দেহত বয়সৰ ভৰ ! ত্ৰিৰংগা ধৰি এতিয়াও মাৰিব পাৰে লৰ…

দেহত বয়সৰ ভৰ ! ত্ৰিৰংগা ধৰি এতিয়াও মাৰিব পাৰে লৰ…

author-image
asomiyapratidin
New Update
দেহত বয়সৰ ভৰ ! ত্ৰিৰংগা ধৰি এতিয়াও মাৰিব পাৰে লৰ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

থৰক-বৰক খোজেৰে এফালে হাতত জাতীয় পতাকা আনখন হাতত লাখুটিত ভৰ দি এজন বৃদ্ধ আগবাঢ়ি আহিছে। দীঘল পদুলিটোৰে তেওঁ খোজ কাঢ়ি আহি থাকোঁতে কাষত আছিল পত্নী। বয়সৰ ভৰ আৰু চাপ দুয়োৰে দেহত পৰিছে।

কিন্তু এই দৃশ্যই ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ দেশবাসীৰেই দৃষ্টি আকৰ্ষণ কৰিছিল। দেখিলেই ভাল লগা এক নান্দনিক দৃশ্য। চৌপাশে সেউজীয়া, কাষত জেওৰাৰে বেৰা এখন ধাননী পথাৰ আৰু দূৰৈত শুকুলা মেঘে ভৰা আকাশ।

লাখুটিত ভৰ দি ককা, আইতাই ল'লে স্বাধীনতাৰ সোৱাদ…

সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত স্বাধীনতা দিৱসৰ ৭৫ বৰ্ষপূৰ্তি উদযাপন কৰা সময়ত আটাইতকৈ বেছি চৰ্চিত হৈছে এই দৃশ্য। অমিত মহোৎসৱ উদযাপন কৰাৰ সময়ত যেন এখন অমৃত সদৃশ ফটো এয়া। কিন্তু কোন এই দুইগৰাকী ককা, আইতা? কেনেকৈ ক'ত এই দৃশ্য আৰু আলোকচিত্ৰ বন্দী কৰা হৈছিল?

বঙাইগাওঁ জিলাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰৈৰ এখন গাওঁ বইতামাৰী। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'লেও সেই গাঁৱৰ আন্তঃগাথঁনি ভৱাৰ দৰে উন্নত আজিও হোৱা নাই। কিন্তু মানুহৰ মন বোৰ স্বাধীন। সেই গাঁৱৰে ৮২ বছৰীয়া বৃদ্ধ গীৰিশ চন্দ্ৰ বৰ্মন। তেওঁৰ পত্নীৰ নাম অৰুণপ্ৰিয়া বৰ্মন।

১৯৪০ চনৰ ২২ নৱেম্বৰত অৰ্থাত পৰাধীন ভাৰততেই জন্ম হৈছিল গীৰিশ চন্দ্ৰ বৰ্মনৰ। ১৯৪৭ চনত তেওঁৰ বয়স হৈছিল ৭ বছৰ ৬ মাহ। ৰিণিকি ৰিণিকি হেনো মনত পৰে সেই দিনটোৰ কথা। দেশৰ প্ৰতি তেওঁৰ আছে তীব্ৰ প্ৰেম, ভালপোৱা।

তেওঁলোক দুয়োৰ ফটো আৰু ভিডিঅ' যে ইমান ভাইৰেল হৈছে সেই খবৰ পাইনে বুলি সোধাত তেওঁ কপা কপা মাতেৰে ক'লে- 'টিভিত দেখিছো, বোৱাৰীয়ে মোবাইলতো দেখোৱাইছে। ভাল লাগিছে মোৰ।' এইদৰে মনৰ অভিব্যক্তি প্ৰকাশ কৰিছিল গিৰীশ চন্দ্ৰ বৰ্মনে।

