে কোনো ভাৰতীয় মহিলা খেলুৱৈয়ে অলিম্পিকত লাভ কৰা নাই স্বৰ্ণ পদক। কিন্তু টকিঅ' অলিম্পিকতেই সেই পদকো ভাৰতীয় মহিলা খেলুৱৈয়ে লাভ কৰিব বুলি আশা কৰা হৈছে।
টকিঅ' অলিম্পিকত বহু কেইগৰাকী ভাৰতীয় মহিলা খেলুৱৈয়ে সফলতা লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও বৰ্তমানলৈকে সেই খেলুৱৈসকলৰ ভিতৰত বহু কেইগৰাকীয়ে পদক অবিহনেই অলিম্পিকৰ পৰা বিদায় লৈছে। কিন্তু তাৰ মাজতে স্বৰ্ণ পদকৰ আশা দেখুৱাইছে অসমৰ পৰা দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰা লাভলীনা বৰগোহাঁইয়ে। স্বৰ্ণ পদকক হে পদক বুলি গণ্য কৰা লাভলীনাই ইতিমধ্যে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জনৰ প্ৰৱল দাবীদাৰ হৈ পৰিছে। লাভলীনাই যদি টকিঅ'ত স্বৰ্ণ জয় কৰে তেনে ভাৰতীয় মহিলাই অলিম্পিকৰ ইতিহাসত সৃষ্টি কৰিব আন এন নতুন দিগন্তৰ। ১৯৫২ চনৰ হেলচিংকি অলিম্পিকৰ পৰা অলিম্পিকত ভাৰতীয় মহিলাৰ যি যাত্ৰা আৰম্ভ হ'ল সেই যাত্ৰাক টকিঅ' অলিম্পকত এক নতুন মাত্ৰা প্ৰদান কৰক ভাৰতীয় নাৰীয়ে। ভাৰতীয় নাৰীৰ জৰিয়তেই পুনৰ অলিম্পিকত বাজী উঠক "জন গণ মন অধিনায়ক জয় হে..।"