মহাত্মা গান্ধীৰ চিতা ভস্ম তেওঁ নিচেই ওচৰৰ পৰা দেখিছিল। কংগ্ৰেছ নেতাসকলে সেই চিতা ভস্ম কঢ়িয়াই লৈ আহোঁতে ঘৰৰ আন জ্যেষ্ঠজনৰ সৈতে তেওঁ চাবলৈ গৈছিল। অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁ। ১৯৬১ চনতেই প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ নোৱাৰিলেও সেই সময়ত প্ৰৱেশিকালৈকে যোৱাটোৱেই ডাঙৰ কথা আছিল। শিক্ষকৰ চাকৰিত যোগ দিলে তেওঁ। কোকৰাঝাৰৰ ঔগুৰি এল পি স্কুলত শিক্ষক ৰূপে যোগদান কৰাৰ পাছত বিদ্যাপুৰৰ সাদৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ লয় আজিৰ পৰা প্ৰায় ২২ বছৰ আগতে।

ধৰ্ম, কৰ্মত তেওঁৰ বৰ ৰাপ। এই বয়সতো তেওঁ ৰাখে দেশৰ খবৰ। কাণেৰে অলপ কম শুনে। চকু কিন্তু মোটামুটি ঠিকেই আছে। ঘৰত এনেই এতিয়াও বহি নাথাকে। সময় পালেই বাৰীৰ হাবি, বণ উভালে। মানুহৰ সংগ তেওঁ বৰ ভাল পাই।

টিভি বৰ বেছি নাচায়। কিন্তু ৰেডিঅ' কাণত লাগি থাকে। আন নহ'লেও ৰেডিঅ'ত বাতৰি তেওঁ শুনিবই। কথাবোৰ কৈ গৈছিল তেওঁৰে সৰু বোৱাৰী হেমলতা বৰ্মনে। কাশী, বৃন্দাবন তেওঁ ঘূৰিছে। বৃহস্পতিবাৰৰ দিনা তেওঁ ঘৰতেই গীতা, ভাগৱত পাঠ কৰে। সোমবাৰৰ দিনা শিৱ চালছা পঢ়ে গীৰিশ চন্দ্ৰ বৰ্মনে।

ঘৰত এতিয়া বোৱাৰী পত্নী আৰু দুই নাতি। তিনিজনী ছোৱালী আৰু দুই পুত্ৰ সন্তান আছে তেওঁলোকৰ। ছোৱালী কেইজনী বিয়া দিলে। ডাঙৰ পুত্ৰ এতিয়াও অবিবাহিত। সৰু পুত্ৰ গৌতম চন্দ্ৰ বৰ্মন চি আৰ পি এফৰ জোৱান। বৰ্তমান আছে বেংগালুৰুত।

স্বাধীনতা দিৱসৰ ককা, আইতা বুলিলেই এই মুহূৰ্তত মনলৈ আহে তেওঁলোক দুয়োৰে ছবি। পুত্ৰ চি আৰ পি এফত কাম কৰাক লৈ তেওঁ বৰ সুখী। তেওঁলোকৰ ভিডিঅ' আৰু ফটো বেংগালুৰুতো পুত্ৰই চাইছে। দেউতাকক ফোন কৰি হেনো কৈছে- 'বাবা তই দেখোন ডেকা হৈয়ে আছ।'

সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ জৰিয়তে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত ভাইৰেল হোৱা এই ককা আইতাৰ ফটো তুলিছিল তেওঁলোকৰ ঘৰৰ কাষৰে এজন ফটোগ্ৰাফাৰে। নাম তেওঁৰ অজয় চৌধুৰী। অজয় চৌধুৰীয়ে ক'লে- তেওঁ ভাবি আছিল গীৰিশ চন্দ্ৰ বৰ্মনৰ এখন ফটো তোলাৰ কথা।

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰথমে ১৩ আগষ্টত গীৰিশ চন্দ্ৰ বৰ্মন আৰু ৭৮ বছৰীয়া অৰুণা প্ৰিয়া বৰ্মনৰ এখন ফটো তুলিছিল। ফেচবুকত সেই ফটো দি দিয়াত ভাইৰেল হৈ পৰিছিল ফটোখন। মানুহে বৰ ভাল পাইছিল এই দৃশ্য।

তাৰ পাছত ১৪ আগষ্ট দিনা হাতত ৰাষ্ট্ৰীয় পতাকা লৈ থৰক, বৰক খোজেৰে দীঘল পদুলিটোৰে খোজকাঢ়ি গৈ থকা এই ককা, আইতাৰ ভিডিঅ' কৰিছিল এই অজয়ে। সংবাদ মাধ্যমৰ লোকে সামাজিক মাধ্যমত সেই দৃশ্য ভাইৰেল হোৱাৰ পাছত সম্প্ৰচাৰ কৰিছিল।

মানুহে ভাল পোৱা বুলি জানি ককা গীৰিশ চন্দ্ৰ বৰ্মন বৰ সুখী। তেওঁ ক'লে- 'আমাৰ অজয়ে মোক আহি ক'লে জেঠা ফটো এখন তোলো। মই বোলো তোল। সি পতাকা এখন ল'বলৈ দিলে, লাখুটি মই এৰিব নোৱাৰো। পতাকাখনৰো সন্মানৰ কথা আছে। সেয়েহে সোঁহাতে পতাকাখন ধৰি বাওঁহাতে লাখুটিডাল লৈ সি কোৱাৰ দৰে আমি বুঢ়া-বুঢ়ী খোজ কাঢ়ি দিলো। '

দেশবাসীক ককা, আইতাক চিনাকী কৰাই দিয়া অজয় চৌধুৰী…

এইবাৰ স্বাধীনতাৰ দিৱস হেনো তেওঁৰ বৰ ভাল লাগিছে। বিশেষকৈ ঘৰে ঘৰে যে মানুহে পতাকা উঠাইছে সেই দৃশ্যই তেওঁক বৰ আনন্দ দিছে। এনেকৈয়ে স্বাধীনতা দিৱস মানুহৰ মাজলৈ নিব লাগে। কথা তেওঁ পাহৰা নাই। কেতিয়া, কেনেকৈ তেওঁলোকে স্বাধীনতা দিৱস উদযাপন কৰিছিল সেই কথাও জনালে।

ককা, আইতাক চাবলৈ এতিয়া ঘৰলৈ হেনো দুই-এক মানুহো আহিছে। পিছে সেইবোৰ ঠিকে-থাকিলেও দুখ অলপো তেওঁৰ আছে। গাঁৱৰ বাট-পথবোৰ এতিয়াও পকী হোৱা নাই। বাৰিষা হ'লে বোকাৰে ভৰি পৰে বাট-পথবোৰ। পানীও অলপ হয়। সেই বোৰলৈ চৰকাৰে মন-কাণ দিলে ভাল।

স্বাধীনতাৰ ৭৫ টা বছৰেই তেওঁ দেখিছে। স্বাধীনতা কি তেওঁ হৃদয়ৰে বুজে। সেয়েহে স্বতঃস্ফুট ভাৱে স্বাধীনতা দিৱসত এনেকৈয়ে তেওঁ জাতীয় পতাকাক সন্মান জনালে। ১৫ আগষ্ট ২০২২ অৰ্থাত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনা তেওঁ প্ৰথম গ'ল বইতামাৰী থানালৈ। তাতেই পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ ল'লে।

তাৰ পিছত আহিল বইতামাৰী হাইস্কুল ফিল্ডলৈ। স্বাধীনতা দিৱসৰ ৰাজহুৱা আন এক অনুষ্ঠানত অংশ লৈ ঘৰ সোমালেহি। এনেই ভাগৰ লাগে। এনেবোৰ কামত তেওঁৰ ভাগৰ-জোগৰ একো নালাগে। অৱশ্যে দেহাটোৱেহে নাটানে। ৰাষ্ট্ৰৰ প্ৰতি এই বয়সত এই সন্মান দিব পৰাকৈ তেওঁ মানসিক ভাৱে দৃঢ়।

৭৬ সংখ্যক স্বাধীনতা দিৱসৰ আইকন হৈ পৰা ককা-আইতাৰ এইয়া খবৰ। বহুতে সেই দৃশ্য দেখিছে। হাজাৰ হাজাৰ লোকে সেইবোৰ শ্বেয়াৰ, কমেণ্ট কৰিছে। কিন্তু বহুতেই নাজানে কোন এই দুই ককা, আইতা? কাৰ কেমেৰাত বন্দী হৈছিল এনে চিৰ সেউজ দৃশ্য?